প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ধৰ্ম চক্ৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 04 JUL 2020 10:43AM by PIB Guwahati

মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দ জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল,

অশ্বধ পূৰ্ণিমাৰ শুভেচ্ছা জনাই মই মোৰ ভাষণ আৰম্ভ কৰিছো৷ ইয়াক গুৰু পূৰ্ণিমা হিচাপেও জনাজাত৷ এই দিনটো আমাৰ গুৰসকলক স্মৰণ কৰাৰ দিন, যিসকলে আমাক জ্ঞান দিছিল৷ এই ভাৱনাৰে আমি ভগৱান বু্দ্ধৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো৷

মই সুখী যে মংগোলীয়া কাঞ্জুৰ গ্ৰন্থসমূহ মংগোলীয়া চৰকাৰক প্ৰদান কৰিছে৷ মংগোলীয়া কাঞ্জুৰক মংগোলীয়াত ব্যাপক সন্মান কৰে৷ অধিকাংশ বৌদ্ধ মন্দিৰত এই গ্ৰন্থখন আছে৷

বন্ধুসকল, ভগৱান বুদ্ধৰ অষ্টপথে সমাজ আৰু ৰাষ্ট্ৰ কল্যান পথ প্ৰদৰ্শন কৰে৷ ই ধৈৰ্য আৰু কৰুণা গুৰুত্বক আলোকপাত কৰে৷ ভগৱান বুদ্ধৰ শিক্ষা চেতনা আৰু কাৰ্য দুয়োটাতে সৰলতাক উদযাপন কৰে৷ বৌদ্ধধৰ্মই সন্মানৰ শিক্ষা দিয়ে৷ মানুহৰ প্ৰতি সন্মান, দুখীয়াৰ প্ৰতি সন্মান, শান্তি আৰু অহিংসাৰ প্ৰতি সন্মান৷ সেইবাৰে বৌদ্ধ ধৰ্মৰ শিক্ষা মানেই এক বহনক্ষম পৃথিৱীৰ উপায়৷

বন্ধুসকল, তেওঁৰ সাৰনাথৰ প্ৰথম বক্তৃতা আৰু তাৰ পাছৰ শিক্ষাত ভগৱান বুদ্ধই দুটা দিশৰ কথা কৈছে-আশা আৰু উদ্দেশ্য৷ তেওঁ এই দুটাৰ মাজত এক শক্তিশালী যোগসুত্ৰ দেখুৱাইছে৷ আশাৰ পৰা উদ্দেশ্যৰ এক ভাৱনা জাগ্ৰত হয়৷ ভগৱান বুদ্ধৰ বাবে এয়া আছিল মানুহৰ যাতনা নিৰ্মূলকৰণ৷ আমি এনে আশা জগাৱ লাগিব, যাতে আমি যিকোনো কামেই কৰিবলৈ সক্ষম৷

বন্ধুসকল, ২১শতিকাক লৈ মই বহু আশাবাদী৷ এই আশা মোৰ তৰুণ বন্ধুবৰ্গ-আমাৰ যুৱ প্ৰজন্মৰ পৰা আহিছে৷ যদি আপুনি কেনেকৈ আশা, উদ্ভাৱন আৰু ধৈৰ্যই যাতনা নিৰ্মূল কৰে তাৰ উদাহৰণ চাব বিচাৰে, তেন্তে সেয়াই হৈছে আমাৰ ষ্টাৰ্ট আপ খণ্ড৷ য’ত উজ্জ্বল তৰুণ মনে বিশ্বজনীন সমস্যাৰ সমাধান বিচাৰি পায়৷ ভাৰত সৰ্বাধিক ষ্টাৰ্ট আপ ইক’ছিষ্টেম আছে৷

মই তৰুণ বন্ধুসকলক ভগৱান বুদ্ধৰ চিন্তাধাৰা সৈতে যোগসুত্ৰ স্থাপনৰ আহ্বান জনাইছো৷ সেইবোৰে আপোনাক আগুৱাই যোৱাত প্ৰেৰণা যোগাব৷ একেসময়তে সেইবোৰে আপোনাক প্ৰশান্তি দিব আৰু আনন্দিত কৰি তুলিব৷ দৰাচলতে, ভগৱান বুদ্ধৰ শিক্ষা- अप्प: दीपो भव:, নিজৰ মনক জগাই তোলোটোৱেই এক অভূতপূৰ্ব শিক্ষা৷

বন্ধুসকল,

বৰ্তমান বিশ্বত এক বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ এই প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত অন্তিম সমাধানটো আহে ভগৱান বুদ্ধৰ আদৰ্শৰ পৰা৷ সেইবোৰ অতীততো প্ৰাসংগিক আছিল, বৰ্তমানো প্ৰাসংগিক আৰু ভৱিষ্যতেও প্ৰাসংগিক হৈ থাকিব৷

বন্ধুসকল,

বৌদ্ধৰ ঐতিহ্যপূৰ্ণ স্থানসমূহৰ সৈতে অধিক লোকক সম্পৰ্ক স্থাপন কৰাৰ সময় এয়া৷ আমাৰ ভাৰততো এনে বহু স্থান আছে৷ আপোনালোকে জানে নে জনসাধাৰণে মোৰ সংসদীয় সমষ্টি বাৰাণসীক কি বুলি জানে? সাৰনাথ গৃহৰ দৰে৷ আমি বৌদ্ধপীঠৰ স্থানসমূহৰ সৈতে যোগাযোগ স্থাপনত গুৰুত্ব আৰোপ কৰিছো৷ কিছুদিন পূৰ্বে ভাৰতীয় কেবিনেটে কুশীনগৰ বিমানবন্দৰক এক আন্তঃৰাষ্ট্ৰীয় বন্দৰ হিচাপে ঘোষণা কৰিছে৷ এই ব্যৱস্থাই বহু লোক, তীৰ্থযাত্ৰী আৰু পৰ্যটকক আকৰ্ষিত কৰিব৷ ইয়াৰ জৰিয়তে বহুলোকক উপাৰ্জনৰ সূযোগ প্ৰদান কৰিব৷

ভাৰতে আপোনালোকৰ বাবে অপেক্ষা কৰি আছে!

বন্ধুসকল,

মই সকলোকে শুভেচ্ছা জনাইছো৷ ভগৱান বুদ্ধৰ চিন্তাধাৰাই উজ্জ্বলতা, একতা আৰু ভাতৃত্ববোধ জগাই তোলক৷ তেওঁৰ আশীষে আমাক ভাল কাম কৰিবলৈ প্ৰেৰণা যোগাওক৷

ধন্যবাদ, বহুত বহুত ধন্যবাদ৷

***

VRRK/KP/DB



(Release ID: 1636360) Visitor Counter : 178