বিত্ত মন্ত্ৰালয়

এই পৰ্যন্ত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অনুদানৰ অগ্ৰগতি

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত ৪২ কোটিৰো অধিক দুখীয়া লোকে লাভ কৰিলে ৬৫,৪৫৪ কোটি টকাৰ বিত্তীয় সাহাৰ্য্য

Posted On: 20 JUN 2020 2:17PM by PIB Guwahati

১.৭০ লাখ কোটি টকাৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অংশ হিচাপে, মহিলা আৰু দুখীয়া জ্যেষ্ঠ নাগৰিক আৰু কৃষকৰ বাবে চৰকাৰে বিনামূলীয়া খাদ্য শস্য আৰু নগদ ধন প্ৰদানৰ কথা ঘোষণা কৰিছিল। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে এই পেকেজৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে নিৰীক্ষণ কৰি আহিছে। প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত ৪২ কোটিৰো অধিক দুখীয়া লোকে ৬৫,৪৫৪ কোটি টকাৰ অদ্যপি বিত্তীয় সাহাৰ্য্য লাভ কৰিছে।

পিএমজিকেপিৰ ভিন্ন অংশৰ অধীনত তলত উল্লেখ কৰা ধৰণৰে এতিয়ালৈকে অগ্ৰগতি লাভ কৰা হৈছেঃ

৮.৯৪ কোটি হিতাধিকাৰীলৈ পিএম-কিষাণৰ প্ৰথমটো কিস্তি প্ৰদানৰ বাবদ আগতীয়াকৈ ১৭,৮৯১ কোটি টকা মোকলাই দিয়া গৈছে।

২০,৬৫ কোটি (১০০%)জন ধন একাউন্টধাৰী মহিলাক প্ৰথম কিস্তি হিচাপে ১০,৩২৫ কোটি টকা প্ৰদান কৰা হৈছে। দ্বিতীয়টো কিস্তি হিচাপে জন ধন একাউন্টধাৰী ২০.৬২ কোটি (১০০%) মহিলাক ১০,৩১৫ কোটি টকা প্ৰদান কৰা হয়। ২০,৬২ কোটি (১০০%)জন ধন একাউন্টধাৰী মহিলাক ১০,৩১২ কোটি টকা প্ৰদান কৰা হৈছে তৃতীয়টো কিস্তি হিচাপে।

প্ৰায় ২.৮১ কোটি বৃদ্ধ বয়সৰ লোক, বিধৱা আৰু বিশেষভাৱে সক্ষম লোকক দুটা কিস্তিত মুঠ ২৮১৪.৫ কোটি টকা বিতৰণ কৰা হয়। দুটা কিস্তিত সম্পূৰ্ণ ২.৮১ কোটি হিতাধিকাৰীলৈ লাভ হস্তান্তৰ কৰা হৈছে।

২.৩ কোটি গৃহ আৰু নিৰ্মাণ শ্ৰমিকে ৪৩১২.৮২ কোটি টকাৰ বিত্তীয় সাহাৰ্য্য লাভ কৰিছে।

অদ্যপি এপ্ৰিলত ৩৬ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ ১১৩ লাখ মেট্ৰিক টন খাদ্য শস্য প্ৰেৰণ কৰা হয়। এপ্ৰিল, ২০২০ত ৩৬ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৪.০৩ কোটি হিতাধিকাৰীক সামৰি ৩৭.০১ লাখ মেট্ৰিক টন খাদ্য শস্য বিতৰণ কৰা হয়। মে, ২০২০ত ৩৬ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭২.৮৩ কোটি হিতাধিকাৰীক সামৰি ৩৬.৪২ লাখ মেট্ৰিক টন খাদ্য শস্য বিতৰণ কৰা হয়। একেদৰে, জুন, ২০২০তো ২৯ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৭.১৮ কোটি হিতাধিকাৰীক সামৰি ১৩.৫৯ লাখ মেট্ৰিক টন খাদ্য শস্য বিতৰণ কৰা হয়। এই তিনি মাহত ৫.৮ লাখ মেট্ৰিক টন আৱন্টিত দাইলৰ ভিতৰত, ৫.৬৮ লাখ মেট্ৰিক টন দাইল বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰা হয়। ১৯.৪ কোটি হিতাধিকাৰীৰ ভিতৰত এতিয়ালৈকে ১৬.৩ কোটি গৃহস্থী হিতাধিকাৰীলৈ মুঠ ৩.৩৫ লাখ মেট্ৰিক টন দাইল বিতৰণ কৰা হৈছে। এপ্ৰিলত ২৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১০০% দাইল বিতৰণ কৰা হয়, মেত ২০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১০০% দাইল বিতৰণ কৰা হয়, জুনত ৭ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১০০% দাইল বিতৰণ কৰা যায়।

আত্ম নিৰ্ভৰ ভাৰতৰ অধীনত, চৰকাৰে ২ মাহৰ কাৰণে প্ৰব্ৰজিত লোকসকলৰ অৰ্থে বিনামূলীয়া খাদ্য শস্যৰ যোগান আৰু চানা ঘোষণা কৰিছিল। ১৯ জুন, ২০২০ সাপেক্ষে, ৩৬ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৬.৩ লাখ মেট্ৰিক টন খাদ্য শস্য প্ৰেৰণ কৰা হয় আৰু এই আঁচনিৰ অধীনতেই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ৩৪,০৭৪ মেট্ৰিক টন চানাও প্ৰেৰণ কৰা যায়।

এই আঁচনিৰ অধীনত মুঠ ৮.৫২ কোটি পিএমইউৱাই চিলিণ্ডাৰ বুক কৰা হৈছে আৰু এতিয়ালৈকে এপ্ৰিল আৰু মে, ২০২০ ৰ কাৰণে এই আঁচনিখনৰ অধীনত যোগান ধৰা যায়। জুন, ২০২০ত ২.১ কোটি পিএমইউৱাই চিলিণ্ডাৰ বুক কৰা হয় আৰু ইয়াৰে ১.৮৭ কোটি পিএমইউৱাই বিনামূলীয়া চিলিণ্ডাৰ হিতাধীকাৰীসকলক প্ৰদান কৰা হয়।

৫৭৬৭ কোটি টকাৰ ইপিএফঅ একাউন্টৰপৰা নন-ৰিফাণ্ডেবল এডভান্সৰ অনলাইন উইড্ৰলৰ লাভ ২০.২২ লাখ এপিএফঅসদস্যই গ্ৰহণ কৰে।

০১-০৪-২০২০ ৰপৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰৰ জাননী জাৰি কৰা হয়। চলিত বিত্তীয় বৰ্ষটোত, ৮৮.৭৩ কোটি লোকৰ কৰ্ম-দিনৰ বাবে এয়া কাৰ্যকৰী হৈছে। পৰৱৰ্তী, মজুৰি আৰু সামগ্ৰী উভয়ৰে লিকুইডেটেড পেণ্ডিং ডিউজ হিচাপে ৰাজ্যসমূহলৈ ৩৬,৩৭৯ কোটি টকা মোকলাই দিয়া হৈছে।

৯৯৬.৪৬ কোটি টকাৰ ২৪% ইপিএফ বৰঙণি ৬৫.৭৪ লাখ কৰ্মচাৰীৰ একাউন্টলৈ প্ৰদান কৰা হৈছে।

জিলা মিনাৰেল পুঁজি (ডিএমএফ)ৰ অধীনত, এই পুঁজিৰ ৩০% ব্যয় কৰিবলৈ ৰাজ্যসমূহক কোৱা হয়, যাৰ পৰিমাণ হব ৩,৭৮৭ কোটি টকা আৰু এতিয়ালৈকে ইয়াৰপৰা ১৮৩.৬৫ কোটি ব্যয় কৰা হৈছে।

৩০ মাৰ্চ, ২০২০ ৰপৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্য সেৱা কেন্দ্ৰসমূহত কৰ্মৰত স্বাস্থ্য কৰ্মীসকলৰ কাৰণে বীমা আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনি ৰূপায়ণ কৰিছে নিউ ইণ্ডিয়া এছুৰেঞ্চ স্কিমে। এই আঁচনিখন ছেপ্টেম্বৰলৈকে সম্প্ৰসাৰণ কৰা হৈছে।

 

 

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজ

১৯/০৬/২০২০ পৰ্যন্ত মুঠ প্ৰত্যক্ষ লাভ হস্তান্তৰ

আঁচনি

হিতাধীকাৰীৰ সংখ্যা

Amount

পিএমজেডিৱাই মহিলা একাউন্ট ধাৰীলৈ সহায়

1st Ins - 20.65 Cr(100%)

2ndIns –20.63 Cr

3rd Ins -20.62 (100%)

1stIns –10,325 Cr

2ndIns – 10,315 Cr

3rd Ins –10,312 Cr

এনএছএপি (বয়সস্থ বিধৱা, দিব্যাংগ, জ্যেষ্ঠ নাগৰিক)লৈ সহায়

2.81 Cr (100%)

2814 Cr

পিএম-কিষাণ ৰ অধীনত কৃষকলৈ অগ্ৰিম-ধন প্ৰদান

8.94 Cr

17891 Cr

গৃহ আৰু আন নিৰ্মাণ শ্ৰমিকলৈ সহায়

2.3 Cr

4313 Cr

এপিএফঅলৈ ২৪% বৰঙণি

.66 Cr

996 Cr

উজ্জ্বলা

1st Ins – 7.48

2nd Ins – 4.48

8488 Cr

মুঠ

42.84 Cr

65,454 Cr



(Release ID: 1633014) Visitor Counter : 217