স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

চিকিত্সাধীন ৰোগীৰ তুলনাত আৰোগ্য হোৱাৰ সংখ্যা ৯৬,০০০তকৈ অধিক

কভিড-১৯ৰ আৰোগ্যৰ হাৰ ৫৮.২৪শতাংশলৈ বৃদ্ধি

Posted On: 26 JUN 2020 3:08PM by PIB Guwahati

কভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত ভাৰত চৰকাৰ, বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰহণ কৰা বিভিন্নধৰণৰ পদক্ষেপৰ আশাব্যঞ্জক ফলাফল লাভ কৰা গৈছে।

চিকিত্সাধীন ৰোগীৰ তুলনাত আৰোগ্য হোৱাৰ সংখ্যা ৯৬,১৭৩তকৈ অধিক হৈছেগৈ।

শেহতীয়া ২৪ ঘণ্টাত মুঠ ১৩,৯৪০ গৰাকী কভিড-১৯ ৰোগী সুস্থ হৈ উঠিছে।ইয়াৰ লগে লগে সুস্থ হৈ উঠা লোকৰ সংখ্যা ২,৮৫,৬৩৬গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত কভিড-১৯ ৰোগীৰ আৰোগ্যৰ হাৰ ৫৮.২৪ শতাংশলৈ বৃদ্ধি পাইছে।

সম্প্ৰতি সংক্ৰমিতৰ সংখ্যা ১,৮৯,৪৬৩ আৰু আটাইকেইগৰাকীয়ে হাস্পতালৰ তত্ত্বাৱধানত আছে।

কভিড-১৯ৰ নমুনা পৰীক্ষা কৰাৰ বাবে দেশত পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি কৰাৰ চেষ্টা অব্যাহত আছে । যোৱা ২৪ ঘণ্টাত আই চি এম আৰৰ-এ ১১টা নতুন পৰীক্ষাগাৰক সংযুক্ত কৰিছে। ভাৰতত বৰ্তমান কভিড-১৯ৰ নমুনা পৰীক্ষাৰ বাবে ১০১৬টা পৰীক্ষাগাৰ আছে। ইয়াৰ ভিতৰত চৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা ৭৩৭টা আৰু বেচৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা ২৭৯টা।

 

বৰ্তমানৰ স্থিতি তলত দিয়া ধৰণৰঃ

 

ৰিয়েল-টাইম আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৫৬০(চৰকাৰীঃ৩৫৯+বেচৰকাৰীঃ২০১)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৩৬৯(চৰকাৰীঃ৩৪৬+বেচৰকাৰীঃ২৩)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ৮৭(চৰকাৰীঃ৩২+বেচৰকাৰীঃ৫৫)

 

প্ৰতিদিনে পৰীক্ষা কৰা নমুনাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ২৪ ঘণ্টাত পৰীক্ষাগাৰত ২,১৫,৪৪৬টা নমুনা পৰীক্ষা কৰা গৈছে।এতিয়ালৈকে সৰ্বমুঠ ৭৭,৭৬,২২৮টা নমুনা পৰীক্ষা কৰা গৈছে।

 

সকলোধৰণৰ বিশ্বাসযোগ্য আৰু শেহতীয়া কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতিগত নিৰ্দেশাৱলী আৰু পৰামৰ্শৰ বাবে অনুগ্ৰহ কৰি নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA দৰ্শন কৰক।

মনত উদয় হোৱা কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন technicalquery.covid19[at]gov[dot]inলৈ প্ৰেৰণ কৰিব পাৰে আৰু অন্য প্ৰশ্ন ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

কভিড-১৯ সম্পৰ্কীয় জানিবলগীয়া যিকোনোধৰণৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ হেল্পলাইন নম্বৰঃ +91-11-23978046  নাইবা 1075(টল ফ্ৰী)ত কল কৰক।কভিড-১৯ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfতো উপলব্ধ হব।

MV/SG/KG



(Release ID: 1635059) Visitor Counter : 206