স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ শেহতীয়া তথ্য

Posted On: 01 JUL 2020 12:42PM by PIB Guwahati

ভাৰত চৰকাৰৰদ্বাৰা যোগান ধৰা ভেন্টিলেটৰসমূহত বাইলেভেল পজিটিভ এয়াৰৱে প্ৰেচাৰ (BiPAP) ধৰণ উপলব্ধ নহয় বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW) ৰ দৃষ্টিগোচৰ হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰদ্বাৰা দিল্লীৰ জিএনচিটিকে ধৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ যোগান ধৰা “মেক ইন ইণ্ডিয়া” ভেন্টিলেটৰসমূহ আইচিইউৰ বাবেহে। স্বাস্থ্য সেৱাসমূহৰ সঞ্চালক প্ৰধান (DGHS)ৰ নেতৃত্বাধীন ডমেইন নলেজ এক্সপাৰ্টৰ কাৰিকৰী সমিতিৰদ্বাৰা ক’ভিড ভেন্টিলেটৰসমূহৰ কাৰণে কাৰিকৰী বিশেষীকৰসমূহ আৰোপ কৰা হৈছিল, তাৰ বিপৰীতে MoHFW এ এই ভেন্টিলেটৰসমূহ সংগ্ৰহ আৰু যোগানহে ধৰিছিল। এই ভেন্টিলেটৰসমূহৰ সংগ্ৰহ আৰু যোগানত এই বিশেষীকৰণসমূহ মানি চলা হৈছিল।

কাৰিকৰী সমিতিখনে নিৰ্ধাৰণ কৰি দিয়া বিশেষীকৰণ অনুসৰি তদ্ৰুপ ধৰণৰেই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ BEL আৰু AgVa মডেলৰ ভেন্টিলেটৰ যোগান ধৰা হৈছিল। এই কম খৰচী, মেড ইন ইণ্ডিয়া ভেন্টিলেটৰসমূহৰ BiPAP ধৰণ আছিল আৰু কাৰিকৰী বিশেষীকৰণত এনে আন ধৰণৰ ব্যৱস্থাৰ কথা উল্লেখ কৰা গৈছিল। স্পষ্টতাৰ কাৰণে যোগান ধৰা ভেন্টিলেটৰসমূহত ইউজাৰ মেনুৱেল আৰু ফীডবেক ফৰ্ম সংলগ্ন কৰা হৈছিল আৰু তাতে ইয়াৰ উল্লেখ আছে।

******

MV/SB



(Release ID: 1635627) Visitor Counter : 148