নৌ-পৰিবহন মন্ত্ৰালয়

ৰাজহুৱা মতামত বিচাৰি ‘নৌ পৰিবহণৰ সহায়ক বিধেয়ক ২০২০’ৰ খচৰা প্ৰকাশ কৰিলে জাহজ পৰিবহণ মন্ত্ৰালয়ে

৯০বছৰৰো অধিক কাল পুৰণা ‘লাইটহাউছ এক্ট-১৯২৭’ক প্ৰতিস্থাপিত কৰাৰ লক্ষ্য

Posted On: 10 JUL 2020 12:01PM by PIB Guwahati

চৰকাৰী কাম-কাজত সৰ্ব-সাধাৰণ ৰাইজৰ অংশগ্ৰহণ আৰু স্বচ্ছতা ৰক্ষাৰ প্ৰসংগক অধিক উত্সাহিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীক সাৰোগত কৰি কেন্দ্ৰীয় চৰকাৰৰ জাহাজ পৰিবহণ মন্ত্ৰালয়ে সাধাৰণ ৰাইজৰ লগতে সংশ্লিষ্ট পক্ষসমূহৰ পৰা দিহা-পৰামৰ্শ তথা ৰাজহুৱা মতামত বিচাৰি নৌ পৰিবহণৰ সহায়ক বিধেয়ক ২০২০ৰ খচৰা প্ৰকাশ কৰিছে।

খচৰা বিধেয়কখনৰ জৰিয়তে সামুদ্ৰিক জাহাজ পৰিবহণৰ ক্ষেত্ৰত থকা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতাসমূহ পূৰণ কৰাৰ লগতে পৃথিৱীৰ উত্কৃষ্ট অনুশীলন, প্ৰযুক্তিগত উত্তৰণসমূহ সংযুক্ত কৰিব পৰাকৈ বিধি-ব্যৱস্থা সংলগ্ন কৰি ১৯২৭ চনৰ লাইটহাউছ এক্টখন প্ৰতিষ্ঠাপিত কৰিব পৰা এক উপযুক্ত আইন প্ৰস্তুত কৰি উলিওৱাৰ প্ৰস্তাৱ উথ্থাপন কৰা হৈছে।

এই সন্দৰ্ভত মন্তব্য কৰি জাহজ পৰিবহণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱীয়াই কয় যে, ঔপনিৱেশিক কালৰ বিধি-ব্যৱস্থাক আঁতৰাই সামুদ্ৰিক জাহজ পৰিবহণ উদ্যোগ ব্যৱস্থাপনাৰ বাবে গুৰুত্বপূৰ্ণ আধুনিক আৰু সমসাময়িক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰা আইনী-ব্যৱস্থা স্থাপনৰ বাবে তেওঁৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা বিশেষ তত্পৰতাৰে এয়া এক অংশ। ৰাইজ আৰু সংশ্লিষ্ট পক্ষসমূহৰ পৰামৰ্শই আইন প্ৰস্তুতিৰ প্ৰক্ৰিয়াক বিশেষ শক্তি প্ৰাদান কৰিব বুলি অভিমত প্ৰকাশ কৰে।

খচৰা বিধেয়কখন ইতিমধ্যে লাইটহাউছ আৰু লাইটশ্বিপছ-ৰ সঞ্চালক প্ৰধানৰ ৱেবছাইট website http://www.dgll.nic.in/Content/926_3_dgll.gov.in.aspxত আপলোড কৰা হৈছে। ৰাইজে তেওঁলোকৰ দিহা-পৰামৰ্শ atonbill2020[at]gmail[dot]com অহা ২৪-০৭-২০২০ পৰ্যন্ত দাখিল কৰিব পাৰিব। 

 

****

YB/AP/JK/KB



(Release ID: 1637890) Visitor Counter : 175