প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৬ জুন, শুক্ৰবাৰে ‘আত্মনিৰ্ভৰ উত্তৰপ্ৰদেশ ৰোজগাৰ অভিযান’ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 25 JUN 2020 2:49PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীয়ে সাধাৰণ আৰু প্ৰব্ৰজিত শ্ৰমিক শ্ৰেণীৰ মাজত বিৰূপ প্ৰভাৱ পেলাইছে৷ ইতিমধ্যে ৰাজ্যখনলৈ বিভিন্ন ৰাজ্যৰ পৰা বৃহ সংখ্যক প্ৰব্ৰজিত শ্ৰমিক ঘূৰি আহিছে৷ ক’ভিড-১৯ৰ সংক্ৰমণৰ প্ৰত্যাহ্বানৰ মাজতে প্ৰব্ৰজিত আৰু গ্ৰাম্য শ্ৰমিকসকলক প্ৰাথমিক সা-সুবিধা আৰু জীৱিকা নিৰ্বাহৰ সুবিধা প্ৰদান কৰাটো প্ৰয়োজন হৈ পৰিছে৷ ভাৰত চৰকাৰে বিভিন্ন খণ্ডক উজ্জীৱিত কৰি তোলাৰ লক্ষ্যৰে আত্মনিৰ্ভৰ ভাৰত পেকেজ ঘোষণা কৰিছিল৷ দেশৰ পিছপৰা অঞ্চলসমূহত আন্তঃগাঁথনি গঢ়ি তোলাৰ লগতে সংস্থাপনৰ পথ প্ৰশস্ত কৰাৰ বাবে ২০ জুন, ২০২০ত গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ শুভাৰম্ভ কৰা হয়৷

উত্তৰপ্ৰদেশত প্ৰায় ৩০ লাখ প্ৰব্ৰজিত শ্ৰমিকে আছে৷ ৰাজ্যখনৰ ৩১খন জিলাৰ ৫খন অভিলাষী জিলা৷ ভাৰত চৰকাৰ আৰু উত্তৰপ্ৰদেশ চৰকাৰে উদ্যোগ আৰু অন্যন্য সংস্থাসমূহৰ সহযোগত এই লোকসকলক সংস্থাপনমূলক ‘আত্মনিৰ্ভৰ উত্তৰপ্ৰদেশ ৰোজগাৰ অভিযান’ৰ ব্যতিক্ৰম পদক্ষেপ হাতত লৈছে৷

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য মন্ত্ৰীবৰ্গৰ উপস্থিতত ২৬ জুনৰ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সযোগে এই অভিযানৰ শুভাৰম্ভ কৰিব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উত্তৰপ্ৰদেশৰ ৬খন জিলাৰ বাসিন্দাৰে মত বিনিময় কৰিব৷ ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱৰ মাজতে সামাজিক দুৰত্ব বজাই ৰাখি উত্তৰপ্ৰদেশৰ সকলো জিলাৰ জনতাই সামূহিক সেৱা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে কাৰ্যসূচীত যোগদান কৰিব৷

****

VRRK/KP/DB



(Release ID: 1634983) Visitor Counter : 173