উপ-ৰাষ্ট্ৰপতি সচিবালয়

ন্যায্য শিক্ষা সুনিশ্চিত কৰিবলৈ ডিজিটেল বিভাজনৰ সেতুবন্ধনৰ আহ্বান উপ ৰাষ্ট্ৰপতিৰ ডিজেটেল শূন্যস্থান পূৰ কৰিবলৈ ব্যক্তিগত খণ্ডক ব্যয়সাধ্য প্ৰযুক্তি উদ্ভাৱনৰ আহ্বান উপ ৰাষ্ট্ৰপতিৰ

ভাৰতীয় সংস্কৃতি আৰু তত্ত্বক প্ৰতিফলিত কৰা শিক্ষাৰ আৰ্হি যুগুতত গুৰুত্ব আৰোপ

Posted On: 27 JUN 2020 12:50PM by PIB Guwahati

বিশ্বব্যাপী প্ৰাথমিক শিক্ষা লাভ আৰু ন্যায্য মাধ্যমিক আৰু উচ্চ শিক্ষা সুনিশ্চিতকৰণৰ অৰ্থে উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে আজি ডিজিটেল বিভাজনৰ সেতুবন্ধনৰ পোষকতা কৰে।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰ্চুৱেল ধৰণৰে ‘Future of Education-Nine Megatrends’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি, তেওঁ কয় “প্ৰযুক্তিয়ে নতুন সম্ভাৱনাৰ বাট মুকলি কৰিছে যদিও আমাৰ সমাজখনত ডাঙৰ এটা ডিজেটেল বিভাজনৰ উদ্ভৱ হোৱা বুলি ভাবিবলৈ বাধ্য কৰাইছে।” ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ প্ৰচেষ্টাত অ-লাভজনক সংস্থা আইচিটি একাডেমীৰদ্বাৰা এই গ্ৰন্থখনি প্ৰকাশ কৰা হৈছে।

প্ৰযুক্তিক সুগম্য আৰু ব্যয়সাধ্য কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, উপ ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে ডিজিটেল ডিভাইচসমূহ লাভ নকৰা বহু শিশু আছে। “আমি এই বৃহৎ ব্যৱধানৰ সমস্যাটো সমাধান কৰিব খুজিছো।”, উপ ৰাষ্ট্ৰপতিয়ে লগতে কয়।

শ্ৰী নাইডুৱে কয় যে অনলাইন মাধ্যমৰে শিক্ষাগ্ৰহণ কৰিবলৈ অসুবিধা পোৱাৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময়ছোৱাত অসংখ্য ছাত্ৰ-ছাত্ৰী প্ৰভাৱিত হৈছে। অফলাইনৰপৰা অনলাইন মাধ্যমৰে শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁলোকৰ বহুতেই হাতত হাত ধৰাটো প্ৰয়োজনীয় হৈ উঠে আৰু অনলাইন পদ্ধতিৰে শিক্ষা লাভৰ কাৰণে যথোপযুক্ত প্ৰশিক্ষণ দৰকাৰী হৈ পৰে।

ভাৰতত বহু পিতৃ-মাতৃয়ে এতিয়াও ডিজিটেল ডিভাইচ ক্ৰয় কৰিবলৈ অসমৰ্থ হোৱাৰ কথা সদৰী কৰি, তেওঁ কয় যে ডিজিটেল ডিভাইচসমূহৰ অভাৱ পূৰণ কৰিবলৈ চৰকাৰখনৰ কাৰণে ই এটা অতি ডাঙৰ আৰু জটিল প্ৰত্যাহ্বান আৰু সেয়ে শিকাৰুসকলৰ প্ৰয়োজনীয়তা অনুসৰি শৈক্ষিক প্ৰযুক্তি ফাৰ্মসমূহকে প্ৰমুখ্য কৰি ব্যক্তিগত খণ্ডই ব্যয়সাধ্য মূল্যত তেনে সৰঞ্জাম প্ৰস্তুত কৰি উলিয়াব লাগে। “আমাৰ সকলোবোৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত সুৰক্ষিত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াবলৈ এয়া আপোনালোকৰ বাবে সঠিক সময়”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ উদ্ধৃতিৰে, উপ ৰাষ্ট্ৰপতিজনে কয় যে ভৱিষ্যতে “অনলাইন মূল ৰেখা হোৱা উচিত, যাৰ বাবে আন কোনো লাইনৰ প্ৰয়োজনীয়তা নাথাকিব।” এটা সু ভৱিষ্যৎ নিৰ্মাণ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ তিনিটা শব্দৰ মন্ত্ৰ ‘সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰ’ (Reform, Perform and Transform)ক অনুসৰণ কৰিবলৈ তেওঁ সকলোবোৰ পক্ষকে আহ্বান জনায়।

মহামাৰীটোৰ পৰিপ্ৰেক্ষিতত শৈক্ষিক প্ৰতিষ্ঠানসমূহে ডিজিটেল মাধ্যমৰে শিক্ষাদান কৰাৰ কথা উল্লেখ কৰি, উপ ৰাষ্ট্ৰপতিজনে কয় সংযোগ, কাৰ্যৰ ভাগ-বতৰা আৰু প্ৰজেক্ট সম্পূৰ্ণ কৰিবলৈ ক্লাউড-নিৰ্ভৰ মাধ্যমৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে সংযোগ স্থাপন কৰিছে। “অনলাইনৰ জৰিয়তেই পৰীক্ষাসমূহো অনুষ্ঠিত হৈছে”, তেওঁ কয়।

কৃত্ৰিম বুদ্ধিমত্তা, ভাৰ্চুৱেল বাস্তৱতা আৰু উদ্দীপিত বাস্তৱতাই শ্ৰেণীকোঠাত অধিক ক্ষীপ্ৰতাৰে প্ৰৱেশ কৰিব বুলি উল্লেখ কৰি, শ্ৰী নাইডুৱে কয় ইয়ে শিক্ষকৰ শিক্ষাদান আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা লাভৰ ধৰণৰ সংস্কাৰ সাধন কৰিব।

পৰিৱৰ্তিত প্ৰয়োজনীয়তাসমূহৰ সৈতে খাপ খুৱাই শিক্ষকসকলক শিক্ষাদান কৰিবলৈ আহ্বান জনাই, উপ ৰাষ্ট্ৰপতিজনে কয় যে অনলাইন লেবৰটৰীসমূহৰ সুবাদত ছাত্ৰ-ছাত্ৰীয়ে যিকোনো সময়ত যিকোনো স্থানৰপৰাই যন্ত্ৰাদি ব্যৱহাৰ কৰিব পাৰিব। “এতিয়া শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ কাৰণে এজন সুবিধা প্ৰদানকাৰী, তত্ত্বাৱধায়ক, পৰামৰ্শদাতা, প্ৰশিক্ষক আৰু বহু সময়ত এজন বন্ধুৰ ভূমিকা পালন কৰিছে”, তেওঁ লগতে কয়।

এটা বৃহৎ জনতাত্ত্বিক উপযোগিতাই জনতাত্ত্বিক লভ্যাংশলৈ পৰিৱৰ্তন হ’বলৈ অপেক্ষা কৰি আছে বুলি উল্লেখ কৰি, শ্ৰী নাইডুৱে কয় “আমি এই সুযোগ হেৰুৱাই পেলোৱাটো উচিত নহ’ব। আমি সকলো শিশুৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰি তুলিব লাগিব আৰু তেতিয়া প্ৰত্যেকেই তেওঁলোকৰ সহজাত সম্ভাৱনা অনুধাৱন কৰিবলৈ সক্ষম হ’ব।”

মান-ভিত্তিক শিক্ষাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি, উপ ৰাষ্ট্ৰপতিজনে ভাৰতীয় সংস্কৃতি আৰু তত্ত্বক প্ৰতিফলিত কৰা শিক্ষাৰ আৰ্হি প্ৰস্তুতৰ পোষকতা কৰে। “শিশুসকলৰ মনত আমি সাংস্কৃতিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক মূল্যবোধসমূহ প্ৰোথিত কৰাৰ প্ৰয়োজনীয়তা আছে”, তেওঁ লগতে কয়।

ভাষণৰ পূৰ্ণ পাঠ তলত উল্লেখ কৰা হৈছে

আপোনালোকক সম্বোধন আৰু “আপোনালোক আটাইৰে সৈতে আজি মই Future of Education - Nine Megatrends গ্ৰন্থখনি উন্মোচন কৰিবলৈ পাই আনন্দিত হৈছো।

আপোনালোকক মুখামুখিকৈ লগ পোৱা হ’লে অধিক ভাল লাগিলহেঁতেন কিন্তু আপোনালোক আটাইয়ে জানে যে সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সেয়া সম্ভৱপৰ নহয়। সেয়ে, মই এই গ্ৰন্থখনি ভাৰ্চুৱেল ধৰণৰেই উন্মোচন কৰিছো আৰু উপ-ৰাষ্ট্ৰপতি নিবাসৰপৰা আপোনালোকক সম্বোধন কৰিছো।

আজি, আমি গুৰু স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ মাজত অৱস্থান কৰি আছো। এইক্ষেত্ৰত জয়লাভ কৰিবলৈ আমি সকলোৱে একত্ৰিত হৈ কাম কৰিছো।

এই জটিল সময়বোৰত, আমাৰ জীৱনৰ কিছু প্ৰত্যাশা সলনি হৈ আছে। ইয়াৰপৰা শিক্ষাও সাৰি যোৱা নাই।

প্ৰযুক্তিয়ে এটা ডাঙৰ ভূমিকা পালন কৰি আছে আৰু বহু শৈক্ষিক প্ৰক্ৰিয়া অনলাইন মাধ্যমৰে সম্পন্ন হৈছে।

মই জানিবলৈ পাই সুখী হৈছো যে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ যুটীয়া প্ৰচেষ্টাত আইচিটি একাডেমীয়ে দক্ষতা আগবঢ়াবলৈ প্ৰযুক্তিৰ শক্তি ব্যৱহাৰ কৰি আহিছে।

ই উদ্যোগ আৰু শিক্ষাক কাষ চপাই অনাৰ বাবে মই সুখী।

ইয়াৰোপৰি মই জানিবলৈ পাই সন্তোষ পাইছো যে ই “স্কাই কেম্পাছ”ৰ দৰে ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই আছে। এনে প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে মই আইচিটি একাডেমীৰ শলাগ লৈছো।

মোৰ প্ৰিয় ভগ্নী আৰু ভাতৃসকল,

মই এইমাত্ৰ উন্মোচন কৰা গ্ৰন্থখনিত শিক্ষাৰ ভৱিষ্যতৰ অৰ্থে কেতবোৰ গুৰুত্বপূৰ্ণ ধাৰা আৰু বিষয় উল্লেখ কৰা হৈছে। আমি এইসমূহত মনোযোগ দিয়াতো উচিত।

যদি আমি অতীতলৈ ঘূৰি যাওঁ তেতিয়া আমি দেখিম যে পুৰণি ভাৰতত, আমাৰ গুৰুকুলৰ এটা প্ৰণালী আছিল য’ত শিষ্যসকলক গুৰুজীৰ ঘৰত থাকিবলৈ পঠিয়াই দিয়া হৈছিল। শিষ্যৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি, গুৰুৱে অনুকূল পাঠ্যক্ৰম গ্ৰহণৰ উপদেশ প্ৰদান কৰিছিল। শিষ্যই যি শিকিছে তাত যে তেওঁ বিশাৰদ হৈ উঠিছে সেয়া নিশ্চিত হ’বলৈ গুৰুৱে বিভিন্ন পৰীক্ষা লৈছিল শিষ্যৰপৰা।

ই ব্যক্তিগতভাৱে শিকাৰ কাৰণে আছিল উত্তম পদ্ধতি।

তাৰ পাছত প্ৰায় ১০০০ খ্ৰীষ্টপূৰ্বত, তক্ষশীলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আৰু ই উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ হৈ পৰিছিল। এই বিশ্ববিদ্যালয়খনিত, ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ পচ্ছন্দ অনুসৰি শিক্ষা লাভ কৰিব পাৰিছিল। পাঠ্যক্ৰম এটি যুগুত কৰাত শিক্ষকসকলক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছিল। পাঠ্যক্ৰমৰ সময়সীমাও নিৰ্দিষ্ট কৰি দিয়া নহৈছিল।

খ্ৰিষ্টীয় ৫ম শতিকাৰ আশে-পাশে, আধুনিক বিহাৰত নালন্দা প্ৰস্ফূতিত হৈছিল। এই শিক্ষানুষ্ঠানখনি আজিৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে অতিশয় সম পৰ্য়ায়ৰ আছিল আৰু প্ৰেক্ষাগৃহ, আৱাসিক গৃহ আৰু গ্ৰন্থাগাৰো আছিল আজিৰ সৈতে একে।

মোৰ প্ৰিয় ভগ্নী আৰু ভাতৃসকল,

২১ শ শতিকাৰ শিক্ষা গুৰুকুলৰ দিনবোৰ কিম্বা তক্ষশীলা আৰু নালন্দাৰ শিক্ষাদানৰ পদ্ধতিতকৈ অতি পৃথক।

যোৱা দশককেইটাত শিক্ষা খণ্ডটোৰ দ্ৰুত সংস্কাৰ সাধন হৈছে। আমি ভিন্ন সুযোগৰ অভূতপূৰ্ব সম্প্ৰসাৰণ প্ৰত্যক্ষ কৰি ৰৈছো। য’ত আছিল ডিজিটেল বিস্ফোৰণ আৰু জ্ঞানৰ বিপ্লৱ। পূৰ্বতকৈ অধিক শিশু আৰু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষাগ্ৰহণ কৰি আছে। এখন পৰিৱৰ্তিত পৃথিৱীৰ বাবে প্ৰয়োজনীয় দক্ষতাসমূহ দিনক দিনে বাঢ়ি গৈ আছে।

এই ৰূপান্তৰৰ মাজত, আমি এতিয়া মহামাৰীটোৰ পৰিপ্ৰেক্ষিতত তাক প্ৰত্যাহ্বান জনাই আছো।

এই পৰিস্থিতিয়ে আমি যোৱা বছৰসমূহত যি কৰি আহিছিলো তাৰ বিপৰীতে আমাৰ প্ৰত্যেককে নতুন উপায়ৰ সন্ধান কৰিবলৈ বাধ্য কৰাইছে।

এই নতুন পৃথিৱীৰ সৈতে খাপ খাবলৈ, শৈক্ষিক প্ৰতিষ্ঠানসমূহে অনলাইন মাধ্যমৰে শিক্ষা দান কৰিছে।

ক্লাউড-নিৰ্ভৰ মাধ্যমৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত সংযোগ স্থাপন হৈছে। তেওঁলোকে যোগাযোগ, আদান-প্ৰদান, কৰ্ম সম্পাদন আৰু প্ৰজেক্টৰ যৱনিকা পেলাইছে। অনলাইনৰ জৰিয়তে পৰীক্ষাসমূহো অনুষ্ঠিত হৈছে।

নতুন প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰিবই লাগিব। আমি স্পষ্টভাৱে পূৰ্বানুমান কৰিব পাৰিছো যে আহি থকা বৰ্ষসমূহত, কৃত্ৰিম বুদ্ধিমত্তা, ভাৰ্চুৱেল বাস্তৱতা আৰু উদ্দীপিত বাস্তৱতাই শ্ৰেণীকোঠাসমূহৰ ৰূপান্তৰ সাধন কৰিব।

ইয়ে শিক্ষক সমাজৰ পাঠদানৰ পদ্ধতি আৰু ছাত্ৰ-ছাত্ৰীৰ জ্ঞান আহৰণৰ পথো সলনি কৰি তুলিব।

এই সলনিয়ে শিক্ষক প্ৰশিক্ষণৰ পুনৰ্বিন্যাসৰ প্ৰয়োজনীয়তাকো প্ৰকট কৰি তুলিছে।

অনলাইন মাধ্যমৰে শিক্ষাদান কৰিবলৈ শিক্ষক সমাজেও নতুন দক্ষতাসমূহ আয়ত্ব কৰিব লাগিব।

ছাত্ৰ-ছাত্ৰীসকলেও নতুন দক্ষতা আহৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। তেওঁলোক স্ব-শিক্ষাৰ্থী আৰু সহযোগিতা আগবঢ়োৱা শিক্ষাৰ্থী হ’ব লাগিব।

প্ৰযুক্তিয়ে অসংখ্য সুযোগ আগবঢ়াইছে।

এতিয়া এজন স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে তাতে অসংখ্য গ্ৰন্থ কঢ়িয়াই লৈ ফুৰিব পাৰে। অনলাইনত বহু সংখ্যক অডিঅ’ আৰু ভিডিঅ’ উপলব্ধ। এনে শিক্ষালাভৰ সমলসমূহে সময় আৰু স্থানক সংকুচিত কৰে আৰু শিক্ষালাভক কৰি তোলে অতিশয় সুবিধাজনক আৰু আকৰ্ষণীয়।

যদি ভাৰতৰ এখন অনগ্ৰসৰ গাঁৱত বহি থাকিয়েই এগৰাকী উচ্চাভিলাষী ছাত্ৰই হাভাৰ্ডৰ গ্ৰন্থাগাৰৰ এখন কিতাপ খুলি চাব পাৰে, সেয়া আচৰিত হ’বলগীয়া কথা নহয়নে বাৰু?

অনলাইন পৰীক্ষাগাৰৰ জৰিয়তে, ছাত্ৰ-ছাত্ৰীয়ে বাস্তৱ পৰীক্ষাগাৰত কৰাৰ পূৰ্বেই যিকোনো সময়তে সকলো স্থানৰপৰাই যন্ত্ৰ এটা সম্পৰ্কত বুজি উঠিবলৈ সক্ষম হৈছে।

এতিয়া শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ কাৰণে এজন সুবিধা প্ৰদানকাৰী, তত্ত্বাৱধায়ক, পৰামৰ্শদাতা, প্ৰশিক্ষক আৰু বহু সময়ত এজন বন্ধুৰ ভূমিকা পালন কৰিছে।

গ্ৰন্থখনত উল্লেখ কৰা অনুসৰি, ছাত্ৰ-ছাত্ৰীৰ ‘পক্ষ’ত থাকি এগৰাকী ‘ঋষি’ৰপৰা ‘মঞ্চ’ হৈ এগৰাকী ‘তত্ত্বাৱধায়ক’লৈকে শিক্ষকৰ ভূমিকা সলনি হৈ থাকিব।

দ্ৰুতভাৱে সলনি হোৱা প্ৰেক্ষাপটৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি শিক্ষক সমাজে অৱশ্যেই তেওঁলোকৰ শিক্ষাদান প্ৰক্ৰিয়াত পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা হাতত ল’ব লাগে।

মোৰ প্ৰিয় ভগ্নী আৰু ভাতৃসকল,

যদিও প্ৰযুক্তিয়ে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে তথাপিতো আমাৰ সমাজখনত থকা বৃহৎ ডিজিটেল বিভাজন অনুধাৱন কৰিবলৈ আমাক বাধ্য কৰাইছে।

ডিজিটেল ডিভাইচসমূহ লাভ নকৰা বহু শিশু আছে।

যদি আমি বিশ্বব্যাপী মানদণ্ডসম্পন্ন প্ৰাথমিক শিক্ষাৰ সপোন বাস্তৱায়িত কৰিব খুজো, যদি আমি ন্যায্য মাধ্যমিক আৰু উচ্চ শিক্ষা লাভ কৰিব খুজিছো, আমি এই বৃহৎ ব্যৱধানৰ সমস্যাটো প্ৰযুক্তিৰ জৰিয়তে সমাধান কৰিব লাগিব।

প্ৰযুক্তি সুগম আৰু ব্যয়সাধ্য হ’বই লাগিব।

অনলাইন মাধ্যমৰে শিক্ষাগ্ৰহণ সম্ভৱ নোহোৱাৰ বাবে লকডাউনৰ সময়ছোৱাত বহু ছাত্ৰ-ছাত্ৰী প্ৰভাৱিত হৈছে। তেওঁলোকৰ বহুতেই অফলাইনৰপৰা অনলাইনলৈ আহিবলৈ হাতে হাত ধৰিবলগীয়া হৈছে। অনলাইন পদ্ধতিৰে শিক্ষা আহৰণৰ নিমিত্তে তেওঁলোকক যথোপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ আৱশ্যকতা আছে।

ভাৰতত বহু পিতৃ-মাতৃয়ে ডিজিটেল ডিভাইচসমূহ ক্ৰয় কৰাত এতিয়াও অসমৰ্থ হৈ ৰৈছে।

ডিজিটেল বিভাজনৰ সেতুবন্ধন চৰকাৰখনৰভাৱে এককভাৱে কৰাটো অতিশয় ডাঙৰ আৰু জটিল কাম।

মই শৈক্ষিক প্ৰযুক্তি ফাৰ্মসমূহকে প্ৰমুখ্য কৰি ব্যক্তিগত খণ্ডক শিকাৰুৰ প্ৰয়োজনীয়তা অনুসৰি তেনে সামগ্ৰী প্ৰস্তুত আৰু প্ৰাসংগিকতাপূৰ্ণ কৰি তুলিবলৈ আহ্বান জনাইছো আৰু এইসমূহৰ মূল্য ব্যয়সাধ্য হিচাপে নিৰ্ধাৰণ কৰাটো বিচাৰিছো।

আমাৰ সকলোবোৰ সন্তানৰ উজ্জ্বল ভৱিষ্যৎ সুনিশ্চিত কৰি আৰু ৰাষ্ট্ৰ নিৰ্মাণলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াবলৈ আপোনালোকৰ বাবে এয়াই সঠিক সময়।

অতি-দ্ৰুত ব্ৰডবেণ্ড নেটৱৰ্কৰ জৰিয়তে ভাৰত নেটে সকলোবোৰ গাঁৱক সংযোগ কৰিবলৈ সক্ষম হৈছে। ইয়াৰদ্বাৰা, ডিজিটেল সংযোগ স্থাপন অতিশয় সহজ হোৱাটো নিশ্চিত হৈছে।

সকলো পৰ্যায়তে মানদণ্ডসম্পন্ন শিক্ষা বাস্তৱায়িত কৰি তুলিবলৈ ব্যক্তিগত খণ্ড আৰু এনজিঅ’সমূহৰ সহযোগিতাত ৰাজ্য চৰকাৰসমূহে সৰ্বাংগীন সমাধানসূত্ৰ লৈ উলাই আহিব লাগে।

এয়া বিঘ্নিত হোৱাৰ মুহূৰ্ত। আমাৰ জীৱনযাত্ৰা, শিক্ষালাভৰ পদ্ধতি, উপাৰ্জনৰ উৎস, বিশ্ৰাম আৰু কৰ্ম সকলোখিনিয়েই সলনি হৈছে।

এই পৰিৱৰ্তন বুজি আৰু নতুন স্বাভাৱিক দিন এটাৰ কাৰণে সৃষ্টিশীলতাৰ আশ্ৰয় লওঁহক আহক।

দুৰ্দশাক সুযোগলৈ পৰিৱৰ্তন কৰি ভৱিষ্যতৰ কাৰণে সাজু আৰু ভৱিষ্যতক গঢ় দিও আহক।

আমাৰ এক বিশাল জনতাত্ত্বিক উপযোগিতা জনতাত্ত্বিক লভ্যাংশলৈ পৰিৱৰ্তিত হ’বলৈ অপেক্ষা কৰি আছে। আমি এই সুযোগ হেৰুৱাটো উচিত নহ’ব।

আমি সকলো শিশুৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰি তুলিব লাগিব আৰু তেতিয়া প্ৰত্যেকেই তেওঁলোকৰ সহজাত সম্ভাৱনা অনুধাৱন কৰিবলৈ সক্ষম হ’ব।

মোৰ প্ৰিয় ভগ্নী আৰু ভাতৃসকল,

প্ৰগতি আৰু উন্নয়নৰ কাৰণেই আমাক শিক্ষাৰ আৱশ্যক। সমান্তৰালভাৱে গুৰুত্বপূৰ্ণ কথা এয়ে যে চৰিত্ৰ গঠনৰ ক্ষেত্ৰটো শিক্ষাই এক বিশেষ ভূমিকা পালন কৰে।

শিক্ষা মূল্য-নিৰ্ভৰ হোৱাটো উচিত আৰু ছাত্ৰ-ছাত্ৰীক কেৱল জ্ঞান প্ৰদান কৰাই নহয় বৰঞ্চ বিজ্ঞত্ব কৰি তোলোটোও সমানেই আৱশ্যকীয়।

পাঠ্যক্ৰমসমূহে আমাৰ বৰ্ণাঢ্য সংস্কৃতি আৰু ঐতিহ্যৰ বিভিন্ন দৃষ্টিকোণসমূহ সামৰি লোৱা উচিত তথা প্ৰকৃতি সুৰক্ষাৰ গুৰুত্ব অনুধাৱনৰ অৰ্থে তেনে বিষয়সমূহো পাঠ্যসূচীত অন্তৰ্ভুক্ত হ’ব লাগে।

সুন্দৰ ভৱিষ্যতৰ অৰ্থেই প্ৰকৃতিক সুৰক্ষিত আৰু সংস্কৃতিক সংৰক্ষণ কৰিব লাগে।

শিশুৰ পিতৃ-মাতৃৰ পাছতেই তেওঁলোকৰ চৰিত্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষক সমাজে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে, শিক্ষকসকল সামাজিকভাৱে সচেষ্ট হোৱা উচিত।

ভাৰতীয় সংস্কৃতি আৰু তত্ত্বসমূহক প্ৰতিফলিত কৰা শিক্ষাৰ এটা আৰ্হি আমি নিত্যান্তভাৱে প্ৰস্তুত কৰি উলিয়াব লাগে। শিশুসকলৰ মনত আমি সাংস্কৃতিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক মূল্যবোধসমূহ প্ৰোথিত কৰাৰ প্ৰয়োজনীয়তা আছে।

“Future of Education – Nine Mega Trends” শীৰ্ষক চিন্তা উদ্বেগকাৰী এই গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱাৰ কাৰণে মই আইচিটি একাডেমীৰ চিইঅ’ শ্ৰী এম শিৱকুমাৰ আৰু গ্ৰন্থখনিৰ স্ৰষ্টা শ্ৰী ভি পাট্টাভী ৰামৰ বিশেষভাৱে শলাগ লৈছো।

প্ৰতিফলন আৰু কাৰ্য সম্পাদন প্ৰক্ৰিয়াৰ কাৰণে এই গ্ৰন্থখনি আৰম্ভণি বিন্দু হ’ব পাৰে। ইয়াত কাইলৈৰ শিক্ষাদানৰ পদ্ধতিৰ ৰূপান্তৰণ কৰিবলৈ হাতত ল’বলগীয়া কামসমূহৰ এটা সু ভিত্তি আছে।

অৱশেষত, ৰাষ্ট্ৰ নিৰ্মাণলৈ বৰঙণি যোগোৱাৰ অৰ্থে গ্ৰহণ কৰা সকলো প্ৰচেষ্টাতে যেন আইচিটি একাডেমী সফল হয় তাৰে কামনা কৰিলো।

ধন্যবাদ।

জয় হিন্দ!”

****

VRRK/MS/MSY/DP/SB



(Release ID: 1635633) Visitor Counter : 310