গৃহ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ক’ভিড-১৯ৰ বাবে এক একক কৌশলৰ লক্ষ্যৰে দিল্লী, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ

এনচিআৰত সংক্ৰমণৰ হাৰ হ্ৰাস কৰিবলৈ ৰেপিড এণ্টিজেন টেষ্টত গুৰুত্ব আৰোপৰ প্ৰযোজনীয়তাত জোৰ দিয়ে শ্ৰী অমিত শ্বাহে

Posted On: 02 JUL 2020 8:16PM by PIB Guwahati

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ক’ভিড-১৯ৰ বাবে এক একক কৌশলৰ লক্ষ্যৰে দিল্লী, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আজি এক বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ৷

এনচিআৰত সংক্ৰমণৰ হাৰ হ্ৰাস কৰিবলৈ ৰেপিড এণ্টিজেন টেষ্টত গুৰুত্ব আৰোপৰ প্ৰযোজনীয়তাত তেওঁ জোৰ দিয়ে৷ গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ মতে ৰেপিড টেষ্ট সম্পন্ন কৰিলে সংক্ৰমণৰ হাৰ ১০শতাংশ তললৈ অহাত সহায় কৰিব৷ অমিত শ্বাহে কয় যে এই কিটসমূহৰ জৰিয়তে ৯০শতাংশ স্ক্ৰিনিং কৰাটো সম্ভৱ৷ উত্তৰপ্ৰদেশ আৰু হাৰিয়ানা চৰকাৰক কেন্দ্ৰীয় চৰকাৰে এই কিটসমূহ যোগান ধৰিব পাৰে৷ দুখীয়া আৰু অভাৱগ্ৰস্ত লোকসকলক জীৱন ৰক্ষাৰ মানৱীয় দৃষ্টিভংগীৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত জোৰ দিছে, যাতে সোনকালে এনে লোকক চিকিসালয়ত ভৰ্তি কৰি মৃত্যুৰ হাৰ হ্ৰাস কৰিব পৰা যায়৷ এনচিআৰত ক’ভিড-১৯ৰ মেপিঙৰ বাবে আৰোগ্য সেতু এপ আৰু ইতিহাস এপৰ ব্যাপক ব্যৱহাৰতো গুৰুত্ব আৰোপ কৰে৷

তেওঁ দিল্লী এইমছৰ টেলিমেডিচিনৰ পৰামৰ্শ আৰ্হি দিল্লীৰ ক’ভিড ৰোগীৰ দৰে উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাকো ব্যৱহাৰ কৰিবলৈ কয়৷ নিটী আয়োগৰ সদস্য ড০ ভি. কে. পালে এনচিআৰত ক’ভিড-১৯ নিয়ন্ত্ৰণ কৌশলৰ এক উপস্থাপনো আগবঢ়ায়৷

বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্ৰাৰ. দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰী অৰৱিন্দ কেজৰিৱালৰে ধৰি ভাৰত চৰকাৰ, উত্তৰপ্ৰদেশ, হাৰিয়ানা আৰু দিল্লী চৰকাৰৰ একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

*****

NW/RK/PK/DDD/AD/DB



(Release ID: 1636784) Visitor Counter : 217