প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 30 JUN 2020 4:28PM by PIB Guwahati

 

মোৰ প্রিয় দেশবাসী,


নমস্কাৰ!

ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজত আমি এতিয়া আনলক- পর্যায়ত প্ৰৱেশ কৰিছো৷ এতিয়া আমি এনে এক ঋতুত প্ৰৱেশ কৰিছো, যি সময়ত চর্দি-ঠাণ্ডা লগা-কাঁহ আদি বিভিন্ন সমস্যাৰ প্ৰকোপো বৃদ্ধি পায়৷ এই সময়ত সেয়েহে সমগ্ৰ দেশবাসীৰ প্ৰতি মোৰ অনুৰোধ এই যে আপোনালোকে নিজে সাৱধানতা অৱলম্বন কৰক৷

বন্ধুসকল,

এইটো সত্য যে যদি আমি ক’ৰোনা সংক্ৰমণৰ বাবে মৃত্যুৰ হাৰ লক্ষ্য কৰো, তেতিয়াহ’লে বিশ্বৰ বহু দেশৰ তুলনাত ভাৰতত পৰিস্থিতি নিয়ন্ত্ৰণত আছে৷ সঠিক সময়ত লকডাউন জাৰি কৰা তথা অন্যান্য বিভিন্ন সিদ্ধান্ত গ্ৰহণে ভাৰতত লাখ লাখ লোকৰ প্রাণ ৰক্ষা কৰিছে। কিন্তু, আমি এইটোও লক্ষ্য কৰিছো যে আনলক- পর্যায়ত ব্যক্তিগত আৰু সামাজিক আচৰণত যথেষ্ট পৰিমাণে অৱহেলা কৰাটো পৰিলক্ষিত হৈছে। আগতে আমি মাস্ক পিন্ধি দুই গজ দূৰত্ব বজাই ৰাখি দিনত বহুবাৰ ২০ ছেকেণ্ডকৈ হাত ধোঁৱাকে ধৰি বিভিন্ন বিষয়ত সতর্ক আছিলো৷ কিন্তু আজি যেতিয়া আমি আৰু অধিক সাৱধান হোৱা প্ৰয়োজন, তেনে সময়ত এই ধৰণৰ আচৰণ চিন্তাৰ কাৰণ হৈ পৰিছে৷

বন্ধুসকল,

লকডাউনৰ সময় বিভিন্ন নিয়ম অতি কঠোৰভাবে পালন কৰা হৈছিল। এতিয়া পুনৰ চৰকাৰ, স্থানীয় প্ৰশাসন আৰু দেশৰ প্ৰতিগৰাকী নাগৰিকে সেই ধৰণৰ সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন৷ আমি কনটেইনমেণ্ট এলেকাসমূহ বিশেষ দৃষ্টি ৰাখিব লাগিব৷ যিসকলে এই নিয়মসমূহ পালন কৰা নাই তেওঁলোকক আমি কঠোৰভাৱে সাৱধান কৰি দিব লাগিব, ৰাখিব লাগিব আৰু বুজাব লাগিব৷ আপোনালোকে হয়তো বৰ্তমান এটা খবৰ পাইছে, এখন দেশৰ প্ৰধানমন্ত্রীয়ে মাস্ক নিপিন্ধাৰ বাবে তেওঁক ১৩,০০০ টকাৰ জৰিমনা বিহা হয়৷ ভাৰতেও স্থানীয় প্ৰশাসনক এনেদৰে সক্রিয়ভাৱে কাম কৰিব লাগিব৷ এয়া ১৩০ কোটি দেশবাসীৰ জীৱনক ৰক্ষা কৰাৰ অভিযান। গাঁওবুঢ়াই হওক অথবা দেশৰ প্ৰধানমন্ত্রীয়েই হওক ভাৰতত কোনো নিয়মৰ বাহিৰত নহয়৷

বন্ধুসকল,

লকডাউনৰ সময় দুখীয়া লোকৰ পৰিয়ালত চৌকা জ্বলাৰ বিষয়টো নিশ্চিত কৰাটো দেশৰ বাবে সর্বোচ্চ অগ্রাধিকাৰ আছিল। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ অথবা সভ্য সমাজৰ প্ৰত্যেকেই চেষ্টা কৰিছে, আমাৰ এই বৃহ দেশত যাতে কোনো দৰিদ্ৰ ভাই-ভনীয়ে অনাহাৰে থাকিবলগীয়া নহয়৷ দেশ অথবা ব্যক্তিয়ে যথাসময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে, সংবেদনশীলভাৱে সিদ্ধান্ত ল’লে যিকোনো সংকটৰ মোকাবিলা কৰাৰ শক্তি বৃদ্ধি পায়। সেইবাবে চৰকাৰে লকডাউনৰ আৰম্ভণিতে প্ৰধানমন্ত্রী গৰীৱ কল্যাণ যোজনা ৰূপায়ণ কৰিছে৷ এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ জনসাধাৰণৰ বাবে ১.৭৫লাখ কোটি টকাৰ এক পেকেজ ৰূপায়ণ কৰা হৈছে৷

বন্ধুসকল,
 

বিগত তিনি মাহত ২০ কোটি দৰিদ্ৰ পৰিয়ালৰ বাবে জন ধন একাউণ্ট পোনপটীয়াকৈ ৩১হাজাৰ কোটি টকা প্ৰেৰণ হৈছে৷ এই সময়ত কোটিতকৈও অধিক কৃষকৰ বেংক একাউণ্ট ১৮হাজাৰ কোটি টকা জমা কৰা হৈছে৷ ইয়াৰ লগতে গাঁৱৰ শ্ৰমিকসকলৰ কর্মসংস্থাপনৰ বাবে প্ৰধানমন্ত্রী গৰীৱ কল্যাণ ৰোজগাৰ প্ৰকল্প ক্ষিপ্ৰতাৰে আৰম্ভ কৰা হৈছে৷ ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে ৫০,০০০ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লৈছে।

বন্ধুসকল,

আন এক বিষয়ে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে, সেয়া হ-ক’ৰোনাৰ বিৰুদ্ধে যুঁজত ভাৰতত ৮০ কোটিতকৈও অধিক লোকক তিনি মাহ ধৰি ৰেচন অর্থা পৰিয়ালৰ সদস্যই প্ৰতি কেজিকৈ ঘেঁহু বা চাউল বিনামূলীয়া দিয়া হৈছে৷ তদুপৰি, প্ৰতি মাহত প্ৰতিটো পৰিয়ালক কেজিকৈ দাইলো বিনামূলীয়া দিয়া হৈছে৷ অর্থা, মার্কিন যুক্তৰাষ্ট্রৰ মুঠ জনসংখ্যাতকৈ আঢ়ৈ গুণ অধিক, ব্রিটেইনৰ জনসংখ্যাতকৈ ১২গুণ অধিক বা ইউৰোপীয়ান ইউনিয়নৰ জনসংখ্যাতকৈ প্রায় আঢ়ৈ গুণৰো অধিক লোকক আমাৰ চৰকাৰে বিনামূলীয়াকৈ খাদ্যশস্য প্ৰদান কৰিছে৷

বন্ধুসকল,

আজি মই এই প্ৰসংগত এটা গুৰুত্বপূর্ণ ঘোষণা কৰিবলৈ গৈ আছো৷ আমাৰ দেশত বাৰিষা কাল আৰু তাৰপাছত কৃষি-কাৰ্য অধিক হয়। অন্যান্য ক্ষেত্ৰসমূহ সামান্য স্বস্তি থাকে। জুলাইৰ পৰা লাহে লাহে সৱৰ পৰিৱেশৰ বাবে সাজু হয়৷ অহা জুলাইত গুৰুপূর্ণিমা, ইয়াৰ পাছত শাওণ মাহ আৰম্ভ হ’ব৷ তাৰপাছত আহিব ১৫ আগষ্ট-ৰাখী বন্ধন, শ্রীকৃষ্ণ জন্মাষ্টমী, গণেশ চতুৰ্থী, অ’নাম। ইয়াৰপাছত, কাতি বিহু, নৱৰাত্রি, দুর্গাপুজা, দশমী, দীপাৱলী, ছট্পুজা হ’ব। সৱৰ এই বতৰত প্ৰয়োজন অনুযায়ী খৰছো বৃদ্ধি পায়৷ এইবোৰ দিশৰ প্ৰতি বিবেচনা কৰি সিদ্ধান্ত লোৱা হয় যে প্ৰধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনা এতিয়া দীপাৱলী আৰু ছট্পূজালৈকে অর্থা নৱেম্বৰ মাহলৈ বৃদ্ধি কৰা হল। ৮০ কোটি লোকে জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নভেম্বৰ মাহলৈকে বিনামূলীয়া খাদ্যশস্য লাভ কৰিব৷ চৰকাৰে এই পাঁচ মাহত ৮০ কোটিতকৈও অধিক দৰিদ্ৰ ভাই-ভনীক প্ৰতি মাহে কেজিকৈ ঘেঁহু বা চাউল বিনামূলীয়াকৈ বিতৰণ কৰিব৷ তদুপৰি, প্ৰতিটো পৰিয়ালক মাহত কিলো বুটো প্ৰদান কৰা হ’ব৷

বন্ধুসকল,

প্ৰধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনাৰ সময় বৃদ্ধিৰ ফলত ৯০ হাজাৰ কোটিতকৈও অধিক টকা ব্যয় হ’ব৷ ইয়াৰ লগত আমি যদি যোৱা তিনি মাহৰ ব্যয় যোগ কৰো, তেতিয়াহ’লে এই পৰিমাণ প্রায় ডেৰ লাখ কোটি টকা হ’ব৷ সমগ্ৰ দেশৰ বাবে আমি এক সপোন দেখিছো, বহু ৰাজ্যই বহু ভালদৰে এই কাম কৰিছে, বাকী ৰাজ্যসমূহকো মই এই কাম ৰূপায়ণ কৰাৰ বাবে অনুৰোধ কৰিম৷ এতিয়া সমগ্ৰ ভাৰতৰ বাবেএক ৰেচন কার্ডৰ ব্যৱস্থা কৰা হৈছেঅর্থাএক দেশ, এক ৰেচন কার্ড ইয়াৰ জৰিয়তে সৰ্বাধিক লাভান্বিত হ’ব, সেইসকল দৰিদ্ৰ বন্ধু, যিসকলে নিজৰ গাঁও এৰি অন্য ঠাইত আনকি অন্য ৰাজ্যত কামৰ বাবে যাবলৈ বাধ্য হয়৷

বন্ধুসকল,

আজি দৰিদ্ৰ, অসহায় লোকসকলক চৰকাৰ যি বিনামূলীয়া খাদ্যশস্য দিব পাৰিছে, তাৰ কৃতিত্ব দুই শ্রেণীৰ নাগৰিকৰ৷ প্ৰথমতে, আমাৰ দেশৰ পৰিশ্ৰমী কৃষক অর্থা আমাৰ অন্নদাতাসকল আৰু দ্বিতীয়তে, আমাৰ দেশৰ কৰদাতাসকল। আপোনালোকৰ পৰিশ্ৰম আৰু আপোনালোকৰ সর্গা জৰিয়তে দেশে এই সহায় কৰিবলৈ সক্ষম হৈছে৷ আপোনালোকে দেশৰ খাদ্য ভাণ্ডাৰ ভৰাই ৰাখিছে বাবেই দৰিদ্ৰ লোক আৰু শ্ৰমিকসকলৰ চৌকা জ্বলিছে, আপোনালোকে সততাৰে কৰ প্ৰদান কৰি নিজৰ দায়িত্ব পালন কৰিছে বাবেই দেশৰ দৰিদ্ৰ লোকসকলে ইমান ডাঙৰ সংকট মোকাবিলা কৰিব পাৰিছে৷ আজি মই প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ লগতে দেশৰ প্ৰতিগৰাকী কৃষক আৰু কৰদাতাক অন্তৰৰ পৰা অভিনন্দন তথা প্ৰণাম জনাইছো৷

বন্ধুসকল,

অনাগত দিনত আমি নিজৰ প্ৰচেষ্টাক আৰু অধিক ত্বৰান্বিত কৰিম, দৰিদ্ৰ, পীড়িত, শোষিত, বঞ্চিত লোসকলক সবলীকৰণৰ বাবে নিৰন্তৰ কাম কৰিম৷ আমি সকলোধৰণৰ সতর্কতা বজাই ৰাখি অর্থনৈতিক কাম-কাজসমূহ আৰু অধিক আগুৱাই নিম৷ আত্মনির্ভৰ ভাৰতৰ বাবে আমি দিনে-ৰাতিয়ে কাম কৰিম৷ আমি সকলো থলুৱা উপাদনৰ হকে মাত মাতিম৷ এই সংকল লৈ আমি ১৩০ কোটি ভাৰতীয়ই মিলি কাম কৰিম, আগুৱাই যাম৷

পুনৰবাৰ মই আপোনালোকৰ সকলোকে বাবে প্রার্থনা জনাইছো যে আপোনালোকে সকলো সুস্থ থাকক৷ আপোনালোকৰ সকলোৰে প্ৰতি মোৰ অনুৰোধ, আপোনালোকে দুই গজ দূৰত্ব বজাই ৰাখক, গামোছা, মুখাৱৰণী, মাস্ক-এইবোৰ সকলো সময়তে ব্যৱহাৰ কৰক৷ কোনো অৱহেলা নকৰিব৷ এই আহ্বাননেৰে আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনালো৷

ধন্যবাদ৷

 

******

VRRK/SH



(Release ID: 1635519) Visitor Counter : 205