পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

ফৰিদাবাদত ইণ্ডিয়ান অইলৰ আৰ এণ্ড ডি কেম্পাছৰ আধাৰশিলা স্থাপন শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

আৰ এণ্ড ডি আত্মনিৰ্ভৰশীল ভাৰতৰ এক প্ৰধান উপাদানঃ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

হাৰিয়ানাক দেশৰ এক আগশাৰীৰ আৰ এণ্ড ডি হাব বনাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ

Posted On: 29 JUN 2020 1:31PM by PIB Guwahati

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালৰ সৈতে আইএমটি, ছেক্টৰ-৬৭, ফৰিদাবাদত দ্বিতীয়টো আৰ এণ্ড ডি কেম্পাছৰূপে ইণ্ডিয়ান অইলৰ অত্যাধুনিক প্ৰযুক্তি উন্নয়ন আৰু নিয়োগ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। এই নতুন কেন্দ্ৰটো ৫৯ একৰ ভূমিত ২২৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হব। ইণ্ডিয়ান অইলৰ আৰ এণ্ড ডিয়ে বিকাশ কৰি উলিওৱা বিভিন্ন প্ৰযুক্তিবিদ্যাৰ প্ৰদৰ্শন আৰু ব্যৱহাৰ সন্দৰ্ভত এই নতুন কেম্পাছটোৱে গুৰুত্ব আৰোপ কৰিব আৰু ফৰিদাবাদৰ ছেক্টৰ-১৩ত থকা কেম্পাছৰ সৈতে মিলি কাম কৰিব।

 

এই নতুন কেম্পাছটোত গৱেষণাৰ আন্তগাঁথনিত বিকল্প আৰু পুনৰ নবীকৰণযোগ্য শক্তি যেনে-ইন্ধন কোষ, হাইড্ৰজেন, গেছীকৰণ আৰু সৌৰ শক্তি গৱেষণা, অৰ্ধ বাণিজ্যিক নেন সামগ্ৰী উত্পাদন গোট, পেট্ৰ ৰসায়নত স্কেল-আপ/পাইলট প্লেনটছ, অনুঘটক, জৈৱপ্ৰযুক্তিবিদ্যা আদিৰ অত্যাধুনিক পৰীক্ষাগাৰ আৰু পাইলট প্লেনটছ থাকিব। ইণ্ডিয়ান অইলৰ এই নতুন পৰিসৰ আৰএণ্ডডি কেন্দ্ৰই প্ৰচলিত শক্তিৰ লগতে অ-প্ৰচলিত শক্তি ক্ষেত্ৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব। একেদৰে এই নতুন কেন্দ্ৰৰ উদ্দেশ্য হৈছে ভালেসংখ্যক ফ্ৰণ্টলাইন আৰু ছানৰাইজ টেকনলজী যেনে-পেট্ৰকেমিকেলছ, বেটেৰী/শক্তি ভাণ্ডাৰ উপকৰণ,জৈৱ-শক্তি-গ্ৰীণহাউছ গেছ(কাৰ্বনডাই অক্সাইড) আহৰণ, অনুঘটকৰ নাইবা ইন্ধন কোষৰ বাবে নেনো সামগ্ৰী, গতিশীলতা আৰু স্থিৰ এপ্লিকেচনৰ বাবে হাইড্ৰজেন উত্পাদনৰ পদ্ধতি আৰু ইন্ধন কোষৰ দৰে ছানৰাইজ প্ৰযুক্তিবিদ্যাৰ স্বদেশীকৰণ কৰা।

 

অনুষ্ঠানত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে ইণ্ডিয়ান অইলৰ আৰএণ্ডডি চেণ্টাৰে বছৰ বছৰ ধৰি দেশীয় প্ৰযুক্তি আৰু গৱেষণা ক্ষেত্ৰত কাম কৰি আহিছে। তেওঁ আৰু কয় যে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ স্বপ্ন পূৰণৰ প্ৰতি ইণ্ডিয়ান অইলৰ আৰএণ্ডডিয়ে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই কেন্দ্ৰটোত বিকল্প, স্বচ্ছ আৰু দেশীয় শক্তি উত্পাদনৰ বাবে এটি পৰীক্ষাগাৰ থাকিব। ভাৰতক শক্তি ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰি তোলা আৰু মাননীয় প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগী পূৰণৰ উদ্দেশ্যে ই এক ডাঙৰ পদক্ষেপ বুলি তেওঁ মন্তব্য কৰে।

 

হাৰিয়ানা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী প্ৰধানে হাৰিয়ানাক কেৰাচিন মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনায়। তেওঁ কয় কৃষি-অৱশিষ্ট অংশসমূহক ব্যৱহাৰ কৰি স্বচ্ছ শক্তিলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এই ৰাজ্যখনে অগ্ৰণী ভূমিকা পালন কৰিব পাৰে। মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালৰ নেতৃত্বত  

হাৰিয়ানাই আৰ্থ-সামাজিক আৰু বিকাশৰ ক্ষেত্ৰত অসাধাৰণ উন্নতি লাভ কৰিছে। তেওঁ কয়, কেন্দ্ৰীয় চৰকাৰে হাৰিয়ানাক দেশৰ শীৰ্ষস্থানীয় আৰএণ্ডডি কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

 

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কৰনা সংকটৰ এই সময়ত বিশ্বক ঔষধ সৰবৰাহৰ ক্ষেত্ৰত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয় যে দেশত পেট্ৰকেমিকেলৰ আৱশ্যকতা বৃদ্ধি পাই আহিছে আৰু আমি পেট্ৰলিয়াম সামগ্ৰীৰ আমদানি হ্ৰাস কৰিব লাগিব। তেওঁ ভাৰতক পেট্ৰকেমিকেল হাব হিচাপে গঢ়ি তোলাৰ লগতে দেশক আত্মনিৰ্ভৰ কৰাৰ আহ্বান জনায়।

 

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালে কয় যে কৰনা মহামাৰীৰ সময়ত ৰাজ্যখনে সংকটৰ সৈতে যুঁজ দিছে আৰু ক্ষতিগ্ৰস্ত শ্ৰমিকসকলক সাহায্য আগবঢ়াইছে।ইণ্ডিয়ান অইলৰ গৱেষণা ইউনিট স্থাপনৰ বাবে হাৰিয়ানাক নিৰ্বাচন কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী খট্টৰে কয় যে ৰাজ্যখনে কেৱল কৃষি ক্ষেত্ৰতেই অগ্ৰণী নহয়, স্পৰ্টছ হাব হিচাপেও বিকাশ আৰু অটোমবাইল ক্ষেত্ৰতো এক প্ৰধান খেলুৱৈৰ ৰূপত আগবাঢ়ি আছে।    

 ********************************************************

YB/KG



(Release ID: 1635253) Visitor Counter : 148