স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
কোভিড-১৯ সন্দৰ্ভত আপডেট
মুঠ ২,১৩,৮৩০জন ৰোগী কোভিড-১৯ৰ পৰা আৰোগ্য হ'ল
আৰোগ্যৰ হাৰ ৫৪.১৩%লৈ বৃদ্ধি
प्रविष्टि तिथि:
20 JUN 2020 3:35PM by PIB Guwahati
যোৱা ২৪ ঘণ্টাত, কোভিড-১৯ৰ মুঠ ৯,১২০জন ৰোগী আৰোগ্য হৈছে। এনেদৰে বৰ্তমানলৈকে মুঠ ২,১৩,৮৩০জন ৰোগী কোভিড-১৯ৰ পৰা আৰোগ্য হৈছে। কোভিড-১৯ ৰোগীৰ মাজত আৰোগ্য লাভৰ হাৰ ৫৪.১৩%।
বৰ্তমান, ১,৬৮,২৬৯টা সক্ৰিয় ঘটনা আছে আৰু এই সকলো সক্ৰিয় চিকিৎসা পৰ্যবেক্ষণত আছে।
চৰকাৰী প্ৰয়োগশালাৰ সংখ্যা বৃদ্ধি হৈ ৭১৫ আৰু বেচৰকাৰী খণ্ডৰ প্ৰয়োগশালাৰ সংখ্যা বৃদ্ধি হৈ ২৫৯ (মুঠ ৯৭৪) হ'লগৈ। বিবৰণ এনেধৰণৰঃ
ৰিয়েল টাইম আৰটি পিচিআৰ আধাৰিত পৰীক্ষণ প্ৰয়োগশালাঃ ৫৪৩ (চৰকাৰীঃ ৩৫০ আৰু বেচৰকাৰীঃ ১৯৩)
ট্ৰুনেট আধাৰিত পৰীক্ষণ প্ৰয়োগশালাঃ ৩৫৬ (চৰকাৰীঃ ৩৩৮ আৰু বেচৰকাৰীঃ ১৮)
চিবিএনএএটি আধাৰিত পৰীক্ষণ প্ৰয়োগশালাঃ ৭৫ (চৰকাৰীঃ ২৭ আৰু বেচৰকাৰীঃ ৪৮)।
বিগত ২৪ ঘণ্টাত ১,৮৯,৮৬৯টা নমুনা পৰীক্ষা কৰা হয়। এনেদৰে বৰ্তমানলৈকে মুঠ ৬৬,১৬,৪৯৬টা নমুনা পৰীক্ষা কৰা হৈছে।
কোভিড-১৯ সম্পৰ্কীয় প্ৰযুক্তিগত বিষয়বিলাক, দিশ-নিৰ্দেশনা তথা পৰামৰ্শৰ ওপৰত প্ৰমাণিত আৰু শেহতীয়া তথ্যৰ বাবে অনুগ্ৰহ কৰি নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA চাওক।
কোভিড-১৯ সম্পৰ্কীয় প্ৰযুক্তিগত প্ৰশ্নবিলাক technicalquery.covid19[at]gov[dot]inত তথা অন্য প্ৰশ্নবিলাক ncov2019[at]gov[dot]in আৰু @CovidIndiaSevaলৈ প্ৰেৰণ কৰিব পাৰে।
কোভিড-১৯ সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ ক্ষেত্ৰত অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ +৯১-১১-২৩৯৭৮০৪৬ বা ১০৭৫ (ট'ল ফ্ৰী)লৈ কল কৰক। কোভিড-১৯ সন্দৰ্ভত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকাও https://www.mohfw.gov.in/pdf/coronavirushelplinenumber.pdfত পাব।
******
MV/SG
(रिलीज़ आईडी: 1633163)
आगंतुक पटल : 233
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam