প্ৰতিৰক্ষা মন্ত্ৰালয়

লেহৰ জেনেৰেল হাস্পতালত উপলব্ধ সুবিধা সন্দৰ্ভত স্পষ্টীকৰণ দিলে ভাৰতীয় সেনাই

Posted On: 04 JUL 2020 1:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ০৩ জুলাই,২০২০ত চিকিত্সাধীন সৈনিকৰ বুজ লবলৈ যোৱা লেহৰ জেনেৰেল হাস্পতালত উপলব্ধ সুবিধা সন্দৰ্ভত একাংশ লোকে বিদ্বেষপূৰ্ণ আৰু কোনোধৰণৰ প্ৰমাণ নোহোৱা অভিযোগ উত্থাপন কৰিছে।

 

এই সন্দৰ্ভত সেনাৰ ফালৰ পৰা দিয়া স্পষ্টীকৰণত কোৱা হৈছে যে কি ধৰণে বীৰ সৈনিকসকলক সুবিধা প্ৰদান কৰা হয় তাক লৈ আশংকা প্ৰকাশ কৰাটো অতি দুৰ্ভাগ্যজনক কথা। সেনা বাহিনীয়ে তেওঁলোকৰ সৈনিকক সম্ভাব্য উত্তম চিকিত্সা আগবঢ়াব।

 

এইটো স্পষ্ট কৰি দিয়া হয় যে জেনেৰেল হাস্পতালত আগবঢ়াই থকা সুবিধাসমূহ ১০০খন বিছনাৰ সংকট সম্প্ৰসাৰণ ক্ষমতাৰ অংশ আৰু সম্পূৰ্ণভাৱে জেনেৰেল হাস্পতালৰ পৰিসৰতে আছে।

 

কভিড-১৯ প্ৰটকলে জেনেৰেল হাস্পতালৰ কিছু সংখ্যক ৱাৰ্ড আইচোলেশ্যন সুবিধাযুক্ত ৱাৰ্ডলৈ পৰিৱৰ্তন কৰাবলৈ বাধ্য কৰাইছে। সেয়ে, হাস্পতালখনক কভিড চিকিত্সা হাস্পতাল হিচাপে ৰূপান্তৰ কৰাৰ পাছত এই হলটো যিটো সাধাৰণতে ট্ৰেইনিং অডিঅ ভিডিঅ হল হিচাপে ব্যৱহাৰ কৰা হয় তাক এটা ৱাৰ্ডলৈ পৰিৱৰ্তিত কৰা গৈছে।

 

কভিড প্ৰভাৱিত অঞ্চলৰ পৰা অহাৰ পাছত কোৱাৰেণ্টিনত ৰখাৰ আৱশ্যকতাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি গালৱানৰ পৰা ওভতা আহত বীৰ সৈনিকসকলক এই হলটোত ৰখা গৈছে। সেনাপ্ৰধান জেনেৰেল এম এম নাৰৱাণে আৰু সেনাৰ কমাণ্ডাৰেও কিছুদিন পূৰ্বে একেই স্থানতে আহত সৈনিকসকলৰ বুজ লৈ গৈছিল।

 ****

ABB/Nampi/KA/Savvy/ADA/KG



(Release ID: 1636516) Visitor Counter : 196