প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰানসীৰ এনজিঅ’সমূহৰ প্ৰতিনিধিসকলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

Posted On: 09 JUL 2020 1:42PM by PIB Guwahati

বৰ্তমানেও অব্যাহত থকা ক’ভিড-১৯ সৃষ্ট সংকটৰ সময়ত সাহাৰ্য্য আগবঢ়াই অহা বাৰানসীৰ কেইবাটাও এনজিঅ’ৰ সৈতে ভিডিঅ’-কনফাৰেন্সৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে মত-বিনিময় কৰে।

ক’ৰোনা মহামাৰী সত্বেও আশা আৰু উদ্যমৰে উদ্বেলিত হৈ থকা পবিত্ৰ আৰু ধন্য মহানগৰ বাৰানসীৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।

শ্ৰী মোডীয়ে কয় যে সেৱা আৰু সাহসিকতাৰ ভাৱনাৰে জনসাধাৰণে কিদৰে নিৰৱচ্ছিন্নভাৱে অভাৱী লোকসকলক সাহাৰ্য্য আৰু সহায় কৰিছে সেই কথা তেওঁ প্ৰতিপল জানি আছে। তেওঁ কয় যে সংক্ৰমণ প্ৰতিহত কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ, বিভিন্ন চিকিৎসালয়, কোৱাৰেন্টাইন ব্যৱস্থাসমূহৰ অৱস্থা আৰু প্ৰব্ৰজিত শ্ৰমিকসকলৰ কল্যাণ সম্পৰ্কীয় সকলোবোৰ তথ্য তেওঁ লাভ কৰি আহিছে।

প্ৰধানমন্ত্ৰীজনে কয় যে মা অন্নপূৰ্ণা আৰু বাবা বিশ্বনাথৰ আশিসধন্য এখন মহানগৰ হিচাপে কাশীৰ কোনো লোকেই ভোকেৰে শুবলগীয়া নহয় বুলি এটা পুৰাতন বিশ্বাস আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ সকলোৰে কাৰণে এইটো ডাঙৰ সৌভাগ্য যে এই সময়ত ঈশ্বৰে আমাক দুখীয়াৰ সেৱা কৰিবলৈ এক মাধ্যম হিচাপে স্ৰজন কৰিছে।

তেওঁ কয়, পবিত্ৰ মহানগৰখনত ধৰ্মীয় বহু কাম-কাজত সাময়িকভাৱে যতি পৰা সত্বেও, বাৰানসীৰ জনসাধাৰণে ক’ৰোনাৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজখনত যে পিছ পৰি থকা নাই সেই কথা প্ৰমাণিত কৰিছে আৰু নিৰৱচ্ছিন্নভাৱে খাদ্য আৰু চিকিৎসা সেৱা যোগানৰে দুখীয়া আৰু অভাৱী লোকসকলক সহায় কৰি আহিছে। বিভিন্ন চৰকাৰী বিভাগ আৰু স্থানীয় প্ৰশাসনৰ সৈতে লগলাগি এনজিঅ’সমূহে অব্যাহত ৰখা প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এক চমু সময়ৰ ভিতৰতে খাদ্য হেল্পলাইন আৰু সামূহিক ৰন্ধনশালৰ এটা বিস্তৃত নেটৱৰ্ক গঢ়ি তোলা, হেল্পলাইন আৰম্ভ কৰা, তথ্য বিজ্ঞানৰ সহায় লোৱা, বাৰানসী স্মাৰ্ট চিটিৰ নিয়ন্ত্ৰণ আৰু আজ্ঞা কেন্দ্ৰৰ (control and command center)ৰ পূৰ্ণাংগ ব্যৱহাৰৰে প্ৰতিজন লোকৰে সকলো পৰ্য়ায়ত দুখীয়াক সহায় কৰিব পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। খাদ্য বিতৰণৰ বাবে বাহনৰ নাটনি দূৰ কৰি ডাক বিভাগে কিদৰে জিলা প্ৰশাসনক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল তেওঁ তাৰ বৰ্ণনা কৰে। সন্ত কবিৰদাসৰ উদ্ধৃতিৰে শ্ৰী মোডীয়ে কয় যে যিয়ে সেৱা কৰে তেওঁ কেতিয়াও সেৱাৰ ফল নিবিচাৰে, মাথো দিন-ৰাতি নিস্বাৰ্থভাৱে সেৱা কৰি যায়!

মোডীয়ে কয় যে জনসংখ্যা অধিক আৰু আন বহু প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত মহামাৰীটোৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতৰ সক্ষমতাৰ ওপৰত বহু বিশেষজ্ঞই প্ৰশ্ন তুলিছিল। তেওঁ কয় যে উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ সহযোগিতা আৰু কঠোৰ শ্ৰমৰ বাবেই ৰাজ্যখনৰ জনসংখ্যা ২৩-২৪ কোটি হোৱা সত্বেও সংক্ৰমণ ৰোধ কৰাটো সম্ভৱপৰ হ’ল। প্ৰথম অৱস্থাত ৰাজ্যখনত সংক্ৰমণ ৰোধ কৰিব নোৱাৰাৰ দুৰ্ভাৱনাই ভীতিগ্ৰস্ত কৰাৰ কথা তেওঁ কয়। সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে উত্তৰ প্ৰদেশত সংক্ৰমণৰ গতি এতিয়া কেৱল মাত্ৰ নিয়ন্ত্ৰিত হোৱাই নহয় বৰঞ্চ ক’ৰোনাত আক্ৰান্ত ৰাজ্যখনৰ লোকসকলেও ক্ষীপ্ৰভাৱে আৰোগ্য লাভ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে অভাৱী লোকসকলক কেন্দ্ৰীয় চৰকাৰখনে বহু সা-সুবিধা আগবঢ়াইছে আৰু এই আঁচনিসমূহৰপৰা প্ৰায় ৮০ কোটি লোক লাভান্বিত হ’ব যাক বিনামূলীয়াকৈ কেৱল ৰেচন প্ৰদান কৰাই নহয় বৰঞ্চ বিনামূলীয়াকৈ চিলিণ্ডাৰো যোগান ধৰা হ’ব।

তেওঁ কয় যে ভাৰতৰ জনসংখ্যা আমেৰিকাৰ দুগুণ হোৱা সত্বেও তেওঁলোকৰপৰা টকা এটা নোলোৱাকৈয়ে সহায় কৰি থকা গৈছে। এই পৰিকল্পনা নৱেম্বৰৰ শেষলৈকে অৰ্থাৎ দীপাৱলী আৰু চট পূজালৈকে সম্প্ৰসাৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰানসীৰ বয়নশিল্পীকে প্ৰমুখ্য কৰি কাৰিকৰ তথা ব্যৱসায়ীসকলে মুখামুখি হোৱা অসচ্ছলতা লাঘৱ কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৮০০০ কোটি টকা ব্যয় সাপেক্ষে ভিন্ন আন্তঃগাঁথনি নিৰ্মাণ আৰু আন প্ৰকল্প স্থাপনৰ কাম ক্ষীপ্ৰ গতিৰে ৰূপায়ণ কৰা হ’ব।

***

VRRK/AK/SB



(Release ID: 1637637) Visitor Counter : 182