ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ভাৰতৰ উৎপাদন খণ্ডৰ উন্নয়নৰ অৰ্থে জ্ঞানক সম্পদলৈ ৰূপান্তৰ কৰাটো প্ৰয়োজনীয়- শ্ৰী নীতিন গাডকাৰী

Posted On: 26 JUN 2020 12:37PM by PIB Guwahati

মহামাৰী পৰিস্থিতিৰ পৰৱৰ্তী সময়ত এমএছএমই খণ্ডটোৰ বিকাশ সন্দৰ্ভত আলোচনা কৰিবলৈ কালি কেন্দ্ৰীয় এমএছএমই আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কাৰিকৰী ৰপ্তানি উত্তৰণ পৰিষদ (ইইপিচি)ৰ প্ৰতিনিধি বৰ্গৰে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে এখনি বৈঠকত মিলিত হয়।

তেওঁ অংশগ্ৰহণকাৰীসকলক পৰামৰ্শ প্ৰদানৰ জৰিয়তে এইবুলি উৎসাহিত কৰে যে যদিও লকডাউনৰ সময়ছোৱাত অৰ্থনীতিৰ প্ৰতিটো খণ্ডই হ্ৰস্বকালীন জটিলতাৰ সন্মুখীন হৈছে, তথাপিতো, ইতিবাচকতা আৰু আত্ম-বিশ্বাসএ এই তাৎক্ষণিক বাধা অতিক্ৰম কৰাত সহায় কৰিব পাৰে। তেওঁ সাম্প্ৰতিক মহামাৰী অতিক্ৰম কৰাত সহায়ক হবলৈ অৰ্থনীতিৰ সকলো পক্ষৰে মাজত ফলপ্ৰসূ সহযোগিতা আৰু সমন্বয়ত গুৰুত্ব আৰোপ কৰে।

মত-বিনিময়ৰ সময়ছোৱাত, কেন্দ্ৰীয় মন্ত্ৰীজনে এমএছএমই খণ্ডৰ গুৰুত্ব উল্লেখ কৰি দেশৰ জিডিপি, ৰপ্তানি আৰু নিয়োগ সৃষ্টিত এই খণ্ডটোৰদ্বাৰা আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰশংসা কৰে। তেওঁ কয় যে দেশৰ ৰপ্তানিত এমএছএমই খণ্ডটোৱে সম্প্ৰতি ৪৮% বৰঙণি যোগান ধৰি আছে আৰু ইয়াক পৰৱৰ্তী সময়ত প্ৰযুক্তিগত উন্নয়নসাধন আৰু পণ্যৰ উন্নয়নৰ জৰিয়তে বৃদ্ধি কৰিব পৰা যাব। তদুপৰি, তেওঁ কয় যে লজিষ্টিক, পৰিবহণ আৰু শ্ৰমিকৰ ব্যয় যথেষ্ট পৰিমাণে কমি যোৱাত ভাৰতৰ উৎপাদন উদ্যোগটোৰ উন্নয়নত সহায়ক হৈ উঠিব। তেওঁ উল্লেখ কৰে যে বিশ্বই পৰ্যায়ক্ৰমে কভিড-মহামাৰী অতিক্ৰম কৰি থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰপৰা ৰপ্তানিৰ গতি ত্বৰান্বিত কৰিবলৈ পেকেজিং আৰু মান নিৰ্ধাৰণ (standardization) ব্যৱস্থাৰ উন্নয়ন সাধনৰ প্ৰয়োজনীয়তা আছে। ইয়াক মন্ত্ৰীজনে এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে অভিহিত কৰে।

তেওঁ লগতে কয় যে ভাৰতীয় এমএছএমইক ইকুইটিৰ সহযোগিতা আগবঢ়াবলৈ এমএছএমই মন্ত্ৰণালয়ে ফাণ্ডসমূহৰ এটা ফাণ্ড সৃষ্টি কৰিছে। ভাল টাৰ্ণঅভাৰ, জিএছটি ৰিটাৰ্ণৰ ক্ষেত্ৰত অভিলেখ সৃষ্টিকাৰী আৰু আয় কৰৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱা এমএছএমইসমূহক পুনৰ মূল্যায়ন কৰা হব, একেদৰে এইসমূহক ৰেটিং প্ৰদান কৰি তাৰ পাছত চৰকাৰৰপৰা ১৫% ইকুইটিৰে সহযোগিতা আগবঢ়োৱা যাব। ইয়াৰ জৰিয়তে তেনে এমএছএমইসমূহে কেপিটেল মাৰ্কেটৰপৰা ক্ৰমবৰ্ধমানভাৱে ধন উঠাবলৈ সক্ষম হব, প্ৰস্তাৱিত এমএছএমই ষ্টক একচেঞ্জত নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু বিদেশী বিনিয়োগক আকৰ্ষিত কৰিবলৈ সক্ষম হব।

তেওঁ পুনৰ এইবুলি পৰামৰ্শ প্ৰদান কৰে যে এনে উদ্যোগসমূহে তেওঁলোকৰ বাৰ্ষিক লাভৰ ২-৩% গৱেষণাত খটুওৱা উচিত। কিয়নো জ্ঞানক সম্পদলৈ পৰিৱৰ্তন কৰাতে উদ্যোগটোৰ উন্নয়নৰ গূঢ়াৰ্থ নিহিত হৈ আছে।

তেওঁ প্ৰতিনিধিসকলক তেওঁলোকৰ সকলোবোৰ বিশেষ পৰামৰ্শ প্ৰেৰণ কৰিবলৈ কয় আৰু চৰকাৰৰপৰা সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰে।

*****

RCJ/SKP/IA/SB



(Release ID: 1634681) Visitor Counter : 122