PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 07 JUL 2020 6:24PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যসমূহঃ সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা কম; প্ৰায় ৪.৪ লাখ লোকে আৰোগ্য লাভ কৰিছে, সক্ৰিয় ৰোগীতকৈ আৰোগ্য হোৱা ৰোগীৰ সংখ্যাৰ ব্যৱধান হ’ল ১.৮ লাখ; ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হ’ল ৬১%

৬ জুলাই ২০২০ তাৰিখৰ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিস্থিতি প্ৰতিবেদন ১৬৮ত ভাৰতত বিশ্বৰ ভিতৰতে প্ৰতি লাখ জনসংখ্যাত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা সবাতোকৈ কম দেখুৱাইছে৷ প্ৰতি মিলিয়ন লোকত ভাৰতত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৫০৫.৩৭ হোৱাৰ বিপৰীতে বিশ্বজনীন পৰ্যায়ত ১৪৫৩.২৫ দেখুৱাইছে৷

WhatsApp Image 2020-07-07 at 13.33.41.jpeg

WhatsApp Image 2020-07-07 at 13.24.01.jpeg

আজিৰ তাৰিখ পৰ্যন্ত সক্ৰিয় ৰোগীতকৈ ক’ভিড-১৯ৰ পৰা আৰোগ্য হোৱা ৰোগীৰ ব্যৱধান ১,৮০,৩৯০ জন অধিক হৈছে৷ আৰোগ্যৰ হাৰ হৈছে ৬১.১৩%৷ বৰ্তমানে ২,৫৯,৫৫৭ জন লোক চিকিৎসাধীন অৱস্থাত আছে৷ বিগত ২৪ ঘণ্টাত ২,৪১,৪৩০ টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

গৃহ মন্ত্ৰালয়ে বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে

গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা কেন্দ্ৰীয় উচ্চ শিক্ষা সচিবলৈ কালি এখন পত্ৰ প্ৰেৰণ কৰা হয় য’ত বিশ্ববিদ্যালয় আৰু অন্যান্য শৈক্ষিত প্ৰতিষ্ঠানসমূহত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে মুকলি কৰিলে পৰীক্ষা আৰু শৈক্ষিক কেলেণ্ডাৰৰ ববে ইউজিচিৰ সংশোধিত নিৰ্দেশনাৱলী

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ আজি ভাৰ্চুৱেলী পৰীক্ষাৰ ইউজিচিৰ সংশোধিত নিৰ্দেশনাৱলী আৰু শৈক্ষিক কেলেণ্ডাৰ মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

‘‘মহামাৰীয়ে আমাক স্তব্ধ কৰিব নোৱাৰে’’: ছুইডেনৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে ডাঃ হৰ্ষ ৱৰ্ধনে দ্বিপাক্ষিক স্বাস্থ্য সহযোগিতা সন্দৰ্ভত আলোচনা কৰিছে

 ছুইডেনৰ স্বাস্থ্য আৰু সামাজিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী লেনা হেলেগ্ৰেনে আজি ডিজিটেল মাধ্যমৰ জৰিয়তে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনৰ সৈতে স্বাস্থ্য আৰু ঔষধ সন্দৰ্ভত দ্বিপাক্ষিক সহযোগিতামূলক বৈঠকত মিলিত হয়৷

অধিক বিৱৰণৰ বাবে

গংগা নদীৰ পুনৰুজ্জীৱিতকৰণৰ বাবে বিশ্ব বেংকে প্ৰদান কৰিছে ৪০০ মিলিয়ন ডলাৰৰ সাহায্য

বিশ্ব বেংক আৰু ভাৰত চৰকাৰে আজি নমামি গংগে প্ৰকল্পৰ বাবে এক ঋণ চুক্তিত স্বাক্ষৰিত কৰে৷ ইয়াৰ জৰিয়তে গংগা নদীৰ পুনৰুজ্জীৱিতকৰণ বাবে ৪০০ মিলিয়ন ডলাৰ ব্যয় কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে

নেচনেল মেডিচিনেল প্লাণ্ট ব’ৰ্ড আৰু আইচিএআৰ-নেচনেল ব্যুৰ’ অব্ প্লাণ্ট জেনেটিক ৰিচ’ৰ্ছৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ উত্তৰ প্ৰদেশৰ চৰকাৰৰ সৈতে বিএছআইপিৰ সহযোগিতা

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত বীৰবল ছাহনি ইন্সটিটিউট অব্ পেলেঅ’ ছাইন্সেছে (বিএছআইপি) ভাৰত চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ চৰকাৰৰ সহযোগিতাত ক’ভিডক পৰাভূত কৰিবলৈ যুদ্ধত অৱতীৰ্ণ হৈছে৷

অধিক বিৱৰণৰ বাবে

স্বাস্থ্য ক্ষেত্ৰত বিশ্ব বেংক আৰু ইয়াৰ উচ্চস্তৰীয় গোটৰ সৈতে ১৫তম বিত্তীয় আয়োগৰ বৈঠক

১৫তম বিত্তীয় আয়োগৰ অধ্যক্ষই কয় যে প্ৰথমবাৰলৈ তেওঁলোকে স্বাস্থ্য খণ্ডৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাব

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ প্ৰশাসনে বাহিৰৰ পৰা অহা লোকৰ অনুসৰণ আৰু নিৰীক্ষণত অধিক গুৰুত্ব প্ৰদান কৰিছে৷
  • পাঞ্জাৱঃ যাত্ৰীসকলৰ ই-পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে৷
  • হাৰিয়ানাঃ ৰিয়েল ইষ্টেট উদ্যোগখণ্ডক সকাহ প্ৰদান কৰি ৰাজ্য চৰকাৰে ১ মাৰ্চ ২০২০ তাৰিখৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২০ তাৰিখলৈ অনুপালন তথা সুতৰ পৰিশোধ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ৰ মাজতো ৰাজ্যখনৰ ফাৰ্মা উদ্যোগসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে৷
  • কেৰালাঃ মুঠ ২২৫২ জন ৰোগীয়ে চিকিৎসা লাভ কৰি আছে৷ আৰু ১.৮৩ লাখ লোক কোৱাৰেণ্টিনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,১৪,৯৭৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৬,৮৩৩ জন, ১৭৫১ জনৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫,৩১৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৩৮৩ জন৷ ৪০১ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২১,১৯৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,২০০ জন৷ মৃত্যু হৈছে ২৫২ জনৰ৷ ৯৭৪৫ জনে আৰোগ্য লাভ কৰিছে৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫,৭৩৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,৬৪৬ জন৷ ৩০৬ জনৰ মৃত্যু হৈছে আৰু ১৪,৭৮১ জনক মুকলি কৰি দিয়া হৈছে৷
  • অসমঃ ২৫০ জনতকৈও অধিক অসম আৰক্ষী ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে  আৰু ইয়াৰে ৮০ শতাংশই হ’ল গুৱাহাটীৰ৷ এই তথ্য টুইটাৰত প্ৰকাশ কৰিছে ডিজিপি শ্ৰী ভাস্কৰজ্যোতি মহন্তই৷
  • মণিপুৰঃ লকডাউন উলংঘাকাৰীৰ পৰা মুঠ ৫৭,৫০০ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে৷
  • মিজোৰামঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫৮জন৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৩৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৯৩ জন৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,১১,৯৮৭ জন৷ ৩৫২২ জন ৰোগীয়ে সোমবাৰে আৰোগ্য লাভ কৰিছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৬,৮৫৮ জন৷ ১৯৬২ জন লোকৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০,৯২২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৯৪৯ জন৷  ১৬,৩২০ জন লোকে আৰোগ্য লাভ কৰিছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৫,২৮৪ জন৷ ১১,৫৭৯ জনে আৰোগ্য লাভ কৰিছে৷

ফেক্ট চেক

A stamp with the words factually incorrect on a  report published by The Wire which claims that ncpcr has seen 8 fold increase in complaints post outbreak



(Release ID: 1637105) Visitor Counter : 187