স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ সন্দৰ্ভত শেহতীয়া তথ্য

আৰোগ্যৰ হাৰ ৬০%ৰ অতিক্ৰম

দৈনিক আৰোগ্যৰ হাৰৰ ক্ষিপ্ৰ বৃদ্ধি; বিগত ২৪ ঘণ্টাত ২০,০৩৩গৰাকী ৰোগী আৰোগ্য

আক্ৰান্ততকৈ আৰোগ্যৰ সংখ্যা ১.৫লাখতকৈ অধিক হ’ল

‘পৰীক্ষা, চিনাক্ত, চিকিৎসা’ কৌশল অনুসৰণ কৰক, বিগত ২৪ ঘণ্টাত ২.৪লাখ পৰীক্ষা সম্পন্ন কৰা হয়

Posted On: 03 JUL 2020 4:34PM by PIB Guwahati

কেবিনেট সচিবে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ক’ভিড-১৯ মোকাবিলা কৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ত বৈঠকত মিলিত হয়৷

ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ হাৰ ৬০% অতিক্ৰম কৰিছে৷ আজি এই হাৰ ৬০.৭৩% হৈছে৷

সোনকালে চিনাক্তকৰণ আৰু সময়মতে কৰা চিকিসা ব্যৱস্থাপনাই ক’ভিড-১৯ ৰোগীৰ দৈনিত আৰোগ্যৰ হাৰ বৃদ্ধি কৰিছে৷ বিগত ২৪ ঘণ্টাত ২০,০৩৩গৰাকী ৰোগী আৰোগ্য হৈছে৷ বৰ্তমানলৈকে সৰ্বমুঠ ৩,৭৯,৮৯১গৰাকী ৰোগী আৰোগ্য হৈছে৷

বৰ্তমান ২,২৭,৪৩৯গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷

ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহৰ সৈতে ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ ফলস্বৰূপে দেশত এই ৰোগত আৰোগ্যৰ সংখ্যা ক্ৰমে বৃদ্ধি পাই আহিছে৷ বৰ্তমানলৈকে আক্ৰান্ত হৈ থকা ৰোগীৰ সংখ্যাতকৈ প্ৰায় ১,৫২,৪৫২ গৰাকী লোক আৰোগ্য হৈছে৷

‘পৰীক্ষা, চিনাক্ত, চিকিসা’ কৌশল অনুসৰণ কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ক্ৰমে নমূনা পৰীক্ষাৰ গতি দ্ৰুতগতিত বৃদ্ধি কৰিছে৷ বিগত ২৪ ঘণ্টাত ২,৪১,৫৭৬টা নমূনা পৰীক্ষা কৰা হৈছে৷ বৰ্তমানলৈকে ৯২,৯৭,৭৪৯টা নমূনা পৰীক্ষা কৰা হৈছে৷

দেশত পৰীক্ষাগাৰৰ নেটৱৰ্ক শক্তিশালী কৰা হৈছে৷ ৭৭৫টা চৰকাৰী আৰু ২৯৯টা ব্যক্তিগত পৰীক্ষাগাৰসহ মুঠ ১০৭৪টা পৰীক্ষাগাৰ দেশ আছে৷ ইয়াৰ বিৱৰণ তলত দিয়া ধৰণৰঃ

সঠিক সময়ত আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৫৭৯(চৰকাৰীঃ৩৬৬+ব্যক্তিগতঃ২১৩)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৪০৫(চৰকাৰীঃ৩৭৬+ব্যক্তিগতঃ২৯)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ৯০(চৰকাৰীঃ৩৩+ব্যক্তিগতঃ৫৭)

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে অতি কম প্ৰভাৱিত/আগতীয়া লক্ষণযুক্ত/লক্ষণবিহীন ক’ভিড-১৯ত আক্ৰান্তসকলক হোম কোৱাৰেণ্টাইন কৰাৰ বাবে সংশোধিত নিৰ্দেশনা জাৰি কৰিছে৷ সংশোধিত নিৰ্দেশনা চাবলৈ এই লিংকত ক্লিক কৰকঃ https://www.mohfw.gov.in/pdf/RevisedHomeIsolationGuidelines.pdf

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB



(Release ID: 1636294) Visitor Counter : 191