PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 01 JUL 2020 6:17PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যঃ ৫৯.৪৩%লৈ বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ

আজিৰ তাৰিখ পৰ্যন্ত ক’ভিড—১৯ৰ ৰোগীতকৈ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ১,২৭,৮৬৪ জন অধিক হৈছে৷ আৰোগ্যৰ হাৰ হৈছে ৫৯.৪৩%৷ বিগত ২৪ ঘণ্টাত মুঠ ১৩,১৫৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ মুঠ ৩,৪৭,৯৭৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বৰ্তমানে ২,২০,১১৪ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ ‘মেক ইন ইণ্ডিয়া’ ভেণ্টিলেটৰ যোগান ধৰা হৈছে৷ ভেণ্টিলেটৰসমূহ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ক্ৰয় কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

চিকিৎসক দিৱসত চিকিৎসকসকললৈ অভিবাদন জনালে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকলক অভিবাদন জনাইছে৷ টুইটাৰত তেওঁ চিকিৎসকসকলক উদ্দেশ্যি শুভেচ্ছা বাৰ্তা জ্ঞাপন কৰে৷

অধিক বিৱৰণৰ বাবে

এনবিইৰ আন্তৰ্জাতিক শিক্ষাৰ্থীসকলৰ বাবে ফেল’শ্বিপ প্ৰ’গ্ৰামৰ হাতপুথি আৰু প্ৰছপেক্টাছ মুকলি কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে এনবিইৰ আন্তৰ্জাতিক শিক্ষাৰ্থীসকলৰ বাবে ফেল’শ্বিপ প্ৰ’গ্ৰামৰ হাতপুথি আৰু প্ৰছপেক্টাছ মুকলি কৰিছে৷ অনুষ্ঠানটোত তেওঁ ক’ভিড-১৯ৰ মোকাবিলাত ব্যস্ত চিকিৎসকসকলৰ প্ৰতি কৃতজ্ঞতাও প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকলক কৃতজ্ঞতা জ্ঞাপন কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে

চিকিৎসক দিৱস উপলক্ষে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে টুইটাৰযোগে চিকিৎসকসকলক চলিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কৃতজ্ঞতা জ্ঞাপন কৰে৷

অধিক বিৱৰণৰ বাবে

ঝাৰখণ্ডৰ ছাহিয়াছঃ ৰাজহুৱা স্বাস্থ্য কৰ্মীসকলৰ বাবে এক প্ৰেৰণাৰ স্ৰোত

ঝাৰখণ্ডত আশা কৰ্মীসকলক ‘ছাহিয়াছ’ বুলি জনা যায় আৰু তেওঁলোকে জনজাতি অধ্যূষিত এলেকাসমূহত স্বাস্থ্য সেৱা প্ৰদানত সহায় কৰি আছে৷ ক’’ৰোনা ভাইৰাছ ভাৰতত সক্ৰিয় হোৱাৰ সময়ৰ পৰাই তেওঁলোকে গাঁৱে-ভূঞে সজাগতা বিয়পোৱাত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে৷

অধিক বিৱৰণৰ বাবে

জুন মাহত সংগ্ৰহ হৈছে ৯০,৯১৭ কোটি টকাৰ জিএছটি ৰাজহ

জুন মাহত মাহত মুঠ ৯০,৯১৭ কোটি টকাৰ জিএছটি ৰাজহ সংগ্ৰহ হৈছে৷ ইয়াৰে চিজিএছটি হ’ল ১৮,৯৮০ কোটি টকা, এছজিএছটি হ’ল ২৩,৯৭০ কোটি টকা আৰু আইজিএছটি হ’ল ৪০,৩০২ কোটি টকা৷

অধিক বিৱৰণৰ বাবে

ক্ৰমান্বয়ে স্বাভাৱিক হৈছে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ চাহিদা

ৰাষ্ট্ৰীয় লকডাউনৰ সময়ত চাহিদা নিম্নগামী হোৱা পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ চাহিদা বৰ্তমানে ক্ৰমান্বয়ে স্বাভাৱিক হ’বলৈ ধৰিছে৷ লকডাউন শিথিল কৰাৰ পৰিপ্ৰেক্ষিতত এই চাহিদা স্বাভাৱিক হ’বলৈ ধৰিছে বুলি প্ৰকাশ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ইউপিএছচি চিভিল ছাৰ্ভিচেছ (প্ৰিলিমিনাৰী) পৰীক্ষা, ২০২০ আৰু ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ পৰীক্ষা, ২০২০

ইউপিএছচিয়ে সমগ্ৰ ভাৰততে সংশোধিত কাৰ্যক্ৰমণিকা অনুসৰি ০৪.১০.২০২০ তাৰিখে ভাৰতীয় বন সেৱা পৰীক্ষাকে ধৰি অসামৰিক সেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰিব৷

অধিক বিৱৰণৰ বাবে

এপ্ৰিল-নৱেম্বৰ ২০২০ত প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত খাদ্যন্ন আৰু দাইল বিতৰণৰ আনুমানিক ব্যয় ১,৫০,৪৭১ কোটি টকা ধাৰ্য কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ২০২০ বৰ্ষৰ নৱেম্বৰ মাহলৈ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ সম্প্ৰসাৰণ কৰাৰ বিষয়ে ঘোষণা কৰে৷ ইয়াৰ বাবে আনুমানিক ব্যয় ১,৫০,৪৭১ কোটি টকা ধাৰ্য কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

নৱেম্বৰ মাহলৈ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে

অধিক বিৱৰণৰ বাবে

খাৰিফ ঋতুৰ সময়ত শস্য উৎপাদনক শ্ৰেষ্ঠতম পদ্ধতি অৱলম্বনৰ বাবে কৃষকসকলক আহ্বান জনালে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীয়ে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলক খাৰিফ ঋতুৰ সময়ছোৱাত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰিবলৈ আহ্বান জনাইছে৷ শ্ৰী টোমৰে কয় যে কৃষি আৰু গাঁৱেই হ’ল আত্মনিৰ্ভৰ ভাৰতৰ প্ৰধান ভেটি৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ প্ৰত্যাহ্বানজনক সময়তো আৰচিএফে কৃষকসকলৰ মাজত সাৰৰ উপলব্ধতা নিশ্চিত কৰিছে

আৰচিএফে কৃষকসকলৰ মাজত সাৰৰ উপলব্ধতাৰ নিশ্চিতি প্ৰদান কৰিছে৷ তেওঁলোকে চলিত খাৰিফ ঋতুৰ সময়ছোৱাত কৃষকসকললৈ ২ লাখ মেট্ৰিকটন যৌগিক সাৰৰ যোগান ধৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ প্ৰশাসনে ৰাজ্যৰ বাহিৰৰ পৰা অহাৰ লোকক তীক্ষ্ণ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে যাতে ৰোগৰ আগতীয়াকৈ চিনাক্তকৰণ হয়৷
  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে ০১.০৭.২০২০ তাৰিখৰ পৰা ৩০.০৭.২০২০ তাৰিখলৈ ‘আনলক ২’ৰ বাবে নিৰ্দেশনাৱলী মুকলি কৰিছে৷
  • হিমাচল প্ৰদেশঃ নৱেম্বৰ মাহলৈ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে৷
  • হাৰিয়ানাঃ উপ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক পশুধন আৰু এই সম্পৰ্কীয় অন্য সেৱাসমূহ আত্মনিৰ্ভৰ ভাৰতৰ পেকেজত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছে৷
  • কেৰালাঃ বৰ্তমানে ২,১১২ জন ৰোগী চিকিৎসালয়ত চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯০১৬৭ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৮৮৮৯ জন, মৃত্যু হৈছে ১২০১ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৫২৪২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭০৭৪ জন, মৃত্যু হৈছে ২৪৬ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৫২৫২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮০৭১ জন, ৬৯৮৮ জন লোকক মুকলি কৰি দিয়া হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬৩৩৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৭৮৫ জন, মৃত্যু হৈছে ২৬০ জনৰ৷
  • অৰুণাচল প্ৰদেশঃ অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে৷
  • অসমঃ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবুলি টুইট কৰে যে বৰ্তমানে অসমত ১৩টা ক’ভিড-১৯ৰ পৰীক্ষণ গৱেষণাগাৰ আছে আৰু অতি শীঘ্ৰেই ৬টা গৱেষণাগাৰ মুকলি কৰা হ’ব৷
  • মণিপুৰঃ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকললৈ অভিবাদন জ্ঞাপন কৰে৷
  • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬০টা , সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৭ জন৷ আৰোগ্য লাভ কৰিছে ১২৩ জনে৷
  • নাগালেণ্ডঃ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে নাগালেণ্ড স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীয়ে চিকিৎসকসকলক শুভেচ্ছা জ্ঞাপন কৰে৷
  • ছিক্কিমঃ মুখ্যমন্ত্ৰীয়ে চিকিৎসকলৈ ২০,০০০ টকা, নাৰ্ছলৈ ১০,০০০ টকা আৰু অন্যান্য কৰ্মচাৰীলৈ ৫০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭৪৭৬১৷ আৰোগ্য লাভ কৰিছে ৯০৯১১ জনে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৫৯৭৯ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩২৪৪৬ জন৷ মৃ্ত্যু হোৱাৰ ৰোগীৰ সংখ্যা হ’ল ১৮৪৮ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮০৯২ জন৷ ১৪,২৩২ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩৫৯৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬২৬ জন৷ আৰোগ্য লাভ কৰিছে ১০৩৯৫ জনে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৮৫৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৯৫ জন৷ ২২৫০ জনে আৰোগ্য লাভ কৰিছে৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩১৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭১৬ জন৷ আৰোগ্য লাভ কৰিছে ৫৯৬ জনে৷

ফেক্ট চেক



(Release ID: 1635770) Visitor Counter : 179