স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতীয় ৰেড ক্ৰছ ছচাইটীৰ ‘eBloodServices’ মবাইল এপ মুকলি কৰিলে ডাঃ হৰ্ষ বৰ্দ্ধনে

কভিড-১৯ সংকটৰ সময়ত অভিলেখসংখ্যক ১লাখতকৈ অধিক ইউনিট ৰক্ত সংগ্ৰহ কৰাৰ বাবে ভাৰতীয় ৰেড ক্ৰছ ছচাইটীক অভিনন্দন


সম্ভাৱনাপূৰ্ণ জীৱন ৰক্ষক এপ্লিকেচনৰ বাবে প্ৰধানমন্ত্ৰীৰ ‘ডিজিটেল ইণ্ডিয়া’ আঁচনিক প্ৰশংসা ডাঃ হৰ্ষ বৰ্দ্ধনৰ

Posted On: 25 JUN 2020 3:36PM by PIB Guwahati

ভাৰতীয় ৰেড ক্ৰছ ছচাইটী(আইচিআৰএছ)য়ে প্ৰস্তুত কৰি উলিওৱা মবাইল এপ ‘eBloodServices’ আজি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্দ্ধনে এক ভিডিঅ কনফাৰেঞ্চিঙৰ জৰিয়তে মুকলি কৰে।

 

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৫ চনত মুকলি কৰা ডিজিটেল ইণ্ডিয়া আঁচনিৰ অধীনত চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভাঞ্চড কম্পিউটিং(চিডিএচি)ৰ E-Raktkosh গোটে এই এপ্লিকেচনটো প্ৰস্তুত কৰি উলিয়াইছে। অনুষ্ঠানত ডাঃ হৰ্ষ বৰ্দ্ধনে কয়-মাননীয় প্ৰধান মন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়া এতিয়া প্ৰতিগৰাকী লোকৰ দৈনন্দিন জীৱনৰ বাবে এক অভিন্ন অংগ হৈ পৰিছে। ডিজিটেল ইণ্ডিয়া আঁচনিয়ে কিদৰে প্ৰয়োজনীয় ৰক্ত যোগান ধৰাত সেৱা আগবঢ়াইছে তাৰ এক অন্যতম উদাহৰণ এই ৰক্তদান এপটো। তেওঁ আৰু কয় যে বহু লোকক তেওঁলোকৰ পৰিয়ালৰ বিশেষ চিকিত্সাজনিত কাৰণত নিতৌ ৰক্ত সম্পৰ্কীয় সেৱাৰ প্ৰয়োজন হয়। এই এপটোৰ জৰিয়তে এবাৰত ৪ইউনিট ৰক্ত বিচাৰিব পাৰে আৰু ব্লাড বেংকে এই ৰক্ত সংগ্ৰহকাৰী লোক এজনৰ বাবে ১২ ঘণ্টা সময় অপেক্ষা কৰিব পাৰিব। এই এপটোৱে ৰক্তৰ আৱশ্যক হোৱা লোকসকলৰ বাবে আইআৰচিএছ এনএইচকিউত ৰক্ত বিচৰা প্ৰক্ৰিয়া উজু কৰি তুলিছে। দেশে এনে এক মহামাৰীৰ সৈতে যুঁজ দি থকাৰ সময়ত এই এপটোৱে অতি জৰুৰীভাৱে ৰক্তৰ প্ৰয়োজন হোৱা সকলো লোককে সহায় কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

 

এপটোৰ জৰিয়তে এবাৰ অনুৰোধ জনোৱাৰ পাছত IRCS, NHQ ৰক্ত ভৰাঁলৰ E-Raktkosh ডেচবৰ্ডত প্ৰয়োজন হোৱা ৰক্ত ইউনিট দেখা যাব আৰু ইয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত সুনিশ্চিত ৰক্ত উপলব্ধ কৰোৱাৰ অনুমতি দিব। এই ব্যৱস্থাই ৰক্তৰ প্ৰয়োজন হোৱা লোকসকলক সহজতে ৰক্ত লাভ কৰাত সহায় কৰিব আৰু সেৱাত পূৰ্ণ স্বচ্ছতা আৰু একক উইণ্ডো ব্যৱহাৰৰ অতিৰিক্ত লাভ প্ৰদান কৰিব।

 

বৰ্তমান কভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়ত যিসকল লোকে স্বেচ্ছাই ৰক্তদান কৰিলে তেওঁলোকক প্ৰশংসা কৰে ডাঃ হৰ্ষ বৰ্দ্ধনে। ৰেড ক্ৰছে স্বেচ্ছাই ৰক্তদান কৰা লোকসকলক পৰিবহন প্ৰদান কৰি নাইবা ৰক্ত সংগ্ৰহকাৰী ভ্ৰাম্যমান বাহন প্ৰেৰণ কৰি ৰক্ত সংগ্ৰহ কৰিছে।

 

জনসাধাৰণক স্বেচ্ছাই ৰক্তদানৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাই ডাঃ হৰ্ষ বৰ্দ্ধনে কয় যে ৬৫ বছৰৰ অনুৰ্দ্ধৰ যিকোনো লোকে বছৰত চাৰিবাৰলৈকে স্বেচ্ছাই ৰক্তদান কৰিব পাৰে। নিয়মিত ৰক্তদানে স্থূলতা,হৃদযন্ত্ৰ সম্বন্ধীয় সমস্যা আৰু আন বহু ৰোগ দূৰ কৰে। এয়াই নহয় ৰক্তদান এক আধ্যাত্মিক পথো যাৰ জৰিয়তে মানৱ জাতিৰ সেৱা কৰিব পাৰি।

 

মুকলি অনুষ্ঠানৰ পাছত ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ পৰিচালনা সমিতিৰ বৈঠকৰ অধ্যক্ষতা কৰে ডাঃ হৰ্ষ বৰ্দ্ধনে। আইআৰচিএছৰ প্ৰচেষ্টাৰ শলাগ লৈ ডাঃ হৰ্ষ বৰ্দ্ধনে কয়-আইআৰচিএছ-এ কভিড-১৯ মহামাৰীৰ সময়ত বিশেষভাৱে ৰক্তদাতাসকলৰ বাবে  পাছৰ ব্যৱস্থা কৰি সুৰক্ষিত ৰক্তৰ পৰ্যাপ্ত যোগান মজুত ৰাখি, ৰক্তদান শিবিৰৰ আয়োজন কৰি চৰকাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দেশত ৮৯ আইআৰচিএছ ব্লাড বেংক আৰু ১১০০ শাখাই লকডাউনৰ সময়ছোৱাত ঘৰত কৰা ৰক্তদানৰ জৰিয়তে আৰু প্ৰায় ২০০০ ৰক্তদান শিবিৰৰ জৰিয়তে ১,০০,০০০ ইউনিটতকৈয়ো অধিক ইউনিট ৰক্ত সংগ্ৰহ কৰিছে। আৰু এনএইচকিউ ব্লাড বেংকত পঞ্জীকৃত ৩৮,০০০তকৈ অধিক স্বেচ্ছা ৰক্তদাতাক যোগাযোগ আৰু ৰক্তদানৰ বাবে  উদগনি যোগোৱা হৈছে।

 

এনএইচকিউ ব্লাড বেংকে ৫৫টা ৰক্তদান শিবিৰৰ আয়োজন কৰি ২৮৯৬ ইউনিট ৰক্ত সংগ্ৰহ কৰিছে। লকডাউনৰ সময়ছোৱাত সৰ্বমুঠ ৫৫২১ ইউনিট ৰক্ত সংগ্ৰহ কৰা হৈছে। ২৯২৩ গৰাকী থেলাছেমিয়া ৰোগীৰ লগতে এইমছ দিল্লী(৩৭৮ইউনিট)আৰু লেডী হাৰ্ডিঞ্জ(৬২৪ইউনিট)ৰ দৰে চৰকাৰী হাস্পতালকে ধৰি ৭১১৩ গৰাকী ৰোগীক ৰক্ত দিয়া হৈছে।

 

ইয়াৰ উপৰি আইআৰচিএছ-এ ৩,০০,০০,০০০ত কৈও অধিক প্ৰস্তুত কৰা খাদ্য বিতৰণ কৰাৰ লগতে ১১,০০,০০০ত কৈও অধিক পৰিয়ালক ৰেচন প্ৰদান কৰিছে।

 

 

 ***************************************************************

MV/SG/KG



(Release ID: 1634363) Visitor Counter : 214