ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ক’য়ৰ আৰু ক’য়ৰজাত সামগ্ৰীৰ ৰপ্তানীৰ ক্ষেত্ৰত সৰ্বকালৰ অভিলেখ ভাৰতৰ

Posted On: 15 JUL 2020 3:25PM by PIB Guwahati

য়ৰ অথবা নাৰিকলৰ আঁহ আৰু এই আঁহৰে প্ৰস্তুত কৰা সামগ্ৰীৰ ৰপ্তানীৰ ক্ষেত্ৰত সৰ্বকালৰ অভিলেখ ৰচনা কৰিছে ভাৰতে। তথ্য মতে, ২০১৯-২০বৰ্ষত ভাৰতে ২৭৫৭.৯০কোটি টকা পৰিমাণৰ কয়ৰ সামগ্ৰীৰ ৰপ্তানী কৰিবলৈ সক্ষম হৈছে। কয়ৰ সামগ্ৰীৰ ৰপ্তানীৰ ক্ষেত্ৰত এই পৰিমাণ এই পৰ্যন্ত সৰ্বাধিক বুলি চিহ্নিত হৈছে। যোৱা বছৰ অৰ্থাত ২০১৮-১৯চনত ভাৰতে ৰপ্তানী কৰিছিল ২৭২৮.০৪কোটি টকাৰ সামগ্ৰী। সেই হিচাপত এইবেলিৰ ৰপ্তানী ৩০কোটি টকা পৰিমাণে অধিক আছিল। আগৰ বছৰৰ ৯,৬৪,০৪৬মেট্ৰিক টনৰ বিপৰীতে ২০১৯-২০বিত্তীয় বৰ্ষত ভাৰতৰ কয়ৰ আৰু কয়ৰজাত সামগ্ৰীৰ ৰপ্তানীৰ মুঠ পৰিমাণ আছিল ৯,৮৮,৯৯৬মেট্ৰিক টন। ৰপ্তানী সামগ্ৰীৰ ভিতৰত কয়ৰ পিথ, টাফ্টেড মেট, কয়ৰ জিঅ-টেক্সটাইল, কয়ৰ ৰাগ আৰু কাৰ্পেট, অন্য কয়ৰজাত সামগ্ৰী, ৰচী আৰু পাৱাৰ-লুম মেট আদিৰ চাহিদা বৃদ্ধিৰ লগতে অধিক মূল্য আদায় কৰিবলৈ সক্ষম হৈছে। ইফালে, হেণ্ড-লুম মেট, কয়ৰ য়াৰ্ণ, ৰাবাৰাইজড কয়ৰ আৰু পাৱাৰ-লুম মেট-ৰ দৰে প্ৰস্তুত সামগ্ৰীৰ উত্পাদন কমাৰ বিপৰীতে অধিক মূল্য আদায় কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।

 

দেশৰ বিভিন্ন বন্দৰৰে কৰা ৰপ্তানী সামগ্ৰীৰ বিবৰণ



(Release ID: 1638883) Visitor Counter : 177