আয়ুষ

‘ৰাষ্ট্ৰীয় বনৌষধি ব’ৰ্ড; আৰু ‘আইচিএআৰ’-‘নেশ্যনেল ব্যুৰো অব প্লাণ্ট জেনেটিক ৰিছ’ৰ্চেছ’ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

নিৰাপদে-মিতব্যয়িতাৰে সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিব পৰাকৈ দীৰ্ঘকালীন ভিত্তিত ‘জাৰ্মপ্লাজম’ৰ সংৰক্ষণৰ বাবে আন্তঃমন্ত্ৰালয় সহযোগিতাৰ পদক্ষেপ

Posted On: 07 JUL 2020 2:43PM by PIB Guwahati

আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় বনৌষধি বৰ্ড(এনএমপিবি) আৰু কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ অধীনস্থ আইচিএআৰ-নেশ্যনেল ব্যুৰো অব প্লাণ্ট জেনেটিক ৰিছৰ্চেছ(এনবিপিজিআৰ)-য়ে যোৱা ৬জুলাই ২০২০ত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। এই চুক্তিৰ আধাৰত আইচিএআৰ-এনবিপিজিআৰ-য়ে নিৰ্দ্ধাৰিত কৰি দিয়া স্থানত বনৌষধি আৰু সুগন্ধীযুক্ত গছৰ বংশতাত্বিক সমলসমূহ(এমএপিজিআৰ)ৰ সংৰক্ষণৰ দিহা কৰা হব। সমলৰ এই সংগ্ৰহৰ দীৰ্ঘকালীন সংৰক্ষণ ৰাষ্ট্ৰীয় জীন বেংকত (স্থানৰ উপলব্ধতাৰ ভিত্তিত) অথবা মধ্যকালীন সংৰক্ষণ আঞ্চলিক কেন্দ্ৰত কৰা হব। সেইদৰে এনএমপিবি-ৰ কৰ্মগোট সমূহৰ বাবে গছৰ জাৰ্মপ্লাজম সংৰক্ষণ-পদ্ধতি সম্পৰ্কীয় ব্যৱহাৰিক প্ৰশিক্ষণ আহৰণৰো ব্যৱস্থা কৰা হব।

নিৰাপদে আৰু মিতব্যয়িতাৰে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মসমূহৰ সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিব পৰাকৈ দীৰ্ঘকালীন ভিত্তিত ‘জাৰ্মপ্লাজম’ৰ সংৰক্ষণৰ  বাবে ‘এনএমপিবি আৰু আইচিএআৰ-এনবিপিজিআৰ উভয়ে প্ৰতিশ্ৰুতিবদ্ধ। ‘আইচিএআৰ’-ৰ হৈ দুই কৰ্তৃত্বপ্ৰাপক প্ৰতিষ্ঠান ‘এনএমপিবি আৰু আইচিএআৰ-এনবিপিজিআৰ-য়ে  এমএপিজিআৰ-ৰ বীজ সংৰক্ষণ সম্পৰ্কীয় বিধি-ব্যৱস্থা সম্পৰ্কীয় বিস্তৃত আৰ্হি প্ৰস্তুত কৰাৰ লগতে সংশ্লিষ্ট সংস্থাসমূহক সময়ে সময়ে কামৰ অগ্ৰগতিৰ খটিয়ান দাঙি ধৰিব।

বনৌষধিসমূহক পৰম্পৰাগত ঔষধৰ চহকী উপাদান হিচাপে গণ্য কৰা হয় আৰু বহু সহস্ৰ বছৰ ধৰি জনস্বাস্থ্য আৰু চিকিত্সাসেৱাত এইসমূহ বনৌষধিৰ বহুল ব্যৱহাৰ কৰি অহা হৈছে। ভাৰতত ভিন্ন প্ৰজাতিৰ বনৌষধিৰ বিশাল ভাণ্ডাৰ আছে। পিচে শেহতীয়া সময়ত সম্পাদিত হোৱা বিভিন্ন উন্নয়নমূলক কৰ্ম-কাণ্ডৰ পৰিণতিত এইসমূহ আপুৰুগীয়া বনৌষধি উত্পন্ন হোৱা স্থানসমূহ ক্ষতিগ্ৰস্থ হবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিততে এই সমূহ প্ৰকৃতিক সম্পদৰ সংৰক্ষণৰ প্ৰাসংগিকতা অপৰিহাৰ্য হৈ উঠিছে। 

***

 

MV/SK/KB



(Release ID: 1637041) Visitor Counter : 168