স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ সন্দৰ্ভত শেহতীয়া তথ্য

আৰোগ্যৰ হাৰ ৫৮.৬৭% লৈ উন্নীত

আৰোগ্য আৰু আক্ৰান্ত হৈ থকা লোকৰ মাজৰ পাৰ্থক্য ১,১১,৬০২লৈ বৃদ্ধি পাইছে

Posted On: 29 JUN 2020 1:13PM by PIB Guwahati

ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰা পৰ্যায়ভিত্তিক আৰু সক্ৰিয় দৃষ্টিভংগীয়ে এই ক্ষেত্ৰত সাহজনক সফলতা আনিছে৷

আজি আৰোগ্য আৰু আক্ৰান্ত হৈ থকা লোকৰ মাজৰ পাৰ্থক্য ,১১,৬০২লৈ বৃদ্ধি পাইছে৷ এতিয়ালৈকে সৰ্বমুঠ ৩,২১,৭২২ গৰাকী ৰোগী কভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ ক্ৰমান্বয়ে উন্নীত হৈছে৷ আজি আৰোগ্যৰ হাৰ ৫৮.৬৭শতাংশলৈ বৃদ্ধি পাইছে৷

বিগত ২৪ ঘণ্টাত ১২,০১০গৰাকী কভিড-১৯ ৰোগী আৰোগ্য হৈছে৷

বৰ্তমান চিকিসকৰ নিৰীক্ষণত ২,১০,১২০গৰাকী আক্ৰান্ত অৱস্থাত আছে। ভাৰতত বৰ্তমান কভিড-১৯ পৰীক্ষাগাৰৰ সংখ্যা ১০৪৭টালৈ বৃদ্ধি পাইছে৷ ইয়াৰে ৭৬০টা চৰকাৰী আৰু ২৮৭টা ব্যক্তিগত পৰীক্ষাগাৰ সংখ্যা আছে। বিগত ২৪ ঘণ্টাত ১১টা চৰকাৰী পৰীক্ষাগাৰ সংযোগ কৰা হৈছে৷ ইয়াৰ বিৱৰণ তলত দিয়া ধৰণৰঃ

সঠিক সময়ত আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৫৬৭(চৰকাৰীঃ৩৬২+ব্যক্তিগতঃ২০৫)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৩৯৩(চৰকাৰীঃ৩৬৬+ব্যক্তিগতঃ২৭)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ৮৭(চৰকাৰীঃ৩২+ব্যক্তিগতঃ৫৫)

দৈনিক নমুনা পৰীক্ষাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰা হৈছে, যাৰ অংশহিচাপে বিগত ২৪ ঘণ্টাত ১,৭০,৫৬০টা নমুনা পৰীক্ষা কৰা গৈছে। এতিয়ালৈকে সৰ্বমুঠ ৮৩,৯৮,৩৬২টা নমুনা পৰীক্ষা কৰা গৈছে।

ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত কভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB



(Release ID: 1635133) Visitor Counter : 211