প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

ভাৰতত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মহামাৰীৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনক গুগলৰ চিইঅ’ৰ প্ৰশংসা

ভাৰতত গুগলৰ বৃহৎ বিনিয়োগৰ পৰিকল্পনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীক চমুকৈ ব্যাখ্যা গুগলৰ চিইঅ’ৰ

কৃষকৰ অধিক লাভ অৰ্জনত প্ৰযুক্তিয়ে সহায় কৰিছে; কৃষিত এআইৰ সম্ভাৱনা অপাৰঃ প্ৰধানমন্ত্ৰী

অনলাইন শিক্ষাৰ সুযোগ সম্প্ৰসাৰণত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু স্থানীয় ভাষাত প্ৰযুক্তিৰ প্ৰয়োগ বৃদ্ধি সন্দৰ্ভত আলোচনা

Posted On: 13 JUL 2020 2:31PM by PIB Guwahati

আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে গুগলৰ চিইঅ শ্ৰী সুন্দৰ পিচাইৰ সৈতে ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে বাৰ্তালাপ কৰে।

শ্ৰী পিচাইয়ে কভিড-১৯ সন্দৰ্ভত সজাগতা সৃষ্টি আৰু সঠিক তথ্য আগবঢ়োৱাত সহায়ৰ অৰ্থে গুগলৰদ্বাৰা গ্ৰহণ কৰা প্ৰচেষ্টা সম্পৰ্কত প্ৰধানমন্ত্ৰীজনক চমুকৈ ব্যাখ্যা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীজনৰদ্বাৰা কাৰ্যকৰী কৰা লকডাউনৰদৰে শক্তিশালী পদক্ষেপে মহামাৰীটোৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধখনৰ স্থিতি অতিশয় সবল ৰূপত প্ৰতিষ্ঠা কৰে। মিছা তথ্যৰ বিৰুদ্ধে যুঁজখন আৰু প্ৰয়োজনীয় সতৰ্কতা সন্দৰ্ভত তথ্য যোগানৰ নিমিত্তে গুগলে পালন কৰা অতিশয় সক্ৰিয় ভূমিকাৰ শলাগ লয় প্ৰধানমন্ত্ৰীয়ে। তেওঁ তদুপৰি অনাগত সময়ত স্বাস্থ্যসেৱা প্ৰদানত প্ৰযুক্তিৰ বৰ্ধিত প্ৰয়োগ সন্দৰ্ভত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয়ই ক্ষীপ্ৰ গতিৰে প্ৰযুক্তিৰ সৈতে সমন্বয় সাধন আৰু অৱলম্বন কৰিছে। তেওঁ প্ৰযুক্তিৰ জৰিয়তে কৃষকসকল লাভান্বিত হোৱা আৰু কৃষিত এআই প্ৰয়োগৰে সম্ভাৱ্য বিস্তৃত-পৰিসৰৰ লাভালাভ সন্দৰ্ভত উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল লেবৰ ধাৰণা অন্বেষণৰে ছাত্ৰ-ছাত্ৰীৰ লগতে কৃষকসকলে ইয়াক ব্যৱহাৰ কৰিব পৰাৰ কথা সদৰী কৰে। সুন্দৰ পিচাইয়ে প্ৰধানমন্ত্ৰীক দেশখনত গুগলৰদ্বাৰা ৰূপায়ণ কৰা নতুন ব্যৱস্থা আৰু কাৰ্যকাৰিতা সন্দৰ্ভত চমুকৈ ব্যাখ্যা দাঙি ধৰে। তেওঁ গুগলৰ বানপানী পূৰ্বানুমান প্ৰচেষ্টাৰ লাভালাভকে ধৰি বেংগালুৰুত এআই গৱেষণা লেবৰ শুভাৰম্ভণি সন্দৰ্ভত ব্যক্ত কৰে।

ভাৰতত গুগলৰ বৃহৎ বিনিয়োগ ফাণ্ডৰ আৰম্ভ কৰা আৰু দেশখনৰে কৌশলগত অংশীদাৰিত্বৰ উন্নয়ন সাধনৰ পৰিকল্পনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীক চমুকৈ ব্যাখ্যা আগবঢ়োৱা হয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ মুক্ত অৰ্থনীতিৰ দেশসমূহৰ ভিতৰতে ভাৰত অন্যতম। তেওঁ তদুপৰি কৃষি সংস্কাৰৰ অৰ্থে চৰকাৰখনৰদ্বাৰা শেহতীয়াভাৱে গ্ৰহণ কৰা পদক্ষেপ আৰু পুনৰ-দক্ষতাৰ গুৰুত্বতাৰ উল্লেখৰে নতুন কৰ্মসংস্থাপন সৃষ্টিৰ অৰ্থে সজাগতা সন্দৰ্ভত ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে তথ্য সুৰক্ষা আৰু গোপনীয়তা সন্দৰ্ভত সৃষ্ট সমস্যা সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে বিশ্বাস ঘাটিৰ সেতুবন্ধনৰ উদ্দেশ্যৰে টেক কোম্পানীসমূহে প্ৰচেষ্টা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। তেওঁ তদুপৰি চাইবাৰ অপৰাধ আৰু চাইবাৰ আক্ৰমণৰ দৰে ভীতি সন্দৰ্ভতো কয়। আলোচনা কালত অনলাইন শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ অৰ্থে প্ৰযুক্তিগত সমাধান, স্থানীয় ভাষাতে প্ৰযুক্তিৰ প্ৰয়োগ, ক্ৰীড়াৰ ক্ষেত্ৰত ষ্টেডিয়াম-সদৃশ দৰ্শন অভিজ্ঞতা প্ৰদানৰ নিমিত্তে এআৰ/ভিআৰৰ ব্যৱহাৰ আৰু ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতি আদি প্ৰসংগই ঠাই পায়।

*****

VRRK/SH/SB



(Release ID: 1638426) Visitor Counter : 162