প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আত্মনিৰ্ভৰ উত্তৰপ্ৰদেশ ৰোজগাৰ অভিযান’ৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 26 JUN 2020 2:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ‘আত্মনিৰ্ভৰ উত্তৰপ্ৰদেশ ৰোজগাৰ অভিযানৰ শুভাৰম্ভ কৰে৷ ইয়াৰ অধীনত স্থানীয় উদ্যোগীসকলৰ সৈতে প্ৰব্ৰজিত শ্ৰমিকসকলক নিয়োগৰ সূযোগ প্ৰদান কৰা হ’ব৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সকলোৱে ক’ভিড-১৯এ সৃষ্টি কৰা জটিলতা পাৰ কৰিব লাগিব৷ তেওঁ কয় যে প্ৰতিষেধক উদ্ভাৱন কৰিলেও দুই গজ দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো সৰ্বোত্তম সাৱধানতা৷

প্ৰধানমন্ত্ৰী উত্তৰপ্ৰদেশত এই মহামাৰীৰ সময়তো একাংশ লোকে কামত নিয়োজিত হৈ এই দুৰ্যোগক সূযোগলৈ পৰিৱৰ্তনা কৰাৰ কাৰ্যপন্থাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ অন্যান্য ৰাজ্যসমূহকো আত্মনিৰ্ভৰ উত্তৰপ্ৰদেশ ৰোজগাৰ অভিযানৰ পৰা শিকি প্ৰেৰণা ল’বলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ বৃহত্তম সংকট হিচাপে ক’ৰোনাই ধৰা দিয়াৰ মাজতে উত্তৰপ্ৰদেশে দেখুওৱা সাহস আৰু জ্ঞানক প্ৰশংসা কৰে৷ ৰাজ্যখনে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সফল হোৱাটো অভূতপূৰ্বই নহয় প্ৰশংসনীয়ও৷

প্ৰধানমন্ত্ৰীয়ে উত্তৰপ্ৰদেশৰ চিকিসক, পেৰামেডিকেল ষ্টাফ, অনাময় কৰ্মচাৰী, আৰক্ষী, আশা, অংগনৱাড়ী কৰ্মী, বেংক, ডাকঘৰ, পৰিবহণ আৰু অন্যা্ন্য কৰ্মীসকলৰ অৱদানৰ প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে উত্তৰপ্ৰদেশ চৰকাৰে বিভিন্ন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিক শ শ শ্ৰমিক বিশেষ ৰে’লৰ জৰিয়তে ঘূৰাই অনাৰ বাবে লোৱা প্ৰচেষ্টাৱলীৰো প্ৰশংসা কৰে৷

তেওঁ কয় যে বিগত কেইটামান সপ্তাহত উত্তৰপ্ৰদেশলৈ ৩০লাখতকৈ অধিক প্ৰব্ৰজিত শ্ৰমিক ঘূৰি আহিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি বুজি লৈ যুদ্ধোত্তৰ গতিৰে কাম কৰিছে৷

উত্তৰপ্ৰদেশ তৰকাৰে লকডাউনৰ সময়ত ভোকাতুৰ লোকসকলক প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত বিনামূলীয়া ৰেচন যোগান ধৰি অতি ক্ষিপ্ৰতাৰে কাম সম্পন্ন কৰিছে৷ তদুপৰি, ৭৫লাখ দুখীয়া মহিলাৰ জন ধন একাউণ্টত ৫ কোটি টকা পোনপটীয়াকৈ যোগান ধৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰপ্ৰদেশ চৰকাৰে ভাৰতৰ আত্মনিৰ্ভৰ অভিযানৰ নেতৃত্ব দিয়াৰ লগতে গৰীৱ কল্যান ৰোজগাৰ অভিযানো দ্ৰুতগতিত আগুৱাই নিছে৷ তেওঁ কয় যে গ্ৰামাঞ্চলৰ শ্ৰমিকসকলৰ আয় বৃদ্ধিৰ লক্ষ্যৰ আৰম্ভ কৰা গৰীৱ কল্যান ৰোজগাৰ যোজনাৰ জৰিয়তে গ্ৰামোন্নয়ন আঁচনিৰ অধীনত এমএছএমইসমূহ প্ৰায় ৬০ লাখ লোকক নিয়োগৰ সূযোগ প্ৰদান কৰিছে৷ তদুপৰি, মুদ্ৰা যোজনাৰ অধীনত ১০,০০০ কোটি টকা স্বনিয়োজন সুবিধা হোৱাৰ প্ৰদান কৰা হৈছে৷

শ্ৰী মোদীয়ে কয় যে এই আত্মনিৰ্ভৰ ৰোজগাৰ অভিযানৰ জৰিয়তে উত্তৰপ্ৰদেশ ব্যাপক ভাৱে লাভান্বিক হ’ব৷

প্ৰধানমন্ত্ৰীয়ে শেহতীয়াভাৱে কৃষিখণ্ডত কৰা সংস্কাৰসমূহৰ আলোকপাত কৰি কয় যে ইয়াৰ দ্বাৰা তেওঁলোক বহু বাধাৰ পৰা মুক্ত হ’ল৷ এতিয়া কৃষকসকলে ভাৰতৰ যিকোনো স্থানতে সঠিক মূল্যত বিক্ৰী কৰিব পাৰিব৷

তেওঁ কয় যে চৰকাৰে ইতিমধ্যে পশুপালন আৰু দুগ্ধপামৰ বাবে ১৫,০০০ কোটি টকাৰ এক বিশেষ আন্তঃগাঁথনি পূঁজি গঢ় দিছে৷ প্ৰধানমন্ত্ৰী বৌদ্ধ চাৰ্কিটৰ উন্নয়নৰ লক্ষ্যৰে কুশীনগৰ বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণা কৰাৰ প্ৰসংগও উল্লেখ কৰে৷ ইয়াৰ জৰিয়তে পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা শক্তিশালী হোৱাৰ লগতে মহাত্মা বুদ্ধৰ কোটি কোটি ভক্তই বিদেশৰ পৰা সহজে উত্তৰপ্ৰদেশলৈ আহিব পাৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে মাত্ৰ তিনি বছৰতে উত্তৰপ্ৰদেশত ৩০লাখ পকী গৃহ নিৰ্মাণ কৰাৰ লগতে ৰাজ্যখনক মুকলিত মলত্যাগ মুক্ত ৰাজ্য ঘোষণা কৰিছে৷ ৰাজ্য চৰকাৰে স্বচ্ছ প্ৰক্ৰিয়াৰে ৩ লাখ লোকক চৰকাৰী চাকৰি প্ৰদান কৰিছে৷

প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰপ্ৰদেশত নৱজাতকৰ মৃত্যু হাৰ হ্ৰাস কৰাৰ লগতে বিগত তিনি বছৰত পূৰ্বাঞ্চলত এনকেফেলাইটিচত মৃত্যুৰ হাৰো ৯০ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হোৱা বুলি কয়৷

প্ৰধানমন্ত্ৰীয়ে বিদ্যু, পানী আৰু পথৰ দৰে মৌলিক আন্তঃগাঁথনিৰ অভূতপূৰ্ব উন্নয়নৰ বিষয়েও সদৰি কৰে৷ এই উপলক্ষে একাধিক হিতাধিকাৰী তথা অংশীদাৰ যেনে-বাহৰেইচ জিলাৰ গোণ্ডাৰ আত্মসহায়ক গোটৰ বিনীতা পাল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী তিলক ৰাম, সন্ত কবীৰ নগৰৰ এগৰাকী উদ্যোগ অমৰেন্দ্ৰ কুমাৰৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাৰ সন্দৰ্ভত বাৰ্তালাপ কৰে৷ তদুপৰি, অন্যান্য ৰাজ্যৰ পৰা ঘূৰি অহা একাংশ প্ৰব্ৰজিত শ্ৰমিক ক্ৰমে কুৰবান আলি, নাগেন্দ্ৰ সিং আৰু দীপুৰ সৈতে মত বিনিময় কৰে৷

***

VRRK/AK/DB



(Release ID: 1634521) Visitor Counter : 196