প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 20 JUN 2020 2:29PM by PIB Guwahati

বন্ধুসকল,

এই আনুষ্ঠানিক উদঘাটনৰ পূৰ্বে মই খগড়িয়াত ভাতৃ-ভগ্নীসকলৰ সৈতে কথা পাতি আছিলো৷ আজি গাঁৱৰ আপোনালোকৰ সৈতে কথা পাতি অতিশয় সন্তোষ লাভ কৰিছো৷ ক’ৰোনা মহামাৰীৰ সংকট বৃদ্ধি হোৱাৰ সময়ত আপোনালোক সকলোৰে বাবে কেন্দ্ৰীয় চৰকাৰেই হওক অথবা ৰাজ্য চৰকাৰেই হওক, সকলোৱে উদ্বিগ্ন হৈ আছিল৷ এই সময়ছোৱাত যি য’তেই আছিল ত’তেই তেওঁলোকক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল৷ আমি আমাৰ শ্ৰমিক ভাই-ভনীসকলৰ বাবে শ্ৰমিক বিশেষ ৰে’ল চলোৱাৰো ব্যৱস্থা কৰিছিলো৷

সঁচাকৈয়ে, আজি আপোনালোকৰ সৈতে কথা পাতি যি স্বাচ্ছন্দ্য অনুভৱ কৰিছো আৰু যি সন্মানৰ ভাৱ আছিল, যি বিশ্বাসৰ ভাৱ আছিল, এই সকলোবোৰ অনুভৱ কৰিছো৷ ক’ৰোনাৰ এনে বৃহৎ সংকটৰ সময়তো আপোনালোক অটল হৈ থিয় দি থাকিল৷ ভাৰতৰ গাঁওসমূহত ক’ৰোনাৰ সৈতে যি পৰ্যায়ত যুদ্ধ হৈছে তাৰ দ্বাৰা চহৰ, নগৰসমূহেও যথেষ্টখিনি শিকিছে৷

চিন্তা কৰক, ৬ লাখতকৈ অধিক গাঁৱৰ আমাৰ দেশ, য’ত ভাৰতৰ দুই-তৃতীয়াংশতকৈ অধিক আবাদী, প্ৰায় ৮০-৮৫ কোটি লোক যি গাঁৱত বাস কৰে, সেই গ্ৰামীণ ভাৰতত ক’ৰোনাক অতিশয় কাৰ্যকৰী ধৰণে ৰোধ কৰা হৈছে৷ আৰু এয়া যি আমাৰ গাঁৱৰ জনসংখ্যা, এই জনসংখ্যা ইউৰোপৰ আটাইকেইখন দেশক একত্ৰিত কৰিলে, তাতোকৈও অধিক৷ এই জনসংখ্যা সমগ্ৰ আমেৰিকা, ৰাছিয়া, অষ্ট্ৰেলিয়াৰ মুঠ জনসংখ্যাতকৈও অধিক৷ এনে বৃহৎ জনসংখ্যাই ক’ৰোনাৰ সৈতে এনে সাহসিক ৰূপত মোকাবিলা কৰাটোৱেই ডাঙৰ কথা৷ প্ৰতিজন ভাৰতীয়ই এই কথাৰ বাবে গৰ্ব কৰিব পাৰে৷ এই সফলতাৰ পৃষ্ঠভূমিতে আছে আমাৰ গ্ৰামীণ ভাৰতৰ সজাগতা, পঞ্চায়তী স্তৰৰ আমাৰ গণতান্ত্ৰিক ব্যৱস্থা, আমাৰ স্বাস্থ্য সুবিধা, আমাৰ চিকিৎসা কেন্দ্ৰ-কল্যাণ কেন্দ্ৰ, আমাৰ স্বচ্ছতা অভিযানেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

কিন্তু ইয়াতো তৃণমূল পৰ্যায়ত কাম কৰা আমাৰ সহযোগী, গাঁওবুঢ়া, অংগনৱাড়ী কৰ্মী, আশা কৰ্মী, জীৱিকা দিদি, এই সকলোৱে সুন্দৰ কাম কৰিছে৷ এওঁলোক সকলো প্ৰশংসাৰ পাত্ৰ, ৱাহ-ৱাহৰ পাত্ৰ৷

বন্ধুসকল,

যদি এই কথাটো পশ্চিমৰ কোনো দেশত হ’লহেঁতেন তেন্তে বিশ্বত আন্তৰ্জাতিক পৰ্যায়ত এই সফলতাৰ কেনে চৰ্চা হ’লহেঁতেন, কেনে ৱাহ-ৱাহ হ’লহেঁতেন৷ কিন্তু আমি জানো যে কিছুমান লোকে নিজৰ কথা ক’বলৈ সংকোচ বোধ কৰে৷ কিছুমান লোকে ভাবে যে ভাৰতৰ গ্ৰামীণ পৰ্যায়ক ৱাহ-ৱাহ দিলে বিশ্বক আমি কি উত্তৰ দিম৷ আপোনালোক এই প্ৰশংসাৰ অধিকাৰী, আপোনালোক এই পৰাক্ৰমৰ অধিকাৰী, এনে জীৱন আৰু মৃত্যুৰ বৃহৎ খেল ইয়াত খেলা হৈছে, এনে ভাইৰাছৰ বিৰুদ্ধে আপোনালোকে মোকাবিলা কৰিছে, নিশ্চয়কৈ আপোনালোক প্ৰশংসাৰ পাত্ৰ৷ অৱশ্যে সমগ্ৰ বিশ্বতে এনে ধৰণৰ স্বভাৱ দেখিবলৈ পোৱা যায়৷ কিছুমান লোকে আপোনালোকৰ পিঠিত প্ৰশংসাৰে নথপৰিয়ায়৷ তথাপিও মই আপোনালোকৰ বাবে জয়ধ্বনি দিম৷ মই আপোনালোকৰ এই পৰাক্ৰমৰ কথা বিশ্বত প্ৰচাৰ কৰিম৷ আপোনালোকে সহস্ৰাধিক লোকক ক’ৰোনাৰ পৰা ৰক্ষা  কৰি অতিশয় পুণ্যৰ কাম কৰিছে৷

আজি মই এই কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বেই সমগ্ৰ ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলৰ লোকসকলে পূণ্যৰ কাম কৰিছে, প্ৰতিখন গাঁৱে যি কাম কৰিছে, প্ৰতিখন ৰাজ্যই যি কাম কৰিছে, মই এনে গাঁও, গাঁৱৰ বাসিন্দাসকলক চম্ভালি লোৱাৰ বাবে আদৰ পূৰ্বক ভাৱে নমস্কাৰ জনাইছো৷

দেশৰ দৰিদ্ৰ, মজদুৰ, শ্ৰমিকসকলৰ এই শক্তিক মোৰ নমস্কাৰ৷ শত শত নমস্কাৰ৷ অৱশ্যে মোক কোৱা হৈছে যে পৰহিৰ পৰা পাটনাত ক’ৰোনাৰ পৰীক্ষণৰ এক বৃহৎ আধুনিক পৰীক্ষণ যন্ত্ৰৰ কাম আৰম্ভ হ’ব৷ এই যন্ত্ৰৰ দ্বাৰা এদিনত প্ৰায় ১৫০০ পৰীক্ষণ সম্পন্ন কৰিব পৰা হ’ব৷ এই পৰীক্ষণ যন্ত্ৰৰ বাবে বিহাৰৰ লোকসকললৈ অভিনন্দন৷

এই কাৰ্যসূচীৰ সৈতে জড়িত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী, বিভিন্ন ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী, আদৰণীয় নীতিশ বাবু, অশোক গেহলট ডাঙৰীয়া, শিৱৰাজ মহোদয়, যোগী আদিত্যনাথ মহোদয়, উপস্থিত সাংসদ আৰু বিধায়কসকল, সকলো বিষয়াবৰ্গ, পঞ্চায়তৰ প্ৰতিনিধিগণ আৰু প্ৰযুক্তিৰ জৰিয়তে শতাধিক গাঁৱৰ সৈতে জড়িত মোৰ কৰ্মঠ কাৰিকৰী বন্ধু সকল, আপোনালোক সকলোকে মই পুনৰবাৰ নমস্কাৰ জনাইছো৷

আজিৰ এই দিনটো অতিশয় ঐতিহাসিক৷ আজি দুখীয়াৰ কল্যাণৰ বাবে, তেওঁলোকৰ ৰোজগাৰৰ বাবে এক বৃহৎ অভিযানৰ সূচনা কৰা হৈছে৷ এই অভিযান সমৰ্পিত কৰা হৈছে আমাৰ সেই শ্ৰমিক ভাতৃ-ভগ্নীসকলৰ বাবে, আমাৰ গাঁৱত বাস কৰা যুৱবন্ধুসকলৰ বাবে৷ ইয়াৰে অধিকাংশই হ’ল সেইসকল শ্ৰমিক যিয়ে লকডাউনৰ সময়ত ঘৰলৈ উভটি আহিছে৷ তেওঁলোকে নিজৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ দ্বাৰা নিজৰ গাঁৱৰ বিকাশৰ বাবে কাম কৰিবলৈ বিচাৰিছে৷ তেওঁলোকে যেতিয়ালৈ নিজৰ গাঁৱত আছে, নিজৰ গাঁৱক আগুৱাই লৈ যাবলৈ বিচাৰিছে৷

মোৰ শ্ৰমিক বন্ধুসকল, দেশে আপোনালোকৰ ভাৱনাক বুজি পায় আৰু আপোনালোকৰ প্ৰয়োজনীয়তাসমূহো অনুধাৱন কৰিব পাৰে৷ আজি খগড়িয়াৰ পৰা আৰম্ভ হোৱা এই গৰিব কল্যাণ অভিযানে এই প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰিব৷

বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, মধ্য প্ৰদেশ আৰু ৰাজস্থান, এই ৬খন ৰাজ্যৰ ১১৬ জিলাত এই অভিযান পূৰ্ণ ৰূপত প্ৰণয়ন কৰা হ’ব৷ আমাৰ প্ৰয়াস এয়াই যে এই অভিযানৰ জৰিয়তে শ্ৰমিক আৰু কাৰিকৰসকলে নিজৰ ঘৰৰ ওচৰতে কাম পাব৷ এই পৰ্যন্ত নিজৰ প্ৰতিভা আৰু পৰিশ্ৰমৰ দ্বাৰা আপোনালোকে চহৰ, নগৰৰ উন্নতি সাধন কৰি আহিছে৷  এতিয়া আপোনালোকে নিজৰ গাঁওখনক উন্নতিৰ পথত আগুৱাই নিব পাৰিব৷ আৰু বন্ধুসকল, আপোনালোকে এয়া জানি আচৰিত হ’ব যে মই এই কাৰ্যসূচীৰ প্ৰেৰণা কিছু শ্ৰমিক বন্ধুৰ পৰাই লাভ কৰিছিলো৷

বন্ধুসকল, মই সংবাদ মাধ্যমত এক খবৰ দেখিবলৈ পাইছিলো৷ এই খবৰ আছিল উত্তৰ প্ৰদেশৰ উন্নাওৰ৷ তাত এখন চৰকাৰী বিদ্যালয়ক কোৱাৰেণ্টিন কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰা হৈছিল৷ চহৰৰ পৰা উভটি অহা শ্ৰমিকসকলক তাতে ৰখা হৈছিল৷ এই কেন্দ্ৰত হায়দৰাবাদৰ পৰা বহু শ্ৰমিকক ৰখা হৈছিল৷ এই শ্ৰমিকসকল ৰং-পুতি আৰু পিঅ’পিৰ কামত সিদ্ধহস্ত আছিল৷ তেওঁলোকে নিজৰ গাঁৱৰ বাবে কাম কৰিবলৈ বিচাৰিছিল৷ তেওঁলোকে ভাবিলে যে এনেয়ে থকাতকৈ নিজৰ প্ৰতিভা ব্যৱহাৰ কৰাই ভাল৷ আৰু চাওক, তেওঁলোকে চাওতে চাওতে নিজৰ প্ৰতিভাৰ দ্বাৰা বিদ্যালয়খনৰ কায়াকল্পই পৰিৱৰ্তন কৰি পেলালে৷

মোৰ শ্ৰমিক ভাই-ভনীসকলৰ এই কামৰ বিষয়ে যেতিয়া গম পালো, তেতিয়া তেওঁলোকৰ দেশভক্তিয়ে, তেওঁলোকৰ কৌশলে মোক প্ৰেৰণা দিলে আৰু তাৰ পৰাই এই যোজনাৰ জন্ম হ’ল৷ আপোনালোকে চিন্তা কৰক, কেনে প্ৰতিভা গাঁৱলৈ উভটি আহিছে৷ দেশৰ প্ৰতিখন চহৰ, নগৰক গতি আৰু প্ৰগতি প্ৰদান কৰা শ্ৰম আৰু প্ৰতিভা যেতিয়া খগড়িয়াৰ দৰে গ্ৰামীণ এলেকালৈ উভটি আহিছে তেন্তে বিহাৰৰ বিকাশৰ গতি কেনে দ্ৰুত হ’ব৷

বন্ধুসকল,

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত আপোনালোকৰ গাঁৱৰ বিকাশৰ বাবে, আপোনালোকক নিয়োজিত কৰাৰ বাবে ৫০ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব৷ এই ধনৰাশিৰ জৰিয়তে গাঁৱত নিয়োজনৰ বাবে, বিকাশৰ কামৰ বাবে প্ৰায় ২৫টা কাৰ্যক্ষেত্ৰ বাচনি কৰা হৈছে৷ এই ২৫টা কাম অথবা প্ৰকল্প এনে যি গাঁৱৰ মূলভূত সুবিধাসমূহৰ সৈতে জড়িত, যি গাঁৱৰ জীৱন উন্নত কৰি তুলিব৷ এই কাম নিজৰ গাঁৱত থাকিয়েই, নিজৰ পৰিয়ালৰ সৈতে থাকিয়েই কৰাৰ অৱকাশ আপোনালোকে লাভ কৰিব৷   

আপোনালোকে খগড়িয়াৰ তেলিহাৰ গাঁৱত আজিৰ পৰা অংগনৱাড়ী ভৱন, ৰাজহুৱা শৌচালয়, গ্ৰামীণ বজাৰ আৰু কুঁৱা খন্দাৰ কাম আৰম্ভ কৰিছে৷ এইদৰে প্ৰতিখন গাঁৱৰ নিজৰ নিজৰ আৱশ্যকতা আছে৷  এই প্ৰয়োজনীয়তাসমূহ এতিয়া গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত পূৰ্ণ কৰা হ’ব৷ ইয়াৰ অধীনত বিভিন্ন গাঁৱত দুখীয়াৰ বাবে পকী ঘৰো নিৰ্মাণ কৰা হ’ব, কোনো স্থানত বৃক্ষৰোপণ কৰা হ’ব, কোনো স্থানত পশুৰ বাবে আশ্ৰয়ৰ ব্যৱস্থা কৰা হ’ব৷ খোৱা পানীৰ বাবে, গ্ৰাম সভাৰ সহযোগত জল জীৱন অভিযানকো আগুৱাই লৈ যোৱা হ’ব৷ ইয়াৰোপৰি য’তেই প্ৰয়োজন, ত’তেই পথ নিৰ্মাণ কৰা হ’ব৷ আৰু য’ত পঞ্চায়ত ভৱন নাই, তাতে পঞ্চায়ত ভৱনো নিৰ্মাণ কৰা হ’ব৷

বন্ধুসকল,

এই কামবোৰ গাঁৱতেই হ’ব লাগে৷ কিন্তু ইয়াৰ সৈতে এই অভিযানৰ অধীনত বহু আধুনিক সুবিধা গাঁওসমূহত সংযোজিত কৰা হ’ব৷ এতিয়া নগৰৰ দৰে গাঁৱতো প্ৰতিখন ঘৰত কম খৰচৰ আৰু দ্ৰুত গতিৰ ইণ্টাৰনেটৰ প্ৰয়োজন৷ কিয়নো আমাৰ গাঁৱৰ শিক্ষাৰ্থীসকলেও যাতে ভালদৰে পঢ়া-শুনা কৰিব পাৰে৷ দেশৰ ইতিহাসত প্ৰথমবাৰলৈ এনে হৈছে যে গাঁৱত, নগৰতকৈও অধিক ইণ্টাৰনেটৰ ব্যৱহাৰ হৈছে৷ গাঁৱত ইণ্টাৰনেটৰ গতি বৃদ্ধি কৰাৰ বাবে, ফাইবাৰ কেবল স্থাপন কৰাৰ বাবে কাম চলি আছে৷

বন্ধুসকল, এই কামবোৰ কোনে কৰিব? গাঁৱৰ লোকেই কৰিব? মোৰ যি শ্ৰমিক ভাই-ভনীসকল আছে, তেওঁলোকেই কৰিব৷ তেওঁলোক লাগিলে মজদুৰেই হওক, মিস্ত্ৰীয়েই হওক অথবা সামগ্ৰী বিক্ৰী কৰা ক্ষুদ্ৰ দোকানীয়েই হওক, চালক, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক, প্ৰতিজন বন্ধুৱে ৰোজগাৰৰ সুবিধা লাভ কৰিব৷ আমাৰ ভনীসকলক আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত কৰোৱা হ’ব যাতে তেওঁলোকে নিজৰ পৰিয়ালৰ বাবে অতিৰিক্ত সংসাধন গোটাব পাৰে৷

বন্ধুসকল, এয়াই নহয়, আপোনালোক সকলো শ্ৰমিকক, আপোনালোক সকলোৰে প্ৰতিভাৰ মেপিঙৰো শুভাৰম্ভ কৰা হৈছে৷ অৰ্থাৎ গাঁৱতেই আপোনালোকৰ প্ৰতিভাৰ চিনাক্তকৰণ কৰা হ’ব যাতে আপোনালোকৰ কৌশলৰ ভিত্তিত আপোনালোকে কাম পায়৷ আপোনালোকে যি কাম কৰিবলৈ জানে, সেই কামৰ বাবে প্ৰত্যাশীজন নিজে আপোনালোকৰ সন্মুখত উপস্থিত হ’ব৷

বন্ধুসকল,

ক’ৰোনা মহামাৰীৰ এই সময়ছোৱাত যাতে আপোনালোকে গাঁৱত ঋণ ল’বলগীয়া নহয় তাৰ বাবে  চৰকাৰে সম্পূৰ্ণ প্ৰয়াস কৰি আছে৷ দুখীয়াৰ স্বাভিমানৰ কথা আমি বুজি পাও৷ আপোনালোকে শ্ৰমক পুজা কৰে, আপোনালোকক কাম লাগে, ৰোজগাৰ লাগে৷ এই ভাৱনাক সৰ্বতোপৰি স্থান দি আমি এই যোজনা প্ৰস্তুত কৰিছো, এই যোজনা অতিশয় কম সময়ত লাগু কৰিছো৷ ইয়াৰ পূৰ্বে আপোনালোক আৰু দেশৰ দুখীয়াৰ তৎকালীন প্ৰয়োজনীয়তাসমূহৰ পূৰণ কৰাৰ বাবে চৰকাৰে লকডাউনৰ প্ৰাৰম্ভিক অৱস্থাতেই পদক্ষেপ গ্ৰহণ কৰিছিল৷

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ আৰম্ভণী প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ পৰা হৈছে৷ আৰু মোৰ মনত আছে যেতিয়া আৰম্ভণিতে আমি দুখীয়াৰ কাৰণে যোজনা প্ৰস্তুত কৰিছিলো তেতিয়া চাৰিওফালে হৈ-হাল্লা আৰম্ভ হৈছিল- উদ্যোগসমূহৰ কি হ’ব, বেহা-বেপাৰৰ কি হ’ব, এমএছএমইৰ কি হ’ব, পোন প্ৰথমে এয়াই কৰা৷ বহু লোকে মোক সমালোচনাও কৰিছিল৷ কিন্তু মই জানো যে এই সংকটৰ সময়ত দুখীয়াৰ সৈতে থকাই মোৰ প্ৰাথমিক কাম হ’ব৷

এই যোজনাৰ বাবে কিছু সপ্তাহৰ ভিতৰতেই প্ৰায় আঢ়ৈ লাখ কোটি টকা ব্যয় কৰা হৈছে৷ এই তিনি মাহত ৮০ কোটি দুখীয়াক খাদ্য যোগানৰ কাম কৰা হৈছে৷ ৰেচনৰ সৈতে তেওঁলোকক গেছ চিলিণ্ডাৰো বিনামূলীয়াকৈ যোগান ধৰা হৈছে৷ এইদৰে ২০ কোটি দুখীয়া মাতৃ-ভগ্নীৰ বাবে জন ধন একাউণ্টত ১০ হাজাৰ কোটি টকাতকৈও অধিক ধন হস্তান্তৰ কৰা হৈছে৷ বয়স্ক দুখীয়া, মাতৃ-ভগ্নীসকল আৰু দিব্যাংগ বন্ধুসকলৰ বাবে ১০০০ টকাৰ সাহায্যও প্ৰত্যক্ষভাৱে তেওঁলোকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে৷

বন্ধুসকল,

চিন্তা কৰক৷ যদি ঘৰলৈ গৈ আপোনালোকে জন ধনৰ একাউণ্ট খুলিব লগীয়া হ’লহেঁতেন, ম’বাইলৰ সৈতে এই একাউণ্ট আৰু আধাৰ কাৰ্ড যদি সংযোগ কৰা নহ’লহেঁতেন তেন্তে এয়া কেনেকৈ সম্ভৱ হ’লহেঁতেন৷ পূৰ্বৰ সময়খিনি চাগে আপোনালোকৰ মনত আছে৷ টকা আপোনালোকৰ নামতেই আহিছিল কিন্তু আপোনালোকৰ হাতলৈ অহা নাছিল৷ এতিয়া সেয়া পৰিৱৰ্তন হৈছে৷ আপোনালোকে চৰকাৰী দোকানৰ পৰা যাতে সমস্যা নোহোৱাকৈ খাদ্যান্ন লাভ কৰিব পাৰে তাৰ বাবে এক দেশ, এক ৰেচন কাৰ্য যোজনা আৰম্ভ কৰা হৈছে৷ অৰ্থাৎ আমাৰ দুখীয়া ভাই-ভনীসকলে এখন ৰেচন কাৰ্ডৰ জৰিয়তে দেশৰ যিকোনো প্ৰান্তৰ পৰা ৰেচন লাভ কৰিব পাৰিব৷ 

বন্ধুসকল,

আত্মনিৰ্ভৰ ভাৰতৰ বাবে আত্মনিৰ্ভৰ কৃষকো সিমানেই প্ৰয়োজনীয়৷ কিন্তু ইমান দিন ধৰি আমাৰ দেশত কৃষি আৰু কৃষকক বিনা কাৰণে নিয়ম আৰু আইনৰ মাজত বান্ধি ৰখা হৈছিল৷ এতিয়া মোৰ সন্মুখত যিসকল কৃষক বন্ধু বহি আছে, আপোনালোকে নিজেই ইমান দিন ধৰি এই আৱেষ্টনীৰ মাজত নিজকে বান্ধি ৰাখিবলগীয়া হৈছিল৷ 

কৃষকে নিজৰ ফচল ক’ত বিক্ৰী কৰিব পাৰে, নিজৰ ফচল ক’ত সঞ্চয় কৰিব পাৰে, এই সিদ্ধান্ত লোৱাৰ অধিকাৰ কৃষকক দিয়া হোৱা নাছিল৷ এই ধৰণৰ ভেদভাৱৰ আইনক আমি দুসপ্তাহ পূৰ্বে নিঃশেষ কৰিছো৷ এতিয়া আপোনালোকে নিজৰ  উৎপাদিত সামগ্ৰী ক’ত বিক্ৰী কৰিব, সেয়া চৰকাৰে নিৰ্ধাৰণ নকৰে, বিষয়াই নিৰ্ধাৰণ নকৰে, কৃষকে নিজে নিৰ্ধাৰণ কৰিব৷

এতিয়া কৃষকসকলে নিজৰ ৰাজ্যৰ বাহিৰতো নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী  কৰিব পাৰিব৷ এতিয়া আপোনালোকে নিজৰ উপজাত সামগ্ৰীৰ বাবে ভাল দাম দিয়া কোম্পানী, ব্যৱসায়ীৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰিব৷ প্ৰথমে যি আইন ফচল সঞ্চয় কৰাৰ বাবে প্ৰণয়ন কৰা হৈছিল এতিয়া সেই আইনৰো সংস্কাৰ সাধন কৰা হৈছে৷

বন্ধুসকল,

আত্মনিৰ্ভৰ ভাৰত পেকেজত কৃষকৰ ফচল সঞ্চয় কৰাৰ বাবে শীতলীকৃত সঞ্চয় ভঁৰাল নিৰ্মাণ, কৃষকক প্ৰত্যক্ষভাৱে বজাৰৰ সৈতে জড়িত কৰোৱা, আৰু ইয়াৰ বাবেও ১ লাখ কোটি টকাৰ বিনিয়োগৰ বিষয়ে ঘোষণা কৰা হৈছে৷ যেতিয়া কৃষকক বজাৰৰ সৈতে জড়িত কৰোৱা হ’ব তেতিয়া তেওঁলোকে নিজৰ সামগ্ৰী অধিক দামত বিক্ৰী কৰাৰ পথো মুকলি হ’ব৷

আপোনালোকে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত আৰু এটা সিদ্ধান্তৰ বিষয়ে শুনিছে৷ আপোনালোকৰ গাঁৱৰ ওচৰত, চুবুৰি আৰু সৰু চহৰত স্থানীয় উৎপাদিত সামগ্ৰীৰ উপৰিও অন্য উৎপাদন, পেকিংযুক্ত সামগ্ৰী আদিৰ বাবে উদ্যোগৰ গোট নিৰ্মাণ কৰা হ’ব৷ ইয়াৰ বৃহৎ লাভ কৃষকসকলে লাভ কৰিব৷

যিদৰে খগড়িয়াত মাকৈৰ ফচল কিমান ভাল হয়৷ কিন্তু কৃষকসকলে যদি মাকৈৰ সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে তেন্তে কিমান লাভ হ’ব৷ ঠিক সেইদৰে বিহাৰত আন বিভিন্ন সামগ্ৰী উৎপাদন হয়৷ উত্তৰ প্ৰদেশত আমলখি, আম হয়৷ ৰাজস্থানত জলকীয়া হয়৷ মধ্য প্ৰদেশত ডাইল হয়৷

বন্ধুসকল,

বিগত ৬টা বৰ্ষ ধৰি চলি অহা এই সকলো প্ৰয়াসৰ এটাই উদ্দেশ্য, সেয়া হ’ল আমাৰ গাঁও, আমাৰ দুখীয়া ভাই-ভনীসকলে যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰে৷ আমাৰ কোনো দুখীয়া, মজদুৰ, কৃষকে যাতে আনৰ ওচৰত সহায়ৰ হাত পাতিবলগীয়া নহয়৷ তেওঁলোকে যাতে সাহস আৰু সন্মানেৰে জীয়াব পাৰে৷

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ দ্বাৰা আপোনালোকৰ আত্মসন্মানৰ সুৰক্ষা হ’ব আৰু আপোনালোকৰ শ্ৰমৰ দ্বাৰা গাঁৱৰ বিকাশো হ’ব৷ আজি আপোনাৰ এই সেৱক আৰু সমগ্ৰ দেশে এই চিন্তা-ধাৰাৰ সৈতে, এই সংকল্পৰ সৈতে আপোনালোকৰ মান আৰু সন্মানৰ বাবে কাম কৰি আছে৷

আপোনালোক কামলৈ ওলাওক, কিন্তু মোৰ এটাই অনুৰোধ যে আপোনালোকে যাতে সতৰ্কতা অৱলম্বন কৰে৷ মুখত মাস্ক অথবা গামোচা পৰিধান কৰক, স্বচ্ছতা আৰু দুই গজৰ দূৰত্ব অৱলম্বন কৰিবলৈ যাতে নাপাহৰে৷ আপোনালোকে সতৰ্কতা অৱলম্বন কৰিলে আপোনালোকৰ গাঁও আৰু ঘৰো এই সংক্ৰমণৰ পৰা ৰক্ষা পৰিব৷ ই আমাৰ জীৱন আৰু আমাৰ আজীৱিকা দুয়োটাৰ বাবেই আৱশ্যকীয়৷

আপোনালোক সকলোৱে সুস্থ হৈ থাকক, আগবাঢ়ক আৰু আপোনালোক সৈতে দেশো আগবাঢ়ক, এই শুভকামনাৰ সৈতে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো৷

মই সকলো আদৰণীয় মুখ্যমন্ত্ৰীসকলকো কৃতজ্ঞতা জনাইছো, বিশেষকৈ বিহাৰ চৰকাৰলৈ কৃতজ্ঞতা জনাইছো৷ কিয়নো তেওঁলোকে এই অত্যন্ত গুৰুত্বপূৰ্ণ যোজনাৰ কাম কৰাৰ বাবে সমৰ্থন জনাই আগবাঢ়ি আহিছে৷ তাৰ বাবে আপোনালোক সকলোলৈ অশেষ ধন্যবাদ থাকিল৷

*****

VRRK/KP/MANN



(Release ID: 1633026) Visitor Counter : 231