তীখা মন্ত্ৰালয়

তীখাৰ ব্যৱহাৰ বৃদ্ধিৰ উপায় সন্দৰ্ভত আলোচনা কৰিবলৈ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত ৱেবিনাৰ সম্পন্ন

বহন ক্ষমতাৰ সৈতে সামগ্ৰিক উন্নয়ন সাধন কৰিবলৈ তীখাৰ যথোপযুক্ত ব্যৱহাৰ বৃদ্ধিৰ অৰ্থে ইস্পাটি ইৰাদাক আহ্বান

তীখাৰ ব্যৱহাৰ বৃদ্ধিৰ প্ৰতি নিয়মিত নজৰ দিবলৈ এক কাৰ্য গোট গঠন কৰাৰ কথা ঘোষণা

प्रविष्टि तिथि: 30 JUN 2020 1:41PM by PIB Guwahati

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ইস্পাটি ইৰাদাঃ নিৰ্মাণ আৰু আন্তগাঁথনি খণ্ডত গুৰুত্ব দি তীখাৰ ব্যৱহাৰ বৃদ্ধি কৰা শীৰ্ষক এখন ৱেবিনাৰৰ আধ্যক্ষতা কৰে। ৱেবিনাৰখনত তীখা মন্ত্ৰী শ্ৰী ফাগ্গান সিং কুলাস্তে, তীখা মন্ত্ৰালয়ৰ সচিব, তীখা মন্ত্ৰালয়ৰ জেষ্ঠ বিষয়াবৰ্গ, বিষয় বিশেষজ্ঞ, ঔদ্যোগিক নেতৃত্ব, শিক্ষাবিদ, গৱেষক, বৃহত্ সংখ্যক ব্যৱহাৰকাৰী আৰু নিয়ামকেও অংশ লয়।

অনুষ্ঠানত শ্ৰী প্ৰধানে কয় যে জাতিৰ অৰ্থনৈতিক উন্নয়নত তীখা উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয় যে তীখা উত্পাদনত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ আৰু গুণগত সামগ্ৰী নিৰ্মাণত সক্ষম হৈছে, কিন্তু দেশত তীখাৰ জনমূৰি ব্যৱহাৰ বিশ্ব গড়ৰ প্ৰায় এক-তৃতীয়াংশ, আৰু ইয়াক বৃদ্ধি কৰাৰ বহুত সম্ভাৱনা আছে।

ইস্পাতিইৰাদা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘ইস্পাত এবিধ মাত্ৰ সামগ্ৰী নহয়, ই মনৰ এক অৱস্থা। ভাৰতৰ এখন সমাৱেশী বিকশিত ৰাষ্ট্ৰ হোৱাৰ ইস্পাতি ইৰাদা আছে। তেওঁ কয় যে ই কেৱল এক শ্লোগান নহয়, অৰ্থনীতি শক্তিশালী কৰা, দুখীয়া লোকসকলৰ অৱস্থা উন্নত কৰা, পৰিৱেশৰ উন্নয়ন সাধন কৰা আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ দৃঢ় সংকল্পৰ ই এক প্ৰকাশ। তেওঁ আৰু কয় যে সহযোগী ব্ৰেণ্ডিং অভিযান ইস্পাতিইৰাদাৰ উদ্দ্যেশ্য হৈছে দেশত তীখাৰ উপযুক্ত ব্যৱহাৰ বৃদ্ধি কৰা আৰু ব্যৱহাৰৰ বাবে সুবিধাজনক, পৰিৱেশ অনুকূল, ফলদায়ক, সস্তীয়া আৰু মজবুত সামগ্ৰী হিচাপে তীখাৰ ব্যৱহাৰৰ লাভ উঠোৱা।

মন্ত্ৰীগৰাকীয়ে কয় যে তীখাৰ ব্যৱহাৰ বৃদ্ধিৰ থকা ক্ষেত্ৰত আমি সুযোগ আৰু সুবিধাসমূহ চিনাক্ত কৰি উলিয়াব লাগিব। তেওঁ কয় যে তীখা মন্ত্ৰালয়ে ইতিমধ্যে  তীখাৰ ব্যৱহাৰ সন্দৰ্ভত বিভিন্ন বিভাগ, ৰাজ্য চৰকাৰ আৰু অন্য হিতাধিকাৰীসকলৰ সৈতে আলোচনা কৰিছে। নিৰ্মাণ ক্ষেত্ৰত তীখাৰ ব্যৱহাৰৰ জৰিয়তে মেক ইন ষ্টীলৰ আহ্বান জনায় তেওঁ। ভাৰতে ৰেলৱে, পথ, নাগৰিক বিমান, শক্তিৰ দৰে ক্ষেত্ৰসমূহৰ ভৱিষ্যতৰ বাবে আন্তগাঁথনি নিৰ্মাণত অধিক গুৰুত্ব দিছে যাৰ ফলত দেশত তীখাৰ ব্যৱহাৰে অধিক গতি লাভ কৰিব।তেওঁ কয় যে অতিশীঘ্ৰে এক কাৰ্য দল গঠন কৰা হব যিয়ে তীখাৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত নিয়মিত ৰূপত নজৰ দিব।

 

ৱেবিনাৰত অংশ লৈ শ্ৰী কুলস্তেই কয় যে ভাৰতত বিশেষভাৱে গ্ৰামাঞ্চলত তীখাৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ যথেষ্ট সম্ভাৱনা আছে। তেওঁ কয় যে তীখাৰ ব্যৱহাৰ বৃদ্ধিয়ে অৰ্থনৈতিক কাৰ্যকলাপক গতি প্ৰদান কৰিব, পৰিৱেশ উন্নীত কৰাত সহায় কৰিব আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেওঁ কয় যে চৰকাৰে আন্তগাঁথনি খণ্ডত ১০৩ লাখ কোটি টকাৰ নেচনেল ইনফ্ৰাষ্টাকচাৰ পাইপলাইনৰ ঘোষণা কৰিছে আৰু ইয়ে তীখাৰ চাহিদা বৃদ্ধি কৰিব। তীখা মন্ত্ৰালয়ে ইতিমধ্যে তীখাৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে আন বিভাগসমূহৰ সৈতে কথা পাতিছে।ভূমিকম্প প্ৰৱণ জাপান, যত আন্তগাঁথনি নিৰ্মাণত ৮০শতাংশলৈ তীখাৰ ব্যৱহাৰ হয় তাৰ উদাহৰণ দাঙি ধৰি শ্ৰী কুলস্তেই কয় যে তীখাই তেওঁলোকক শক্তি আৰু স্থায়িত্ব প্ৰদান কৰে। তেওঁ আৰু কয় যে তীখা উদ্যোগে নিৰ্মাণ ব্যয় হ্ৰাস কৰাৰ উপায়ৰ সন্ধান কৰিব।

 

 ********************************************************

YKB/TFK/KG


(रिलीज़ आईडी: 1635675) आगंतुक पटल : 220
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Odia , Tamil , Malayalam