বিত্ত মন্ত্ৰালয়

জুন ২০২০ৰ জিএছটি ৰাজহ সংগ্ৰহ

মাহটোত মুঠ সংগ্ৰহ ৯০,৯১৭কোটি টকা

Posted On: 01 JUL 2020 12:51PM by PIB Guwahati

২০২০ বৰ্ষৰ জুন মাহত দেশত সংগৃহিত জিএছটিৰ মুঠ ৰাজহৰ পৰিমাণ হল ৯০,৯১৭কোটি টকা। ইয়াৰে কেন্দ্ৰীয় জিএছটিৰ পৰিমাণ হল ১৮,৯৮০কোটি, ৰাজ্যিক জিএছটি ২৩,৯৭০, সংহত জিএছটি ৪০,৩০২কোটি(আমদানীকৃত সামগ্ৰীৰ পৰা সংগৃহিত ১৫,৭০৯কোটিকো ধৰি) আৰু উপকৰ ৭,৬৬৫কোটি(আমদানীকৃত সামগ্ৰীৰ ৬০৭কোটিকো ধৰি)টকা।

নিয়মীয়া বন্দোবস্তিৰ আধাৰত চৰকাৰে সংহত জিএছটিৰ পৰা ১৩,৩২৫কোটি কেন্দ্ৰীয় জিএছটি আৰু ১১,১১৭কোটি টকা ৰাজ্যিক জিএছটি শিতানত ভগাই লোৱাৰ সিদ্ধান্তত উপনীত হয়। এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিচত জুন ২০২০ত মুঠ কেন্দ্ৰীয় জিএছটি আৰু ৰাজ্যিক জিএছটিৰ পৰিমাণ হয়গৈ ক্ৰমে ৩২,৩০৫কোটি আৰু ৩৫,০৮৭কোটি টকা।

মাহটোত সংগৃহিত জিএছটিৰ পৰিমাণ বিগত বৰ্ষত একেটা মাহত সংগৃহিত ধনৰ ৯১শতাংশ বুলি নিশ্চিত কৰা হৈছে। ইফালে, মাহটোত আমদানীকৃত সামগ্ৰীৰ পৰা সংগৃহিত ৰাজহ বিগত বৰ্ষৰ মুঠ সংগ্ৰহৰ ৭১ শতাংশ(আমদানীকৃত সেৱাকো সামৰি)। সেইদৰে আভ্যন্তৰীণ লেনদেন(আমদানীকৃত সেৱাকো সামৰি)ৰ পৰিমাণ বিগত বৰ্ষৰ ৯৭শতাংশ আছিল। জুন ২০২০ত ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহৰ উপৰি মে ২০২০ৰো জিএছটি ৰিটাৰ্ণ গ্ৰহণ কৰা হয়। কিয়নো কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৰিটাৰ্ণ জমাৰ ক্ষেত্ৰত কিছু শিথিলতাৰ অনুমোদন জনাইছিল।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0012T90.png

 

এপ্ৰিল ২০২০(১)ত ৰাজ্য ভিত্তিক জিএছটি সংগ্ৰহ

https://static.pib.gov.in/WriteReadData/userfiles/image/image002PUTT.png

 


[1]আমদানীকৃত সামগ্ৰীৰ ওপৰত ধাৰ্য কৰা জিএছটি অন্তৰ্ভুক্ত কৰা হোৱা নাই

RM/KB



(Release ID: 1635944) Visitor Counter : 211