PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 26 JUN 2020 6:29PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আগবঢ়োৱা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্যঃ সক্ৰিয় ৰোগীৰ সংখ্যা আক্ৰান্তৰ সংখ্যাতকৈ ৯৬,০০০ বৃদ্ধি পাইছে, আৰোগ্যৰ হাৰ হৈছে ৫৮.২৪%

বিগত ২৪ ঘণ্টাত ১৩,৯৪০ জন লোকে আৰোগ্য লাব কৰিছে৷ আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা হ’ল ২,৮৫,৬৩৬ জন৷ আৰোগ্যৰ হাৰ হ’ল ৫৮.২৪%৷ বৰ্তমানে ১,৮৯,৪৬৩ জন লোক চিকিৎসকৰ তত্বাৱধানত আছে৷ এই পৰ্যন্ত ৭৭,৭৬,২২৮ টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ সহায়ৰ হাত আগবঢ়াইছে কেন্দ্ৰই

ক’ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চিকিৎসাৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ কেন্দ্ৰ চৰকাৰে সকৰাত্মক পদক্ষেপ গ্ৰহণ কৰিছে৷ উল্লেখযোগ্য যে দেশৰ অন্য প্ৰান্তৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা কম৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ‘আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান’ মুকলি কৰিছে৷ এই পদক্ষেপৰ অধীনত স্থানীয় উদ্যোগীসকলক উৎসাহিত কৰাৰ লগতে প্ৰব্ৰজিত শ্ৰমিকসকললৈ নিয়োজনৰ সুবিধা আগবঢ়োৱা হ’ব৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিংযোদে আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযানৰ মুকলি অনুষ্ঠানত প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

 

মুকলি কৰা হ’ল গৰিব কল্যাণ ৰোজগাৰ অভিযান ৱেব প’ৰ্টেল

কেন্দ্ৰীয় গ্ৰামোন্নয়ন, পঞ্চায়তীৰাজ আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে আজি গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ এক ৱেব প’ৰ্টেল মুকলি কৰে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ জুন ২০২০ তাৰিখে এই গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ মুকলি কৰিছিল৷

অধিক বিৱৰণৰ বাবে

২১ জুন তাৰিখে দিল্লী সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰণয়নৰ খতিয়ান ল’লে কেন্দ্ৰীয় গৃহ সচিবে

কেন্দ্ৰীয় গৃহ সচিবে আজি অনুষ্ঠিত এক বৈঠকত কয় যে ক’ভিড-১৯ক মোকাবিলা কৰাৰ বাবে দিল্লী সন্দৰ্ভত পৰিকল্পনাসমূহৰ সফল ৰূপায়নৰ দিশত অগ্ৰসৰ হোৱা হৈছে৷ ইয়াৰ বাবে জিলাভিত্তিত কৰ্মদলো গঠন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

১ জুলাইৰ পৰা ১৫ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ বাতিল কৰিছে চিবিএছইয়ে

ক’ভিড-১৯ৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ অনুৰোধমৰ্মে চিবিএছইয়ে ১ জুলাইৰ পৰা ১৫ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ বাতিল কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতত নিৰ্মাণ খণ্ডৰ বিকাশৰ বাবে জ্ঞানক সম্পদলৈ পৰিৱৰ্তিত কৰাটো অতিশয় আৱশ্যক-শ্ৰী নীতিন গাডকাৰী

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কালি ইঞ্জিনিয়াৰিং এক্সপ’ৰ্টছ প্ৰম’চন কাউন্সিলৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় আৰু খণ্ডটোত মহামাৰীয়ে পেলোৱা বিৰূপ প্ৰভাৱসমূহৰ বিষয়ে আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

নিটি আয়োগে মুকলি কৰিলে ‘নেভিগেটিং দা নিউ নৰ্মেল’ শীৰ্ষক আচৰণ পৰিৱৰ্তন অভিযান আৰু ৱেবছাইট

বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেচন, চিএছবিচি, অশোকা বিশ্ববিদ্যালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ডব্লিউচিডিৰ সহযোগত নিটি আয়োগে ‘নেভিগেটিং দা নিউ নৰ্মেল ’ শীৰ্ষক এক আচৰণ পৰিৱৰ্তন অভিযান মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

ভাৰতত খাদ্য সংসাধনৰ খণ্ডত প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰাৰ বাবে সকলো ৰাজ্য তথা বিনিয়োগকাৰীসকলক এফপিআই মন্ত্ৰীৰ আহ্বান

অধিক বিৱৰণৰ বাবে

অপাৰেচন সমুদ্ৰ সেতুঃ আইএনএছ জলছে ইৰাণৰ বন্দৰ আব্বাছৰ পৰা কঢ়িয়াই আনিছে ভাৰতীয় নাগৰিক

আইএনএছ  জলছে ২৪ তাৰিখে ইৰাণৰ বন্দৰ আব্বাছত উপস্থিত হয় আৰু বাধ্যতামূলক পৰীক্ষণৰ অন্তত ৬৮৭ জন ভাৰতীয় নাগৰিকক কঢ়িয়াই ভাৰতলৈ ধাৱমান হৈছে৷ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে অপাৰেচন সমুদ্ৰ সেতুৰ অধীনত৷

অধিক বিৱৰণৰ বাবে

পূব ৰে’লৱেৰ মালবাহী ৰে’লত ১২.৩০৪ মিলিয়ন টন সামগ্ৰী কঢ়িওৱা হৈছে

ৰাষ্ট্ৰজোৰা লকডাউন স্বত্বেও পূব ৰে’লৱেয়ে মালবাহী ৰে’লৰ সেৱাৰ জৰিয়তে এই পৰ্যন্ত ১২.৩০৪ মিলিয়ন টন সামগ্ৰী কঢ়িয়াইছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ প্ৰশাসনে সকলো চৰকাৰী বিষয়াত সামাজিক ব্যৱধানৰ নীতি নিৰ্দেশনাৰ পালন নিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷
  • পাঞ্জাৱঃ ক’ভিডক পৰাস্ত কৰিবলৈ জনসাধাৰণৰ অংশগ্ৰহণ আৱশ্যম্ভাৱী বুলি মন্তব্য কৰিছে পাঞ্জাৱৰ সামাজিক ন্যায়, সৱলীকৰণ আৰু সংখ্যালঘূ মন্ত্ৰীয়ে৷
  • হিমাচল প্ৰদেশঃ বন্দে ভাৰত অভিযানৰ অধীনত ৪৪৪জন লোক এই পৰ্যন্ত বিদেশৰ পৰা ৰাজ্যখনত উপস্থিত হৈছে৷
  • কেৰালাঃ এই পৰ্যন্ত ১,৭৬১ জন লোকে চিকিৎসকৰ অধীনত চিকিৎসা লাভ কৰি আছে৷
  • তামিলনাডুঃ এই পৰ্যন্ত মুঠ ৰোগীৰ সংখ্যা হ’ল ৭০,৯৭৭ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা ১০,৫৬০ জন৷ কালি ৬ জন লোকৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা ১১,৪৮৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ৬১৪৭ জন৷ মুকলি কৰি দিয়া হৈছে ৫১৯৭ জনক৷ মৃত্যু হৈছে ১৪৬ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১৩৬৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৪৪৬ জন৷ আৰোগ্য লাভ কৰিছে ৪৬৮৮ জনে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৪৭,৭৪১ জন৷ ৭৭,৪৫৩ জন ৰোগী চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২১,৫০৬ জন৷ এই পৰ্যন্ত ৩.৪৫ লাখটা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬,৩৮৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩,০৭২ জন৷
  • মধ্যপ্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২,৫৯৫ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৪৩৪ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৪৫৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭১৫ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৯৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৫৮ জন৷
  • অসমঃ ক’ভিড-১৯ৰ বৰ্ধিত পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে গুৱাহাটীত ২৮ জুন দেওবাৰে সন্ধিয়া ৭ বজাৰ পৰা ১২ জুলাই ২০২০ তাৰিখলৈ লকডাউনৰ ঘোষণা কৰিছে৷
  • অৰুণাচল প্ৰদেশঃ এই পৰ্যন্ত মুঠ ২১,২৭৪ টা নমুনা সংগ্ৰহ কৰা হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২৯ জন৷
  • মণিপুৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭০২ জন আৰু আৰোগ্য লাভ কৰিছে ৩৫৪ জনে৷
  • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০০ জন আৰু ৪৭ জনক মুকলি কৰি দিয়া হৈছে৷
  • নাগালেণ্ডঃ ১৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হৈছে ৩৭১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২১১ জন আৰু ১৬০ জনে আৰোগ্য লাভ কৰিছে৷



(Release ID: 1634632) Visitor Counter : 173