প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৮.০৬.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৩তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 28 JUN 2020 11:39AM by PIB Guwahati

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ ‘মন কী বাতে’ ২০২০ বৰ্ষৰ অৰ্ধ পৰিক্ৰমা সম্পূৰ্ণ কৰিলে৷ ই সময়ছোৱাত আমি অনেক বিষয়ৰ ওপৰত কথা পাতিলো৷ স্বাভাৱিকতে যি বিশ্বজনীন মহামাৰীয়ে দেখা দিলে, মানৱ জাতিৰ ওপৰত যি সংকটৰ সৃষ্টি হ’ল সেই সন্দৰ্ভত আমাৰ কথা-বাৰ্তা অধিক হ’ল৷ কিন্তু এইকেইদিনত দেখা পাইছো, জনসাধাৰণৰ মনৰ মাজত এটা কথাই সৰ্বত্ৰ আলোচিত হৈছে৷ সেয়া হ’ল যে এই বৰ্ষটো কেতিয়া সমাপ্ত হ’ব৷ কোনোবাই যদি কাৰোবাক ফোনো কৰিছে তেন্তে তেওঁলোকৰ মাজত এই কথাৰেই আলোচনা হৈছে যে এই বৰ্ষটো কিয় সোনকালে শেষ নহয়৷ কোনোবাই লিখিছে, বন্ধুৰ সৈতে কথা পাতিছে, কোনোবাই কৈছে যে এই বৰ্ষটো ঠিক নহয়, কোনোবাই কৈছে ২০২০ বৰ্ষটো শুভ নহয়৷ জনসাধাৰণে কেৱল এটা কথাই চিন্তা কৰিছে যে যিকোনো উপায়েৰে এই বৰ্ষটো শেষ হওক৷

বন্ধুসকল, কেতিয়াবা কেতিয়াবা মই ভাবো যে এনে কিয় হৈছে৷ এই আলোচনাসমূহৰ কিবা কাৰণো থাকিব পাৰে৷ ৬-৭ মাহ পূৰ্বে আমি নাজানিছিলো যে ক’ৰোনাৰ দৰে সংকট আমাৰ জীৱনলৈ আহিব আৰু ইয়াৰ বিৰুদ্ধে দীঘলীয়া যুদ্ধত অৱতীৰ্ণ হ’ব লাগিব৷ এই সংকটৰ লগতে নিতৌ নতুন প্ৰত্যাহ্বানো আমাৰ সন্মুখত উপস্থিত হৈছে৷ কিছু দিন পূৰ্বে দেশৰ পূব অংশত আম্ফন ঘূৰ্ণীবতাহ অহাৰ লগতে পশ্চিম তটলৈ নিসৰ্গ ঘূৰ্ণীবতাহ আহিছিল৷ দেশৰ কিছু কিছু ৰাজ্যত আমাৰ কৃষক ভাই-ভনীসকলে ফৰিঙৰ আক্ৰমণৰ সমস্যাৰ সন্মুখীন হোৱাৰ সময়তে আন কিছু প্ৰান্ত সৰু সৰু ভূমিকম্পইও সমস্যাৰ সৃষ্টি কৰিছে৷ ইয়াৰে মাজত আমাৰ কিছু প্ৰতিবেশী দেশে যি সমস্যাৰ সৃষ্টি কৰিছে, তাৰ সৈতেও মোকাবিলা কৰা হৈছে৷ সঁচাকৈয়ে, এটা সময়তে ইমানবোৰ সমস্যাৰ, এনেকুৱা স্তৰৰ সমস্যা খুবেই কম দেখিবলৈ পোৱা যায়৷ অৱস্থা এনে হৈছে যে ইমান সৰু সৰু ঘটনাকো জনসাধাৰণে এই প্ৰত্যাহ্বানসমূহৰ সৈতে সাদৃশ্যতা দেখিবলৈ পাইছে৷

বন্ধুসকল, সমস্যা আহে., সংকট আহে, কিন্তু প্ৰশ্ন এয়াই যে এই বিপদসমূহৰ বাবে আমি ২০২০ বৰ্ষটোক বেয়া বুলি ক’ম নেকি? প্ৰথম ছমাহটো যিদৰে গ’ল তাৰ বাবে এয়া ভাবি ল’ম নে যে গোটেই বৰ্ষটো বেয়া? নহয়৷ মোৰ মোৰ মৰমৰ দেশবাসীসকল, মুঠেই নহয়৷ এটা বৰ্ষত এটাই প্ৰত্যাহ্বান হওক অথবা পঞ্চাছটা, সেই বৰ্ষটো বেয়া হ’ব নোৱাৰে৷ ভাৰতৰ ইতিহাসত বিপদৰ পৰা মুকলি হোৱা তথা প্ৰত্যাহ্বানত জয় লাভ কৰাৰ কথা উল্লেখ আছে৷ শতাধিক বৰ্ষ পৰ্যন্ত বিভিন্ন আক্ৰমণকাৰীয়ে ভাৰতত আক্ৰমণ কৰিছিল৷ মানুহে ভাবিছিল যে ভাৰতৰ অৱয়ব পৰিৱৰ্তন হৈ পৰিব, ভাৰতৰ সংস্কৃতি বিনষ্ট হ’ব৷ কিন্তু এই সংকটসমূহক ভাৰতে হেলাৰঙে পৰাস্ত কৰিব পাৰিছিল৷

বন্ধুসকল, আমাৰ ইয়াত কোৱা হয়- সৃজন শ্বাস্বত, সৃজন নিৰন্তৰ৷

এটা গীতৰ কলি মোৰ মনলৈ আহিছে-

য়হ কল কল ছল ছল বহতী, ক্যা কহতী গংগা ধাৰা?

যুগ যুগ মে বহতা আতা, য়হ পুণ্য প্ৰবাহ হামাৰা

সেই গীতটোতেই আগলৈ গোৱা হোৱা-

ক্যা ওসকো ৰোক সকেংগে, মিটনেৱালে মিট যায়েংগে

কংকৰ-পথ্থৰ কি হস্তি, ক্যা বাধা বনকৰ আয়ে৷

ভাৰত যেতিয়াই বৃহৎ সংকটৰ সন্মুখীন হৈছে, সেই সময়তে বাধাসমূহো দূৰ কৰি অনেক সৃজনো হৈছে৷ নতুন সাহিত্য ৰচনা কৰা হৈছে, নতুন অনুসন্ধান হৈছে, নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ অৰ্থাৎ সংকটৰ সময়তো প্ৰতিটো ক্ষেত্ৰতে সৃজনৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু আমাৰ সংস্কৃতি পুষ্পিত-পল্লবিত হৈছে৷ দেশ আগবাঢ়িয়েই আছে৷ ভাৰতে সদায়েই সংকটক সফলতাৰ চিৰিলৈ পৰিৱৰ্তিত কৰিছে৷ এই ভাৱনাৰ সৈতে আি আজিও এই সংকটৰ মাজেৰেই আগবাঢ়িব লাগিব৷ আপোনালোকে এই চিন্তাধাৰাৰ সৈতে আগবাঢ়িব, ১৩০ কোটি দেশবাসী আগবাঢ়িব৷ তেতিয়াহ’লে এই বৰ্ষটোও দেশৰ বাবে কীৰ্তিমান বৰ্ষ হিচাপে পৰিচিত হ’ব৷ এই বৰ্ষতেই দেশে নতুন লক্ষ্য প্ৰাপ্ত কৰিব, নতুন উচ্চতালৈ গতি কৰিব৷ ১৩০ কোটি দেশবাসীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে৷ এই দেশৰ মহান পৰম্পৰাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে৷

মোৰ মৰমৰ দেশবাসীসকল, সংকট লাগিলে যিমানেই ডাঙৰ নহওক কিয়, ভাৰতৰ সংস্কাৰে নিঃস্বাৰ্থ ভাৱেৰে সেৱাৰ অনুপ্ৰেৰণা প্ৰদান কৰে৷ ভাৰতে যিদৰে কঠিন সময়ত বিশ্বৰ সহায় কৰিছে, তাৰ দ্বাৰা শান্তি আৰু বিকাশত ভাৰতৰ ভূমিকা অধিক শক্তিশালী কৰি তুলিছে৷ বিশ্বই এই সময়ছোৱাত ভাৰত বিশ্ব বন্ধুত্বৰ ভাৱনাক অনুভৱ কৰিছে আৰু ইয়াৰ বিশ্বই নিজৰ সাৰ্বভৌমত্ব আৰু সীমা ৰক্ষাৰ কৰাৰ বাবে ভাৰতৰ শক্তি তথা ভাৰতৰ প্ৰতিশ্ৰুতিৰ শক্তিও প্ৰত্যক্ষ কৰিছে৷ লাডাখত ভাৰতৰ ভূমিলৈ ক্ৰুৰ দৃষ্টি দিয়াসকলে উচিত প্ৰত্যুত্তৰ লাভ কৰিছে৷ ভাৰতে বন্ধুত্ব পালন কৰিব জানে আৰু চকুত চকু থৈ উচিত প্ৰত্যুত্তৰো দিব জানে৷ আমাৰ বীৰ সৈনিকসকলে দেখুৱাই দিছে যে তেওঁলোকে কেতিয়াও ভাৰতৰ গৌৰৱত আঁচোৰ পৰিবলৈ নিদিয়ে৷

বন্ধুসকল, লাডাখত আমাৰ যি বীৰ জোৱান শ্বহীদ হৈছে, তেওঁলোকৰ শৌৰ্যক সমগ্ৰ দেশে প্ৰণিপাত কৰিছে, শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিছে৷ সমগ্ৰ দেশ তেওঁলোকৰ প্ৰতি কৃতজ্ঞ৷ এই বন্ধুসকলৰ পৰিয়ালৰ দৰে প্ৰতিজন ভাৰতীয়ই এওঁলোকক হেৰুওৱাৰ দুখ অনুভৱ কৰিছে৷ নিজৰ বীৰ সন্তানৰ বলিদানত তেওঁলোকৰ পৰিয়ালৰ মাজত গৰ্বৰ যি ভাৱনা প্ৰকট হৈছে সেয়াই হৈছে দেশৰ প্ৰকৃত শক্তি৷ আপোনালোকে দেখিছে যে যাৰ এজন পুত্ৰ শ্বহীদ হৈছে তেওঁলোকৰ পৰিয়ালে আনজন পুত্ৰকো সেনালৈ প্ৰেৰণ কৰাৰ কথা কৈছে৷ বিহাৰৰ বাসিন্দা শ্বহীদ কুন্দৰ কুমাৰৰ পিতৃৰ বাক্য এতিয়াও কাণত বাজি আছে৷ তেওঁ কৈছে যে নিজৰ নাতিকো দেশৰ ৰজাৰ বাবে সেনালৈ প্ৰেৰণ কৰিব৷ এই উৎসাহ শ্বহীদৰ পৰিয়াল৷ বাস্তৱতেই এওঁলোকৰ ত্যাগ পূজনীয়৷ ভাৰত-মাতৃৰ ৰক্ষাৰ বাবে যি সংকল্পৰ সৈতে আমাৰ জোৱানসকলে বলিদান দিছে, সেই সংকল্পক আমিও জীৱনৰ চালিকা শক্তি হিচাপে মানি ল’ব লাগিব, প্ৰতিদন দেশবাসীয়ে এয়া মানি ল’ব লাগিব৷ আমাৰ প্ৰতিটো প্ৰয়াস এই দিশতেই হ’ব লাগিব য’ত সীমাৰ ৰক্ষাৰ বাবে দেশৰ শক্তি বৃদ্ধি হ’ব, দেশ অধিক সক্ষম হ’ব, দেশ আত্মনিৰ্ভৰ হ’ব- এয়াই হ’ব আমাৰ শ্বহীদসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি৷ মোলৈ অসমৰ ৰজনীয়ে লিখিছে, তেওঁ পূব লাডাখত সংঘটিত হোৱা ঘটনা প্ৰত্যক্ষ কৰাৰ পিছত এক প্ৰতিজ্ঞা লৈছে যে তেওঁ সদায়েই স্থানীয় সামগ্ৰীহে ক্ৰয় কৰিব৷ এনে বাৰ্তা মোলৈ দেশৰ প্ৰতিটো প্ৰান্তৰৰ পৰা আহিবলৈ ধৰিছে৷ বহু লোকে মোলৈ পত্ৰ লিখি এনে প্ৰতিজ্ঞা গ্ৰহণ কৰা বুলি কৈছে৷ এইদৰে তামিলনাডুৰ মাডুৰাইৰ পৰা ৰামামূৰ্তিয়ে লিখিছে যে তেওঁ ভাৰতক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰ হোৱাটো বিচাৰিছে৷

বন্ধুসকল, স্বাধীনতাৰ পূৰ্বে আমাৰ দেশ প্ৰতিৰক্ষা খণ্ডত বিশ্বৰ বহু দেশতকৈ আগবঢ়া আছিল৷ আমাৰ ইয়াত অনেক গোলা-বাৰুদৰ কাৰখানা আছিল৷ সেই সময়ত বহু দেশ আমাতকৈ পিছত আছিল৷ স্বাধীনতাৰ পিছত প্ৰতিৰক্ষা ক্ষেত্ৰত আমি যি প্ৰয়াস কৰিব লাগিছিল সেয়া আমি নকৰিলো৷ কিন্তু আজি প্ৰতিৰক্ষা ক্ষেত্ৰত, প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে আগুৱাই যোৱাৰ নিৰন্তৰ প্ৰয়াস কৰিছে, ভাৰতে আত্মনিৰ্ভৰতাৰ দিশত আগুৱাই গৈছে৷

বন্ধুসকল, যিকোনো অভিযান জনসাধাৰণৰ অংশগ্ৰহণ অবিহনে সম্পূৰ্ণ নহয়, সফল নহয়৷ সেইবাবে আত্মনিৰ্ভৰ ভাৰতৰ দিশত এজন নাগৰিক হিচাপে আমাৰ সকলোৰে সংকল্প, সমৰ্পণ আৰু সহযোগিতা অতিশয় আৱশ্যক, অনিবাৰ্য৷ আপোনালোকে যদি থলুৱা সামগ্ৰী ক্ৰয় কৰে, থলুৱা সামগ্ৰীৰ হৈ মাত মাতে, তেনেহ’লে বুজিব যে আপোনালোকে দেশক শক্তিশালী কৰাত নিজৰ ভূমিকা পালন কৰিছে৷ এয়াও এক ধৰণে দেশৰ প্ৰতি সেৱা৷ আপুনি যে পেছাৰেই নহওক কিয়, প্ৰতিটো খণ্ডতে দেশলৈ সেৱা আগবঢ়োৱাৰ অনেক সুবিধা আছে৷ দেশৰ আৱশ্যকতা অনুধাৱন কৰি যি কামেই কৰক, সেয়াই হ’ল দেশৰ প্ৰতি আগবঢ়োৱা সেৱা৷ আপোনালোকৰ এই সেৱা দেশক কোনোবা নহয় কোনোবা ধৰণে শক্তিশালী কৰিব আৰু আমি এয়াও মনত ৰাখিব লাগিব যে আমাৰ দেশ যিমানেই শক্তিশালী হ’ব সিমানেই বিশ্বত শান্তিৰ সম্ভাৱনাও বৃদ্ধি হ’ব৷ আমাৰ ইয়াত কোৱা হয়- 

বিদ্যা বিবাদায় ধনং মদায়, শক্তিঃ পৰেষাং পৰিপিডনায়৷

খলস্য সাধৌঃ বিপৰীতমঃ এতত, জ্ঞানায় দানায় চ ৰক্ষণায়৷৷

অৰ্থাৎ কোনোবা যদি স্বভাৱতে দুষ্ট হয় তেন্তে তেওঁ বিদ্যাৰ প্ৰয়োগ ব্যক্তি বিবাদত, ধনৰ প্ৰয়োগ অহংকাৰত আৰু শক্তিৰ প্ৰয়োগ আনক সমস্যাত পেলাবলৈ কৰে৷ কিন্তু সজ্জনৰ বিদ্যা, জ্ঞানৰ বাবে, ধন সাহায্যৰ বাবে আৰু শক্তি আনক ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ ভাৰতে সদায়েই নিজৰ শক্তি এই ভাৱনাৰ সৈতে প্ৰয়োগ কৰিছে৷ ভাৰতৰ সংকল্প এয়াই যে ভাৰতৰ স্বাভিমান আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা৷ ভাৰতৰ লক্ষ্য হ’ল আত্মনিৰ্ভৰ ভাৰত৷ ভাৰতৰ পৰম্পৰা এয়াই যে বিশ্বাস আৰু মিত্ৰতা৷ ভাৰতৰ ভাৱ হ’ল বন্ধুত্ব৷ আমি এই আদৰ্শৰ সৈতেই আগবাঢ়ি যাম৷

মোৰ মৰমৰ দেশবাসীসকল, ক’ৰোনাৰ সংকট কালত দেশ লকডাউনৰ পৰা বাহিৰলৈ ওলাইছে৷ আমি এতিয়া আনলকৰ পৰ্যায়ত আছো৷ আনলকৰ এই সময়ছোৱাত আমি দুটা কথাত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব- ক’ৰোনাক পৰাস্ত কৰা আৰু আমাৰ অৰ্থব্যৱস্থাক শক্তিশালী কৰা৷

বন্ধুসকল, লকডাউনতকৈ অধিক সতৰ্কতা আমি আনলকৰ সময়ছোৱাত পালন কৰিব লাগিব৷ আপোনাৰ সতৰ্কতাই আপোনাক ক’ৰোনাৰ পৰা ৰক্ষা কৰিব৷ এই কথাটো সদায়েই মনত ৰাখিব যে যদি আপুনি মাস্ক নিপিন্ধে, দুই গজৰ দূৰত্ব পালন নকৰে অথবা অন্যান্য সাৱধানতা পালন নকৰে তেন্তে আনকো বিপদত পেলাইছে৷ বিশেষকৈ ঘৰৰ শিশু, ঘৰৰ বয়স্ক লোকসকলক৷ সেয়ে সকলো দেশবাসীলৈ মোৰ নিবেদন  আৰু এই নিবেদন মই বাৰে বাৰে কৰিছো আৰু মোৰ নিবেদন এয়াই যে আপোনালোক অসাৱধান নহ’ব, নিজৰ যত্ন ৰাখক আৰু আনৰো যত্ন ৰাখক৷

বন্ধুসকল, আনলকৰ সময়ছোৱাত এনেকুৱা বহুতো কথা আনলক হৈছে যি দশকজুৰি ভাৰতক বান্ধি ৰাখিছিল৷ বৰ্ষজুৰি আমাৰ খনি খণ্ড আনলকত আছিল৷ বাণিজ্যিক নিলামক অনুমোদন প্ৰদান কৰাৰ এক সিদ্ধান্তই স্থিতি সম্পূৰ্ণ ধৰণে  পৰিৱৰ্তিত কৰি তুলিছে৷ কিছু দিন পূৰ্বে মহাকাশ খণ্ডত এক ঐতিহাসিক সংশোধন কৰা হৈছে৷ সেই সংস্কাৰৰ জৰিয়তে বৰ্ষজুৰি লকডাউনত থকা এই খণ্ডটোৱে মুক্তি লাভ কৰিছে৷ ইয়াৰ দ্বাৰা আত্মনিৰ্ভৰ ভাৰত অভিযানে কেৱল এক গতি লাভ কৰাই নহয় বৰঞ্চ দেশ প্ৰযুক্তিৰ দিশতো আগুৱাব৷ কৃষি খণ্ডলৈ লক্ষ্য কৰিলে দেখিব যে এই খণ্ডৰো বহু দিশ দশকজুৰি লকডাউনৰ মাজত আছিল৷ এই খণ্ডকো এতিয়া আনলক কৰা হৈছে৷ ইয়াৰ দ্বাৰা এফালে কৃষকে নিজৰ ফচল যিকোনো স্থানত যেতিয়াই-তেতিয়াই বিক্ৰী কৰাৰ স্বাধীনতা লাভ কৰিছে আৰু আনফালে তেওঁলোকে অধিক ঋণ পোৱাটোও সুনিশ্চিত হৈছে৷ এনেকুৱা অনেক ক্ষেত্ৰ আছে য’ত আমাৰ দেশ এই সকলো সংকটৰ মাজত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে বিকাশৰ নতুন পথ মুকলি  কৰিছে৷

মোৰ মৰমৰ দেশবাসীসকল, প্ৰতিটো মাহত আমি এনে খবৰ পঢ়ো আৰু দেখো যিয়ে আমাক ভাবুক কৰি তোলে৷ ই আমাক এই কথাৰ স্মৰণ কৰায় যে কিদৰে প্ৰতিজন ভাৰতীয়ই পৰস্পৰে পৰস্পৰক সহায়ৰ বাবে তৎপৰ, তেওঁলোকে যিকোনো কাম কৰিব পাৰে৷

অৰুণাচল প্ৰদেশৰ এনে এক অনুপ্ৰেৰণাদায়ী কাহিনী মই সংবাদ মাধ্যমত পঢ়িবলৈ পালো৷ তাৰে ছিয়াং জিলাৰ মিৰেম গাঁৱে এক অদ্ভুত কাম কৰি দেখুৱালে৷ সেই গাঁৱৰ বহু লোকে বাহিৰত চাকৰি কৰিছিল৷ গাঁওবাসীয়ে দেখা পালে যে ক’ৰোনা মহামাৰীৰ সময়ত তেওঁলোকে নিজৰ গাঁৱলৈ ঘূৰি আহিছে৷ সেইবাবে গাঁৱৰ লোকসকলে পূৰ্বতেই গাঁৱৰ বাহিৰ কোৱাৰেণ্টিন ব্যৱস্থা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ তেওঁলোকে লগ হৈ গাঁৱৰ পৰা অলপ দূৰৈতে ১৪টা অস্থায়ী জুপুৰি নিৰ্মাণ কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে যে গাঁৱলৈ ঘূৰি অহা লোকসকলক কিছুদিন সেই কোৱাৰেণ্টিত ৰখা হ’ব৷ সেই জুপুৰিসমূহত শৌচালয়, বিদ্যুৎ পানী সহিতে দৈনিক প্ৰয়োজনীয়তাৰ সকলো সুবিধা উপলব্ধ কৰোৱা হ’ব৷

বন্ধুসকল, আমাৰ ইয়াত কোৱা হয়-

স্ব ভাৱং ন জহাতি এব, সাধুঃ আপদ্ৰতোপি সন৷

কৰ্পুৰঃ পাৱক স্পৃষ্টঃ সৌৰভঃ লভতেতৰাম৷৷

অৰ্থাৎ, যিদৰে কৰ্পূৰ অগ্নিত দগ্ধ হৈও নিজৰ সুগন্ধ বিলাই থাকে, ঠিক তেনেদৰে ভাল মানুহেও বিপদতো নিজৰ গুণ, স্বভাৱ পৰিত্যাগ নকৰে৷ আজি আমাৰ দেশৰ যি শ্ৰমশক্তি আছে, যি শ্ৰমিক সতীৰ্থ আছে তেওঁলোকেই হ’ল ইয়াৰ জীৱন্ত উদাহৰণ৷ আপোনালোকে দেখিবলৈ পাইছে যে এইকেইটা দিনত আমাৰ প্ৰবাসী শ্ৰমিকসকলৰ এনে কিমান কাহিনী আছে যিয়ে সমগ্ৰ দেশকে প্ৰেৰণা প্ৰদান কৰিছে৷ ইউপিৰ বাৰাবংকীত গাঁৱলৈ উভতি অহা শ্ৰমিকসকলে কল্যাণী নদীৰ প্ৰাকৃতিক স্বৰূপ প্ৰদান কৰাৰ কাম আৰম্ভ কৰিছে৷ নদী উদ্ধাৰ হোৱা দেখি কৃষকসকল উৎসাহিত হৈ পৰিছে৷ গাঁৱলৈ অহাৰ পিছত কোৱাৰেণ্টিনত থাকি, আইচলেচন কেন্দ্ৰত থাকি আমাৰ শ্ৰমিক বন্ধুসকলে যিদৰে নিজৰ প্ৰতিভাৰ জৰিয়তে নিকটৱৰ্তী স্থিতিৰ পৰিৱৰ্তন কৰিছে সেয়া অতিশয় উল্লেখনীয়৷

বন্ধুসকল, আপোনালোকৰ গাঁৱতো, ওচৰে-পাজৰে এনে অনেক ঘটনা হয়তো ঘটিছে৷ যদি আপুনি এনে ধৰণৰ ঘটনা প্ৰত্যক্ষ কৰিছে তেন্তে নিশ্চয়কৈ মোলৈ লিখক৷ সংকটৰ এই সময়ছোৱাত এই ধনাত্মক ঘটনাই আপোনাক প্ৰেৰণা প্ৰদান কৰিব৷

মোৰ মৰমৰ দেশবাসীসকল, ক’ৰোনা ভাইৰাছে নিশ্চিত ৰূপত আমাৰ জীৱন শৈলী পৰিৱৰ্তিত কৰিছে৷ মই লণ্ডনৰ পৰা প্ৰকাশিত ফিনান্সিয়েল টাইমছৰ এটা লেখা পঢ়ি আছিলো৷ ইয়াত লিখিছে যে ক’ৰোনাৰ সময়ছোৱাত আদা, হালধি আৰু আনবোৰ মছলা এছিয়াৰ উপৰিও আমেৰিকাতো চাহিদা বৃদ্ধি হৈছে৷ সমগ্ৰ বিশ্বই এই সময়ছোৱাত নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত মনোযোগ দিছে আৰু এই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা সামগ্ৰীসমূহ আমাৰ দেশত আছে৷ আমি ইয়াৰ গুণসমূহ বিশ্বৰ লোকসকলক সহজ আৰু সৰল ভাষাত বুজাব লাগে৷ ইয়াৰ দ্বাৰা যাতে এক সুস্থ ধৰিত্ৰী নিৰ্মাণত আমি যোগদান দিব পাৰো৷

মোৰ মৰমৰ দেশবাসীসকল, ক’ৰোনা সংকট যদি নাহিলহেঁতেন তেন্তে জীৱন কি, জীৱন কিয়, জীৱন কেনেকুৱা আমি হয়তো লক্ষ্যই নকৰিলোহেঁতেন৷ বহু লোকে ইয়াৰ বাবে মানসিক অশান্তিত জীৱন কটাবলগীয়া হৈছে৷ আনহাতে কিছুমানে লকডাউনৰ সময়ছোৱাত সুখৰ কিদৰে সৰু সৰু ঘটনা পুনৰ আৱিষ্কাৰ কৰিছে সেয়াও মোক জনাইছে৷

বন্ধুসকল, মই জানো, আজি যেতিয়া মই এই কথা কৈছো তেতিয়া বহুলোকে হয়তো নিজৰ শৈশৱলৈ উভতি গৈছে, নিজৰ শৈশৱ সোঁৱৰণ কৰিছে৷ মই এয়াই ক’ম যে আপুনি সেইদিনবোৰ পাহৰিছে কিয়? সেই খেলসমূহ আপুনি পাহৰিছে কিয়? মই ঘৰৰ ককা-আইতা, ঘৰৰ বয়স্ক, সকলোকে আহ্বান জনাইইছো যে নতুন প্ৰজন্মক যদি এই খেলবোৰৰ বিষয়ে নজনায় তেন্তে কোনে কৰিব? যেতিয়া অনলাইন পঢ়াৰ কথা কোৱা হৈছে, তেন্তে ভাৰসাম্য বজাই ৰাখিবলৈ, অনলাইন খেলৰ পৰা মুক্তি পাবলৈ আমি এনে কৰিবই লাগিব৷ আমাৰ যুৱ প্ৰজন্মৰ বাবেও, আমাৰ ষ্টাৰ্ট-আপসমূহৰ বাবেও এয়া এক নতুন অৱকাশ৷ আমি ভাৰতৰ পাৰম্পৰিক ইনডোৰ গেমসমূহক  নতুন আৰু আকৰ্ষক ৰূপত প্ৰস্তুত কৰো৷ ইয়াৰ সৈতে জড়িত সামগ্ৰীসমূহৰ  যোগান ধৰা ষ্টাৰ্ট-আপসমূহ জনপ্ৰিয় হৈ পৰিব৷ মনত ৰাখিব লাগিব যে আমাৰ ভাৰতীয় খেলসমূহো থলুৱা৷ মোৰ শিশু বন্ধুসকলক আজি মই এটা বিশেষ আগ্ৰহ কৰিম৷ শিশুসকল, মোৰ এই আহ্বান ৰক্ষা কৰিবনে? মই আপোনালোকলৈ আহ্বান জনাইছো যে যেতিয়াই সময় পায়, পিতৃ-মাতৃক সুধি ম’বাইলটো লওক আৰু নিজৰ ককা-আইতাক অথবা ঘৰত যিজন লোক বয়স্ক, তেওঁলোকৰ সাক্ষাৎকাৰ ৰেকৰ্ড কৰক৷ আপোনালোকে টিভিত যে দেখা পায় কিদৰে এজনে সাংবাদিকে সাক্ষাৎকাৰ গ্ৰহণ কৰে, ঠিক সেইদৰে সাক্ষাৎকাৰ লওক৷ তেওঁলোকক সোধক যে শৈশৱত তেওঁলোকে কি খেল খেলিছিল, কেনেদৰে সময় অতিবাহিত কৰিছিল, বন্ধৰ সময়ত কি কৰিছিল, উৎসৱসমূহ কিদৰে পালন কৰিছিল৷ ৪০-৫০ বছৰৰ আগৰ ভাৰত কেনে আছিল৷ যি ঠাইত তেওঁলোক থাকে সেই ঠাই কেনে আছিল৷ চাব, আপোনালোকে খুব আনন্দ পাব৷ আৰু পৰিয়ালৰ বাবেও এয়া এক সুন্দৰ ভিডিঅ’ এলবাম হৈ পৰিব৷

বন্ধুসকল, দেশৰ এক বৃহৎ অংশলৈ মৌচুমীৰ আগমন হৈছে৷ এইবাৰৰ বৰ্ষাক লৈ বতৰ বিজ্ঞানীসকলো অধিক উৎসাহী হৈছে৷ বৰষুণ ভাল হ’লে আমাৰ কৃষকসকলৰ খেতি-বাতিও ভাল হ’ব৷ বাৰিষাৰ সময়ছোৱাত প্ৰকৃতিয়েই যেন নতুন ৰূপ লাভ কৰে৷ মানৱে প্ৰকৃতিৰ যিসমূহ সামগ্ৰী গ্ৰহণ কৰে, বাৰিষাৰ সময়ত প্ৰকৃতিয়ে সেয়া পুনৰ গঢ়ি তোলে, ৰিফিল কৰে৷ কিন্তু এই ৰিফিল তেতিয়াহে হ’ব পাৰে যেতিয়া আমি ধৰিত্ৰী মাক এই অৱকাশ প্ৰদান কৰিম৷ নিজৰ দায়িত্ব পালন কৰিম৷ আমাৰ অনেক দেশবাসীয়ে এই দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে৷

কৰ্ণাটকৰ মণ্ডাৱলীত কামেগোড়া নামৰ এজন ৮০-৮৫ বছৰীয়া বৃদ্ধই বাস কৰে৷ তেওঁ এজন সাধাৰণ কৃষক, কিন্তু তেওঁৰ ব্যক্তিত্ব অসাধাৰণ৷ তেওঁ এনে এক আচৰিত কাম কৰিছে৷ ৮০-৮৫ বছৰীয়া কামেগোড়াই নিজৰ জন্তুসমূহ চৰাবলৈ নিয়াৰ লগতে নিজৰ ঠাইটুকুৰাত নতুন নতুন পুখুৰী খন্দাৰো দায়িত্ব গ্ৰহণ কৰিছে৷ তেওঁ নিজৰ এলেকাত পানীৰ সমস্যা দূৰ কৰিবলৈ বিচাৰিছে৷ আপুনি আচৰিত হ’ব যে এই ৮০-৮৫ বছৰীয়া কামেগোড়াই এই পৰ্যন্ত ১৬টা পুখুৰী খান্দিছে নিজৰ পৰিশ্ৰমৰ দ্বাৰা৷ হ’ব পাৰে যে তেওঁ বনোৱা পুখুৰীসমূহ বৃহৎ নহয় কিন্তু যি প্ৰয়াস তেওঁ কৰিছে তাৰ দ্বাৰা সমগ্ৰ অঞ্চলটো উপকৃত হৈছে৷

বন্ধুসকল, এই বাৰিষাত প্ৰকৃতিৰ ৰক্ষাৰ বাবে, পৰিবেশৰ ৰক্ষাৰ বাবে আমি এইদৰে চিন্তা কৰিব লাগে৷ কিছু স্থানত গণেশ চতুৰ্থীক লৈ প্ৰস্তুতি আৰম্ভ হৈছে৷ এই বাৰৰ গণেশজী মূৰ্তি আমি পৰিবেশ অনুকূল হিচাপে প্ৰস্তুত কৰিব পাৰো নেকি? কাৰণ মূৰ্তিসমূহৰ বিসৰ্জনৰ পিছত নদী, পুখুৰীৰ পানী অন্য জীৱৰ বাবে সংকটৰ কাৰণ হৈ পৰে৷ মোৰ বিশ্বাস যে, আপোনালোকে নিশ্চয়কৈ এনে কৰিব৷ বাৰিষাত অন্য ৰোগেও দেখা দিয়ে৷ ক’ৰোনা কালত আমি ইয়াৰ পৰাও ৰক্ষা পৰিব লাগিব৷ আয়ুৰ্বেদিক ঔষধ, গৰম পানী, এইসমূহৰ ব্যৱহাৰ কৰক, সুস্থ হৈ থাকক৷

মোৰ মৰমৰ দেশবাসীসকল, ২৮ জুন তাৰিখে ভাৰতে ভুতপূৰ্ব প্ৰধানমন্ত্ৰী এগৰাকীক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিছে৷ তেওঁ হ’ল প্ৰধানমন্ত্ৰী শ্ৰী পি ভি নৰসিংহ ৰাও৷ অতিশয় কম বয়সতেই তেওঁ অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল৷  অতিশয় সাধাৰণ ঘৰৰ পৰা আহি তেওঁ যিদৰে দেশক নেতৃত্ব প্ৰদান কৰিলে সেয়া অৱশ্যেই স্মৰণীয়৷ মই তেওঁলৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷

মোৰ মৰমৰ দেশবাসীসকল, এইবাৰৰ ‘মন কী বাত’ত বহু বিষয়ৰ ওপৰত চৰ্চা কৰা হ’ল৷ আগলৈ আকৌ নতুন বিষয়ৰ ওপৰত কথা পাতিম৷ আমি সকলোৱে ঐক্যৱদ্ধভাৱে আগবাঢ়িম৷ আৰম্ভণিতেই কোৱাৰ দৰে ২০২০তেই আমাৰ উন্নতি হ’ব, দেশে উচ্চতাৰ নতুন সীমা স্পৰ্শ কৰিব৷ এই বিশ্বাসৰ সৈতে আপোনালোকো আগবাঢ়ক, সুস্থ হৈ থাকক৷ এই শুভকামনাৰ সৈতে আপোনালোক সকলোলৈ অশেষ ধন্যবাদ৷

নমস্কাৰ৷

 

****

VRRK/KP/MANN



(Release ID: 1635074) Visitor Counter : 248