মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ডিজিটেল শিক্ষাৰ নীতি-নিৰ্দেশনা প্ৰজ্ঞতা ভাৰ্চুৱেল ধৰণৰে উন্মোচন কৰিলে কেন্দ্ৰীয় এইচআৰডি মন্ত্ৰীয়ে

ডিজিটেল/অনলাইন শিক্ষাৰ নীতি-নিৰ্দেশনাই মানদণ্ড বৃদ্ধিৰে অনলাইন শিক্ষা আগুৱাই নিয়াত ৰোডমেপ প্ৰদান কৰিবঃ শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’

নীতি-নিৰ্দেশনাত প্ৰথমৰপৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ এদিনত অনলাইন শ্ৰেণীৰ সময় আৰু সংখ্যা সীমিত কৰাৰ পৰামৰ্শ

Posted On: 14 JUL 2020 4:50PM by PIB Guwahati

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’ই আজি নতুন দিল্লীত অনলাইন মাধ্যমৰ জৰিয়তে ডিজিটেল শিক্ষাৰ নীতি-নিৰ্দেশনা প্ৰজ্ঞতা উন্মোচন কৰে। অনলাইন মাধ্যমৰ জৰিয়তেই এই কাৰ্যসূচীত মানৱ সম্পদ উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধট্ৰেয়ে অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’ই কয় যে ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহ বন্ধ ৰাখিব লগা হৈছে আৰু এই বিদ্যালয়সমূহত অন্তৰ্ভুক্ত হৈ থকা দেশৰ ২৪০ মিলিয়নৰো অধিক ছাত্ৰ-ছাত্ৰী ইয়াৰদ্বাৰা প্ৰভাৱিত হৈছে। বিদ্যালয়সমূহৰ বন্ধৰ ম্যাদ সম্প্ৰসাৰণৰ পৰিণতিত শিক্ষাগ্ৰহণৰ ক্ষতিসাধন নুই কৰিব নোৱাৰি। শ্ৰী পোখৰিয়ালে কয় যে মহামাৰীটোৰ প্ৰভাৱ প্ৰশমিত কৰিবলৈ, বিদ্যালয়সমূহে বৰ্তমানলৈকে শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ পদ্ধতি পুনৰাই আৰ্হিৰ্ভুক্ত আৰু ধাৰণা কৰাই নহয়, বৰঞ্চ ঘৰৰ পঢ়া-শুনা আৰু বিদ্যালয়ৰ পঢ়া-শুনাৰ এটা সু-সংমিশ্ৰণৰ জৰিয়তে মানদণ্ডসম্পন্ন শিক্ষা প্ৰদান কৰাৰ এটা উত্তম পদ্ধতি প্ৰৱৰ্তন কৰাটোও আৱশ্যক হৈ পৰিছে।

মন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে প্ৰজ্ঞতা নীতি-নিৰ্দেশনাখনি লকডাউনৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ঘৰতে থকা শিকাৰুসকল, ছাত্ৰ-ছাত্ৰীসকলক অনলাইন/মিশ্ৰিত/ডিজিটেল শিক্ষা প্ৰদানৰ লক্ষ্যৰে প্ৰস্তুত কৰি উলিওৱা হৈছে। তেওঁ লগতে কয় যে ডিজিটেল/অনলাইন শিক্ষাৰ এই নীতি-নিৰ্দেশনাই শিক্ষাৰ মানদণ্ড বৃদ্ধিৰ অৰ্থে অনলাইন শিক্ষা আগুৱাই নিয়াত ৰোডমেপ বা পইন্টাৰ প্ৰদান কৰিব। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই নীতি-নিৰ্দেশনাখনি বিদ্যালয়ৰ মুৰব্বী, শিক্ষক-শিক্ষয়িত্ৰী, পিতৃ-মাতৃ, শিক্ষক প্ৰশিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলকে প্ৰমুখ্য কৰি ভিন্ন পক্ষসমূহৰ কাৰণে প্ৰাসংগিক আৰু ব্যৱহাৰ উপযোগী হৈ উঠিব। এই নীতি-নিৰ্দেশনাখনিয়ে শিকাৰুৱে ডিজিটেল ডিভাইচসমূহ ব্যৱহাৰ কৰিব পৰা আৰু শিকাৰুৱে ব্যৱহাৰ সীমিত বা কৰিব নোৱাৰা উভয়ৰে অৰ্থে এনচিইআৰটিৰ বিকল্প শৈক্ষিক কেলেণ্ডাৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে।

এই প্ৰজ্ঞতা নীতি-নিৰ্দেশনাই অনলাইন/ডিজিটেল শিক্ষাগ্ৰহণৰ আঠটা স্তৰক সামৰি লৈছে, সেইকেইটা হৈছে পৰিকল্পনা- পৰ্যালোচনা- ব্যৱস্থা- তত্ত্বাৱধান- বাৰ্তালাপ- নিযুক্ত- অনুসৰণ- শলাগ। এই স্তৰকেইটাই উদাহৰণসহ ঢাপে-ঢাপে ডিজিটেল শিক্ষাৰ পৰিকল্পনা আৰু ৰূপায়ণৰ নিৰ্দেশিকা আগবঢ়ায়।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি শ্ৰী ধট্ৰেই কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা আৰু শৈক্ষিক কল্যাণ সুনিশ্চিত কৰিবলৈকে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰদ্বাৰা এই প্ৰজ্ঞতা নীতি-নিৰ্দেশনাখনি প্ৰস্তুত কৰি উলিওৱা হৈছে। তেওঁ কয় যে যদিও মহামাৰীটোৰ সময়ছোৱাত অনলাইন শিক্ষাই বহুলাংশে শূন্যস্থান পূৰণ কৰিছে তথাপিতো ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানৰ নিমিত্তে ডিজিটেল প্ৰযুক্তিসমূহ ব্যৱহাৰৰ সময়ত পৰম যত্ন লোৱাটোও আৱশ্যক হৈ পৰিছে। এই নীতি-নিৰ্দেশনাখনিয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, পিতৃ-মাতৃ, মুৰব্বী আৰু আন সকলো পক্ষকে সুৰক্ষিত অনলাইন ব্যৱহাৰ সন্দৰ্ভত শিকিবলৈ সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। শ্ৰী ধট্ৰেই তদুপৰি নিৰাপদ আৰু সুৰক্ষিত ডিজিটেল শিক্ষাগ্ৰহণ বাতাবৰণ আগবঢ়োৱা প্ৰজ্ঞতা নীতি-নিৰ্দেশনা প্ৰস্তুত কৰি উলিওৱাৰ কাৰণে মন্ত্ৰণালয়টোৰ প্ৰচেষ্টাৰ শলাগ লয়।

এই নীতি-নিৰ্দেশনাখনিয়ে তলত উল্লেখ কৰা ক্ষেত্ৰসমূহত প্ৰশাসক, বিদ্যালয়ৰ মুৰব্বী, শিক্ষক-শিক্ষয়িত্ৰী, পিতৃ-মাতৃ আৰু ছাত্ৰ-ছাত্ৰীলৈ পৰামৰ্শ আগবঢ়াইছেঃ

  • মূল্যায়নৰ প্ৰয়োজনীয়তা
  • অনলাইন আৰু ডিজিটেল শিক্ষাৰ পৰিকল্পনা কৰোতে পৰ্যায় সাপেক্ষে সময়, স্ক্ৰীণ টাইম, অংশগ্ৰহণ, স্থিৰ অনলাইন আৰু অফলাইন কাৰ্য-কলাপ ইত্যাদিৰ দৰে বিষয়সমূহত গুৰুত্ব প্ৰদান কৰিব লাগে
  • সমল নিৰ্বাচন, স্তৰ ভিত্তিক অৰ্পণ ইত্যাদিকে ধৰি মধ্যবৰ্ত্তিতাৰ প্ৰকাৰতা।
  • ডিজিটেল শিক্ষাৰ সময়ছোৱাত শাৰীৰিক, মানসিক স্বাস্থ্য আৰু সুখ-স্বাচ্ছন্দ্য
  • চাইবাৰ সুৰক্ষা বজাই ৰাখিবলৈ সতৰ্কতা আৰু ব্যৱস্থাকে ধৰি চাইবাৰ সুৰক্ষা আৰু নৈতিক অনুশীলন
  • ভিন্ন ব্যৱস্থাৰ সৈতে সহযোগিতা আৰু একত্ৰিতকৰণ

পৰামৰ্শকৃত স্ক্ৰীণ টাইম

শ্ৰেণী

পৰামৰ্শ

প্ৰাক প্ৰাথমিক

পিত-মাতৃৰ সৈতে বাৰ্তালাপ আৰু তেওঁলোকক তত্ত্বাৱধানৰ নিমিত্তে ধাৰ্য দিন এটাত, ৩০ মিনিটতকৈ অধিক নহয়।

১ ম ৰপৰা ১২ শ শ্ৰেণীলৈ

http://ncert.nic.in/aac.html ত এনচিইআৰটিৰ বিকল্প শৈক্ষিক কেলেণ্ডাৰ গ্ৰহণ/অভিযোজনাৰ পৰামৰ্শ প্ৰদান

১ ম ৰপৰা ৮ ম শ্ৰেণীলৈ

প্ৰাথমিক শ্ৰেণীসমূহৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিৰ্ধাৰণ কৰা অনলাইন ক্লাছ প্ৰতি দিনে ৩০-৪৫ মিনিটৰ দুটা ক্লাছতকৈ যেন বেছি নহয়

৯ ম ৰপৰা ১২ শ শ্ৰেণীলৈ

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰদ্বাৰা নিৰ্ধাৰণ কৰা অনলাইন ক্লাছ প্ৰতি দিনে ৩০-৪৫ মিনিটৰ চাৰিটা ক্লাছতকৈ যেন বেছি নহয়

বিদ্যালয়ৰ মুৰব্বী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকললৈ আগবঢ়োৱা এই নীতি-নিৰ্দেশনাত মূল্যায়নৰ প্ৰয়োজনীয়তা, চাইবাৰ সুৰক্ষা আৰু গোপনীয়তাৰ ব্যৱস্থাসমূহ নিশ্চিতৰে ডিজিটেল শিক্ষা ৰূপায়ণৰ পৰিকল্পনা আৰু স্তৰসমূহ সন্দৰ্ভত বিৱৰণ দাঙি ধৰা হৈছে। ই তদুপৰি বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াবলগীয়া সহায়ৰ কথাও উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰীৰ পৰ্যায় সাপেক্ষে স্ক্ৰীণ টাইমত অনলাইন আৰু অফলাইন ক্ৰিয়া-কলাপৰ সন্তুলনেই অতি প্ৰয়োজনীয় প্ৰাচল হিচাপে নীতি-নিৰ্দেশনাখনিত গুৰুত্ব প্ৰদান কৰা হয়।

নীতি-নিৰ্দেশনাখনি পিতৃ-মাতৃসকলক তেওঁলোকৰ সন্তান ঘৰত থাকোতে চাইবাৰ সুৰক্ষা ব্যৱস্থাৰ সৈতে শাৰীৰিক, মানসিক স্বাস্থ্য আৰু সুখ স্বাচ্ছন্দ্যৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বুজি পোৱাত সহায়ক হৈ উঠিব। নীতি-নিৰ্দেশনাখনিৰ প্ৰতিটো অংশতে সকলো পক্ষলৈকে শাৰীৰিক স্বাস্থ্য আৰু মানসিক সুখ স্বাচ্ছন্দ্যত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে যাৰ জৰিয়তে দীৰ্ঘসময়ৰ কাৰণে ডিজিটেল ডিভাইচসমূহ ব্যৱহাৰ কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অধিক প্ৰসাৰণ বা চাপ বা ভংগী ক্ৰুটি, চকু সংক্ৰান্তীয় সমস্যা আৰু আন শাৰীৰিক সমস্যাৰপৰা হাত সাৰিব পৰা যায়। তদুপৰি ইয়াত কৰ্মদক্ষতা আৰু চাইবাৰ সুৰক্ষা সন্দৰ্ভত যথোপযুক্তভাৱে কৰণীয় আৰু অকৰণীয়সমূহ উল্লেখ কৰা হৈছে।

এই নীতি-নিৰ্দেশনাখনিত তদুপৰি সমগ্ৰ দেশৰ বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলক লাভান্বিত কৰিবলৈ ডিজিটেল/অনলাইন/অন-এয়াৰ এডুকেশ্যন সম্পৰ্কীয় সকলোবোৰ প্ৰচেষ্টাৰ সমন্বয় সাধনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। দীক্ষা, স্বয়ম প্ৰভা, স্বয়ম মুকছ, ৰেডিঅ’ বাহিনী, শিক্ষা বাণী, বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিশেষ বিষয়বস্তুকো এই ব্যৱস্থাই সামৰি লৈছে। ভাৰতৰ দৰে বৈচিত্ৰপূৰ্ণ দেশ এখনত, ডিজিটেল পদ্ধতিৰে শিক্ষাৰ অগ্ৰগতিৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংস্থা আৰু ৰাষ্টীয় পৰ্যায়ৰ সংস্থাসমূহে ক’ভিড-১৯ৰ পৰৱৰ্তী সময়ছোৱাত পৰিৱৰ্তনৰ অৰ্থে একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তাও অপৰিসীম।

নীতি-নিৰ্দেশনাখনিৰ কাৰণে অনুগ্ৰহ কৰি লিংকটো চাওঁকঃ

mhrd.gov.in/sites/upload_files/mhrd/files/pragyata-guidelines_0.pdf

*****

NB/AKJ/AK/SB



(Release ID: 1638679) Visitor Counter : 384