স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

আৰোগ্যৰ হাৰ ৬২.৪২%লৈ উন্নীত

১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ অধিক

মৃত্যুৰ হাৰ ২.৭২%লৈ নিম্নগামী

৩০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ নিম্ন

পোষ্ট কৰা হৈছে: 10 JUL 2020 2:53PM by PIB Guwahati

ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ হাৰ ধাৰাবাহিকভাৱে উন্নীত হৈ আছে৷ বিগত ২৪ঘণ্টাত ১৯,১৩৮গৰাকী ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বৰ্তমানলৈকে সৰ্বমুঠ ৪,৯৫,৫১৫গৰাকী লোকে আৰোগ্য লাভ কৰিছে৷ আজিৰ দিনটোত আৰোগ্যৰ ৰাষ্ট্ৰীয় হাৰ ৬২.৪২% হৈছে৷ বৰ্তমান ২,৭৬,৮৮২গৰাকী লোক চিকিৎসাধীন হৈ আছে৷

ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰা পৰ্যায়ভিত্তিক আৰু সক্ৰিয় দৃষ্টিভংগীৰ ফলতে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ পৰীক্ষাৰ জৰিয়তে ৰোগীক আগতীয়াকৈ চিনাক্তকৰণ কৰাৰ উপৰি চিকিৎসা আন্তঃগাঁথনিও দ্ৰুতগতিত বৃদ্ধি কৰি আক্ৰান্ত লোকসকলক ৰখা হৈছে৷ ইয়াৰ দ্বাৰা এফালে আৰোগ্যৰ হাৰ বৃদ্ধি কৰিছে আৰু আনফালে মৃত্যুৰ হাৰ হ্ৰাস পোৱাটো সুনিশ্চিত হৈছে৷ বৰ্তমান দেশত ১২১৮খন সমৰ্পিত ক’ভিড চিকিৎসালয়, ২৭০৫টা সমৰ্পিত ক’ভিড হেল্থকেয়াৰ চেণ্টাৰ আৰু ১০,৩০১টা ক’ভিড কেয়াৰ চেণ্টাৰ আছে৷

দেশত আৰোগ্যৰ হাৰ উৎসাহজনকভাৱে বৃ্দ্ধি পাইছে৷ ইফালে, ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় গড হাৰতকৈ অধিক হৈছে৷ সেইবোৰ হৈছেঃ

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

আৰোগ্যৰ হাৰ

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

আৰোগ্যৰ হাৰ

পশ্চিমবংগ

৬৪.৯৪%

মধ্যপ্ৰদেশ

৭৪.৮৫%

উত্তৰপ্ৰদেশ

৬৫.২৮%

হাৰিয়ানা

৭৪.৯১%

ওড়িশা

৬৬.১৩%

ত্ৰিপুৰা

৭৫.৩৪%

মিজোৰাম

৬৭.৫১%

ৰাজস্থান

৭৫.৬৫%

ঝাৰখণ্ড

৬৮.০২%

দিল্লী

৭৬.৮১%

পাঞ্জাৱ

৬৯.২৬%

চণ্ডীগড়

৭৭.০৬%

বিহাৰ

৭০.৪০%

চত্তীশগড

৭৮.৯৯%

গুজৰাট

৭০.৭২%

উত্তৰাখণ্ড

৮০.৮৫%

হিমাচলপ্ৰদেশ

৭৪.২১%

লাডাখ(কে.শা.অ)

৮৬.৭৩%

 

ভাৰতৰ ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ২.৭২%লৈ নিম্নগামী হৈছে৷ এই হাৰ বিশ্বৰ বহু দেশতকৈ নিম্ন৷

চৰকাৰে ৰাজ্যসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি দুৰাৰোগ্য ৰোগীৰ বাবে বিশেষ সাৱধানতা গ্ৰহণ কৰাৰ লগতে ক’ভিড-১৯ ৰোগীৰ বাবে চিকিৎসা সুবিধা বৃদ্ধি কৰাৰ ফলস্বৰূপে দেশত মৃত্যুৰ হাৰ হ্ৰাস পাইছে৷ তদুপৰি, দেশত আশা, এএনএম আৰু আয়ুষ্মান ভাৰতৰ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰসমূহে কাৰ্যকৰী ৰূপত কৰা কামৰ বাবেই ৩০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাষ্ট্ৰীয় মৃ্ত্যুৰ হাৰতকৈ কম হোৱা পৰিলক্ষিত হৈছে৷ সেয়া তলত উল্লেখ কৰা ধৰণৰঃ

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

মৃত্যুৰ হাৰ

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

মৃত্যুৰ হাৰ

মনিপুৰ

০%

বিহাৰ

০.৮২%

নাগালেণ্ড

০%

হিমাচলপ্ৰদেশ

০.৯৬%

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ

০%

তেলেংগানা

১.০৭%

মিজোৰাম

০%

অন্ধ্ৰপ্ৰদেশ

১.১৬%

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

০%

পুডুচেৰী

১.২২%

ছিকিম

০%

চণ্ডীগড়

১.৩৪%

ত্ৰিপুৰা

০.০৬%

তামিলনাডু

১.৩৯%

লাডাখ(কে.শা.অ)

০.০৯%

উত্তৰাখণ্ড

১.৩৯%

অসম

০.১৬%

হাৰিয়ানা

১.৪৮%

কেৰালা

০.৪১%

কৰ্ণাটক

১.৫৬%

চত্তীশগড

০.৪১%

জম্মু আৰু কাশ্মীৰ (কে.শা.অ)

১.৬২%

গোৱা

০.৪২%

মেঘালয়

১.৭৭%

ওড়িশা

০.৪৬%

ৰাজস্থান

২.১৮%

অৰুণাচলপ্ৰদেশ

০.৬৬%

পাঞ্জাৱ

২.৫৬%

ঝাৰখণ্ড

০.৭১%

উত্তৰপ্ৰদেশ

২.৬৬%

 

দেশজুৰি ‘পৰীক্ষা, চিনাক্ত, চিকিৎসা’ কৌশল অনুসৰণ কৰি বৰ্তমানলৈকে ক’ভিড-১৯ ৰোগী চিনাক্ত কৰাৰ বাবে ১,১০,২৪,৪৯১টা নমূনা পৰীক্ষা কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ২,৮৩,৬৫৯টা নমূনা পৰীক্ষা কৰা হৈছে৷

দেশত পৰীক্ষাগাৰৰ নেটৱৰ্ক শক্তিশালী কৰা হৈছে৷ ৮৩৫টা চৰকাৰী আৰু ৩৩৪টা ব্যক্তিগত পৰীক্ষাগাৰসহ মুঠ ১১৬৯টা পৰীক্ষাগাৰ দেশ আছে৷ ইয়াৰ বিৱৰণ তলত দিয়া ধৰণৰঃ

সঠিক সময়ত আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৬১৪(চৰকাৰীঃ৩৮২+ব্যক্তিগতঃ২৩২)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৪৫৮(চৰকাৰীঃ৪১৮+ব্যক্তিগতঃ৪০)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ৯৭(চৰকাৰীঃ৩৫+ব্যক্তিগতঃ৬২)

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB


(ৰিলিজ আই ডি : 1638006) অতিথি কক্ষ : 297