কৃষি মন্ত্ৰালয়
শেহতীয়া কৃষি সংস্কাৰৰ পাছত কৃষকক এতিয়া বাধাহীন বেপাৰ আৰু কৃষি সামগ্ৰীৰ বাবে লাভজনক মূল্য প্ৰদানৰ আশ্বাস কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰৰ
বাডাউনৰ ডাটাগঞ্জত কেভিকেৰ প্ৰশাসনীয় ভৱনৰ আধাৰশিলা স্থাপন কৰি কৃষিৰ অগ্ৰগতিত কৃষি বিজ্ঞান কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত মত ব্যক্ত কৰে শ্ৰী তোমৰে
পোষ্ট কৰা হৈছে:
07 JUL 2020 5:03PM by PIB Guwahati
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে আজি কয় যে কৃষকক তেওঁলোকৰ উত্পাদনৰ বাবে লাভজনক মূল্য দিয়াৰ নিশ্চিতি প্ৰদানৰ বাবে চৰকাৰে সকলোধৰণৰ সম্ভাব্য পদক্ষেপ গ্ৰহণ কৰিছে। উত্তৰ প্ৰদেশৰ বাডাউনৰ ডাটাগঞ্জত নিৰ্মাণ হবলগীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা ভিডিঅ কনফাৰেঞ্চিঙৰ জৰিয়তে স্থাপন কৰি শ্ৰী তোমৰে কয় যে কৃষি খণ্ডত দুখন নতুন অধ্যাদেশ আৰু অন্য আইনী সংস্কাৰ কাৰ্যকৰী হোৱাৰ পাছত কৃষকসকলে এতিয়া দেশৰ যিকোনো স্থানতে তেওঁলোকৰ সামগ্ৰী লাভজনক মূল্যত বিক্ৰী কৰিব পাৰিব আৰু তেওঁলোকৰ ওপৰত থকা সকলোধৰণৰ বাধা-নিষেধ উঠাই লোৱা হৈছে। কৃষিজাত সামগ্ৰী ক্ৰয়ত ব্যৱসায়ীৰ সৈতে হোৱা চুক্তিৰ লগতে কৃষকসকলে এতিয়া তেওঁলোকৰ উত্পাদন মূল্য নিশ্চিতভাৱে আগতীয়াকৈ লাভ কৰাত দ্য ফাৰমাৰ্ছ (এমপাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্বন) এগ্ৰিমেণ্ট অন প্ৰাইচ এছিউৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচেজ অৰ্ডিনেন্স ২০২০ সহায়ক হব।
কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কৃষি আৰু আন খণ্ডৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। দেশ এতিয়া খাদ্য শস্য উত্পাদনত স্ব-নিৰ্ভৰশীলেই নহয়, অতিৰিক্ত খাদ্য শস্য উত্পাদন হয় দেশত। দেশত ৮৬শতাংশ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আছে সকলোধৰণৰ চৰকাৰী আঁচনি আৰু সুবিধা লাভ কৰা উচিত। এইসমূহ নিশ্চিত কৰাৰ ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বিজ্ঞানীসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কৃষকসকলে যাতে মাটিৰ স্বাস্থ্য পৰীক্ষা কৰাত গুৰুত্ব দিয়ে, অতিমাত্ৰা সাৰ প্ৰয়োগৰ পৰা বিৰত থাকে, জলসিঞ্চনত পানী ৰক্ষা কৰে আৰু তেওঁলোকৰ কৃষি উত্পাদন বৃদ্ধি কৰে সেয়া নিশ্চিত কৰাৰ ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ কয় যে সংঘবদ্ধভাৱে কৃষিকৰ্ম আৰু উন্নত কৃষিকৰ্মৰ ক্ষেত্ৰত এই কেন্দ্ৰসমূহৰ প্ৰধান ভূমিকা আছে।
শ্ৰী তোমৰে কয় যে উত্তৰ প্ৰদেশত ৮৬টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে যিয়ে প্ৰশংসনীয় কাম কৰি আছে। ৰাজ্যখনত ২০টা নতুন কৃষি বিজ্ঞান কেন্দ্ৰ খোলাৰ অনুমতি দিয়া হৈছে, ইয়াৰে ১৭টা ইতিমধ্যে কাম কৰি আছে। বাকী ৩টা প্ৰয়াগৰাজ, ৰায় বেৰেলী আৰু আজমগড়ত অতি শীঘ্ৰে মুকলি কৰা হব। আন এটা কৃষি বিজ্ঞান কেন্দ্ৰ মোৰাদাবাদত স্থাপনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা গৈছে।
কৃষি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী কৈলাশ চোধুৰী, উত্তৰ প্ৰদেশৰ মন্ত্ৰী আৰু বিধায়কসকল, আইচিএআৰৰ সঞ্চালক প্ৰধান ডঃ ত্ৰিলোচন মহাপাত্ৰ, আইএআৰআইৰ সঞ্চালক, ডঃ এ কে সিং, চৰ্দাৰ পেটেল কৃষি বিশ্ববিদ্যালয়,মীৰাটৰ উপাচাৰ্য ডঃ আৰ কে মিট্টলকে ধৰি আন বিষয়াবৰ্গ আৰু বিজ্ঞানীসকল ভিডিঅ কনফাৰেঞ্চত উপস্থিত আছিল। ভিডিঅ কনফাৰেঞ্চত অৱগত কৰা হয় যে দেশত ৭২০টা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ১৫১ খন ক্লাইমেট স্মাৰ্ট গাঁও আছে যিয়ে বিভিন্ন পৰিস্থিতিত কাৰিকৰী আৰ্হি প্ৰদৰ্শন কৰে। কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰতি বছৰে প্ৰায় ১৫ লাখ কৃষক আৰু যুৱককো প্ৰশিক্ষণ দি আহিছে।
**************************************
APS/SG/KG
(ৰিলিজ আই ডি : 1637166)
অতিথি কক্ষ : 255
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam