বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

CSIR-NEERI ত ৩০০০ ৰোধিক ক’ভিড-১৯ ৰ নমুনা পৰীক্ষা সম্পন্ন

Posted On: 24 JUN 2020 12:46PM by PIB Guwahati

CSIR-ৰাষ্ট্ৰীয় পৰিবেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠান (CSIR-NEERI) ত ২০২০ ৰ এপ্ৰিলৰপৰাই ক’ভিড-১৯ ৰ পৰীক্ষাৰ সুবিধা কাৰ্যকৰী কৰা হৈছিল। এতিয়ালৈকে ইয়াত ক’ভিড-১৯ ৰ অৰ্থে ৩,০০০ ৰোধিক নমুনা পৰীক্ষা কৰা যায়।

দৈনিক ৫০ টা নমুনা পৰীক্ষাৰ সামৰ্থ্যৰে, CSIR-NEERI এ ক’ভিড-১৯ ৰ নমুনা পৰীক্ষা কৰিবলৈ আন্তঃগাঁথনি গঢ়ি তোলে আৰু পৰীক্ষণৰ পূৰ্বে সকলো যথোপযুক্ত জৈৱ-সুৰক্ষা আৰু জৈৱ-নিৰাপত্তামূলক সতৰ্কতা গ্ৰহণ কৰে। এই পৰীক্ষণৰ সুবিধা অব্যাহত ৰাখিবলৈ ক্লিনিকেল নমুনাৰ পৰীক্ষাৰ অৰ্থে প্ৰয়োয়জনীয় সকলো বাধ্যতামূলক অনুমতি লাভ কৰা হৈছে, CSIR-NEERI ৰ সঞ্চালক ডাঃ ৰাকেশ কুমাৰে কয়।

“নাগপুৰ আৰু বিদৰ্ভৰ চৌপাশৰ অঞ্চলৰপৰা অহা ক’ভিড-১৯ ৰ নমুনাসমূহৰ পৰীক্ষণৰ বাবে এই ব্যৱস্থা মুকলি কৰা হৈছে। ক্লিনিকেল নমুনাৰ পৰীক্ষাৰ ওপৰিও, CSIR-NEERI এ আক্ৰান্তক চিকিৎসা কৰি থাকোতে কোনো সংক্ৰমণৰপৰা ৰক্ষা পাবলৈ স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলক পাৰ্ছনেল প্ৰটেক্টিভ ইকুইপমেন্ট (পিপিই)ও প্ৰদান কৰি সহযোগিতা আগবঢ়াইছে।”, CSIR-NEERI ৰ বিজ্ঞানী ডাঃ প্ৰকাশ কুম্ভাৰে কয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003HIHX.jpg

ভাইৰাছটো পৰীক্ষা কৰা CSIR-NEERI ৰ ভাইৰ’ল’জী লেব

https://static.pib.gov.in/WriteReadData/userfiles/image/image00479VZ.jpg

’ভিড-১৯ ৰ পৰীক্ষাত নিয়োজিত CSIR-NEERI ৰ ভাইৰ’ল’জী লেবৰ টীমটো

*****

NB/KGS/(India Science Wire)/SB



(Release ID: 1633973) Visitor Counter : 180