প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ পিএম কেয়াৰ্ছ ফাণ্ডৰ অধীনত ৫০,০০০ ভাৰতত প্ৰস্তুত ভেন্টিলেটৰ

Posted On: 23 JUN 2020 11:15AM by PIB Guwahati

সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰদ্বাৰা চালিত ক’ভিড চিকিৎসালয়সমূহলৈ ৫০০০০ ‘মেড-ইন-ইণ্ডিয়া’ ভেন্টিলেটৰ যোগানৰ অৰ্থে পিএম কেয়াৰ্ছ ফাণ্ড ন্যাসে ২০০০ কোটি টকা আৱন্টন দিছে। তদুপৰি, প্ৰব্ৰজিত শ্ৰমিকসকলৰ কল্যাণৰ অৰ্থে মুঠ ১০০০ কোটি টকা আৱন্টন দিয়ে।

এই ৫০০০০ ভেন্টিলেটৰৰ ভিতৰত, ৩০০০০ ভেন্টিলেটৰ প্ৰস্তুত কৰি উলিয়াইছে মেচাৰ্ছ ভাৰত ইলেকট্ৰনিক লিমিটেডে। বাকী ২০০০০ ভেন্টিলেটৰৰ প্ৰস্তুতকাৰীসকল হৈছে এগভা হেল্থকেয়াৰ (১০০০০), এএমটিজেদ বেছিক (৫৬৫০), এএমটিজেদ হাই এনড (৪০০০) আৰু এলাইড মেডিকেল (৩৫০)। এতিয়ালৈকে ২৯২৩ টা ভেন্টিলেটৰৰ প্ৰস্তুত সম্পূৰ্ণ হৈছে, ইয়াৰে ১৩৪০ টা ভেন্টিলেটৰক অদ্যপি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা যায়। এইসমূহ লাভ কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে মহাৰাষ্ট্ৰ (২৭৫), দিল্লী (২৭৫), গুজৰাট (১৭৫), বিহাৰ (১০০), কৰ্ণাটক (৯০), ৰাজস্থান (৭৫)। জুন, ২০২০ ৰ শেষলৈকে, অতিৰিক্ত ১৪,০০০ ভেন্টিলেটৰ সকলোবোৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰদান কৰা হ’ব।

ইয়াৰোপৰি প্ৰব্ৰজিত শ্ৰমিকসকলৰ কল্যাণৰ কাৰণে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ইতিমধ্যে মুঠ ১০০০ কোটি টকা মোকলাই দিয়া যায়। ২০১১ ৰ পিয়ল অনুসৰি জনসংখ্যাৰ অৰ্থে ৫০% মূল্য (weightage), ক’ভিড-১৯ পজিটিভত আক্ৰান্তৰ অৰ্থে ৪০% আৰু সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত সম বিতৰণৰ অৰ্থে ১০% মূল্যৰ সূত্ৰৰ ভিত্তিত এই পুঁজি বিতৰণ কৰা হয়। এই সাহাৰ্য্য প্ৰব্ৰজিতসকলৰ আশ্ৰয়, খাদ্য, চিকিৎসা সেৱা আৰু যাতায়াতৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব। এই পুঁজিৰ মূল-মূল গ্ৰহণকাৰী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে মহাৰাষ্ট্ৰ (১৮১ কোটি), উত্তৰ প্ৰদেশ (১০৩ কোটি), তামিলনাডু (৮৩ কোটি), গুজৰাট (৬৬ কোটি), দিল্লী (৫৫ কোটি), পশ্চিম বংগ (৫৩ কোটি), বিহাৰ (৫১ কোটি), মধ্য প্ৰদেশ (৫০ কোটি), ৰাজস্থান (৫০ কোটি) আৰু কৰ্ণাটক (৩৪ কোটি)।

*****

VRRK/AKP/SB



(Release ID: 1633744) Visitor Counter : 254