শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

কৰ্মচাৰী ভৱিষ্যনিধি তহবিল সংগঠনে বিগত দুটা বিত্তীয় বৰ্ষত ১ কোটি ৩৯ লাখ গ্ৰাহকক অন্তৰ্ভুক্ত কৰিছে

Posted On: 22 JUN 2020 4:13PM by PIB Guwahati

কৰ্মচাৰী ভৱিষ্যনিধি তহবিল সংগঠনৰ (ইপিএফঅ') পে'-ৰোল বা বেতনভুক্ত কৰ্মচাৰী সংক্ৰান্তীয় যি তথ্য প্ৰকাশিত হৈছে, তাত ইপিএফঅ'ৰ গ্ৰাহক সংখ্যা বৃদ্ধিৰ প্ৰৱণতা পৰিলক্ষিত হৈছে। সদ্য প্ৰকাশিত এই পে'-ৰোল তথ্যত ২০১৮-১৯ আৰু ২০১৯-২০ৰ বাৰ্ষিক পৰিসংখ্যাবিলাক একত্ৰিত কৰা হৈছে। পৰিসংখ্যা অনুসৰি, ইপিএফঅ'ৰ গ্ৰাহক সংখ্যা ২০১৮-১৯ৰ ৬১লাখ ১২ হাজাৰৰ পৰা ২৮ শতাংশ বাঢ়ি ২০১৯-২০ত ৭৮ লাখ ৫৮ হাজাৰ হৈছে। প্ৰকাশিত তথ্যত দেখা গৈছে যে আলোচ্য মাহবিলাকত নতুন সদস্য হিচাপে যিসকলে যোগদান কৰিছে, তেওঁলোকৰ ভৱিষ্যনিধি কনট্ৰিবিউচন বা টকা জমা হৈছে।

গ্ৰাহক সংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ হ'ল সমসংখ্যক গ্ৰাহকে ইপিএফঅ'ৰ সুবিধা পৰিত্যাগ কৰিছে আৰু পূৰ্বতে পৰিসেৱাৰ পৰা ওলাই অহা সদস্যসকলে পুনৰাই যোগদান কৰাৰ দৰে বিষয়টোও আছে। তদুপৰি, ২০১৯-২০ত ৮.৫ শতাংশ হাৰত কৰ মুক্ত ৰিটাৰ্নৰ সুবিধা গ্ৰাহকসকলক দিয়া হৈছে। উল্লেখ কৰিব পাৰি যে কৰ মুক্ত ৰিটাৰ্নৰ এই সুবিধা অন্যান্য সামাজিক নিৰাপত্তা কৰ্মসূচী তথা স্থায়ী আমানতবিলাকৰ মাজত সৰ্বোচ্চ। এইবাবেই ২০১৯-২০ত ইপিএফঅ'ৰ গ্ৰাহক সংখ্যা বিগত বছৰবিলাকৰ তুলনাত ১০ শতাংশ কম হ্ৰাস পাইছে। সদ্য প্ৰকাশিত পে'-ৰোল সংক্ৰান্তীয় তথ্যত লগতে দেখা গৈছে যে ২০১৮-১৯ত ৪৩ লাখ ৭৮ হাজাৰ সদস্য, যিসকলে ইপিএফঅ'ৰ সদস্য পদ এৰি দিছিল, ২০১৯-২০ত তেওঁলোকে পুনৰ যোগদান কৰাত সদস্য সংখ্যা ৭৫ শতাংশ বাঢ়ি ৭৮ লাখ ১৫ হাজাৰ হৈছে।

বয়স-ভিত্তিক পৰিসংখ্যাত দেখা গৈছে যে ২০১৯-২০ত ২৬ৰ পৰা ২৮ বছৰ বয়সীয়া, ২৯ৰ পৰা ৩৫ বছৰ বয়সীয়া আৰু ৩৫ বছৰৰ বেছি বয়সীয়া কৰ্মচাৰীসকলৰ ইপিএফঅ'ৰ সদস্য হিচাপে নাম নথিভুক্ত কৰণৰ সংখ্যা প্ৰায় বিগত বছৰবিলাকৰ তুলনাত ৫০ শতাংশৰ অধিক বাঢ়িছে। উল্লেখযোগ্য যে অনলাইন দ্ৰুত সুবিধা প্ৰদানে আৰু বেছিসংখ্যক কৰ্মচাৰীক ইপিএফঅ' পৰিসেৱা প্ৰদানলৈ আকৃষ্ট কৰিছে। তদুপৰি, কোভিড-১৯ৰ সময়ত কেৱল ৩ দিনৰ ভিতৰত ইপিএফঅ'ৰ সদস্যসকলৰ দাবী-দাৱাৰ বিষয়বিলাকৰ সমাধা কৰা হৈছে।

আনকি, সদস্যসকলে ভৱিষ্যনিধি তহবিলৰ পৰা কৰ্মসংস্থানহীনতা, বৈবাহিক অনুষ্ঠান, উচ্চ শিক্ষা, আৱাসন আৰু চিকৎসা ব্যয় হিচাপে ধন আহৰণ কৰিব পাৰে। এই ধৰণৰ সুবিধাবিলাকেও অধিকসংখ্যক কৰ্মচাৰীক সদস্য হিচাপে নথিভুক্ত কৰণৰ বাবে আকৃষ্ট কৰিছে।

ইপিএফঅ'ৰ সদস্য হিচাপে মহিলা কৰ্মচাৰীসকলৰ সংখ্যা ২০১৯-২০ত প্ৰায় ২২ শতাংশ বাঢ়িছে। সদ্য প্ৰকাশিত এই তথ্যত লগতে দেখা গৈছে যে ২০১৮-১৯ আৰু ২০১৯-২০ত এই প্ৰথমবাৰ ইপিএফঅ'ৰ নিয়ম-নীতি অনুসৰণ কৰি ১ লাখ ১৩ হাজাৰ নতুন প্ৰতিষ্ঠানে কাম-কাজ আৰম্ভ কৰিছে। নিয়ম-নীতি মানি চলাৰ বিষয়বিলাক সৰলীকৰণ কৰা বাবে এই সংখ্যা বৃদ্ধি পাইছে।

শিল্প সংস্থাবিলাকৰ শ্ৰেণী বিভাজন-ভিত্তিক বিশ্লেষণত দেখা গৈছে যে হাস্পতাল আৰু অৰ্থ সাহায্য প্ৰতিষ্ঠানবিলাকৰ সংখ্যা ৫০ শতাংশ বাঢ়িছে। আনহাতে, ব্যৱসায় প্ৰতিষ্ঠান, বস্ত্ৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ পৰিসেৱাৰ ক্ষেত্ৰতো অন্যান্য প্ৰতিষ্ঠানিক পৰিসেৱাত ২০ শতাংশ হাৰত নতুন কৰ্মচাৰীৰ সদস্য হিচাপে নাম নথিভুক্ত কৰণ হৈছে। ইয়াৰ পৰা প্ৰমাণিত হয় যে ভাৰতীয় কৰ্ম বজাত নতুন ধৰণৰ কাম-কাজৰ সুযোগ-সুবিধা বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ২০১৯-২০ৰ অৰ্থনৈতিক সমীক্ষাতো ভাৰতীয় কৰ্ম বজাৰত নতুন ধৰণৰ কামৰ ক্ষেত্ৰত সুযোগ-সুবিধা বৃদ্ধিৰ কথা হৈছিল।

******

 

RCJ/SKP/IA



(Release ID: 1633741) Visitor Counter : 202