প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-চীন সীমান্ত সমস্যা সন্দৰ্ভত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ

লাডাখত আমাৰ ২০জন সাহসী সৈন্যই জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিলেও আমাৰ মাতৃভূমিৰ প্ৰতি দৃষ্টি ৰখাসকলক এশিকনি দিবলৈ সমৰ্থ হৈছেঃ প্ৰধানমন্ত্ৰী

আমাৰ সীমাৰ ভিতৰতো কোনো নাই আৰু আমিও কাৰো সীমা দখল কৰা নাইঃ প্ৰধানমন্ত্ৰী

ভাৰতে শান্তি আৰু বন্ধুত্ব বিচাৰে, কিন্তু সাৰ্বভৌমত্ব সকলোৰে ঊৰ্ধতঃ প্ৰধানমন্ত্ৰী

সশস্ত্ৰ বাহিনীক প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

সীমান্ত সুৰক্ষিত কৰিবলৈ চৰকাৰে সীমান্ত অঞ্চলৰ আন্তঃগাঁথনি মজবুত কৰাত গুৰুত্ব প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী

দ্ৰুত গতিত সম্পন্ন কৰা হ’ব ৰাষ্ট্ৰীয় নিৰাপত্তা তথা আন্তঃগাঁথনিৰ নিৰাপত্তা সম্পৰ্কীয় কাম-কাজঃ প্ৰধানমন্ত্ৰী

ৰাজনৈতিক দলসমূহৰ নেতাসকলে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ঐক্যৱদ্ধভাৱে চৰকাৰৰ পক্ষত থিয় দিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে

Posted On: 19 JUN 2020 9:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকত ভাৰত-চীনা সীমান্তৰ বিবাদসমূহৰ বিষয়ে আলোচনা কৰা হয়৷ বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই এই বৈঠকত অংশগ্ৰহণ কৰে৷

সশস্ত্ৰ বাহিনীৰ বিক্ৰম

প্ৰধানমন্ত্ৰীয়ে দেশৰ সেনাবাহিনীৰ সৈতে সমগ্ৰ দেশৰ জনতাই থিয় দি তেওঁলোকৰ সাহস আৰু পৰাক্ৰমৰ ওপৰত সম্পূৰ্ণ বিশ্বাসী বুলি মন্তব্য কৰে৷ আজি অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকৰ জৰিয়তে শ্বহীদসকলৰ পৰিয়ালৰ সৈতে সমগ্ৰ দেশ তেওঁলোকৰ ওচৰত আছে বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বস্ত কৰে৷

আমাৰ দেশৰ সীমাৰ ভিতৰত আন দেশৰো কোনো অঞ্চল নাই আৰু আমিও কাৰো অঞ্চল দখল কৰা নাই বুলি বৈঠকৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে৷ তেওঁ কয় যে লাডাখৰ সংঘৰ্ষত বিশজন সৈন্যই প্ৰাণ আহূতি দিলেও তেওঁলোকেও মাতৃভূমিৰ ফালে চকু দিয়াসকলক এশিকনি দিবলৈ সমৰ্থ হৈছে৷  ৰাষ্ট্ৰবাসীয়ে শ্বহীদসকলৰ সাহস আৰু পৰাক্ৰমক সদায়েই মনত ৰাখিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ চীনৰ কাৰ্যকলাত ক্ষুব্ধ হৈ আছে৷ দেশক সুৰক্ষিত কৰি ৰাখিবলৈ সশস্ত্ৰবাহিনীয়ে কোনো ধৰণৰ অৱহেলা নকৰে বুলি তেওঁ দলৰ নেতৃবৰ্গক আশ্বস্ত কৰে৷ তেওঁ কয় যে দেশৰ হাতত আজি এনে সামৰ্থ আছে যাৰ ফলত কোনেও ভাৰতৰ ফালে চকু দিবলৈ সাহস নকৰে৷ এই সন্দৰ্ভত সেনাবাহিনীক আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুক্ত স্বতন্ত্ৰতা প্ৰদান কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷  

সীমাৰ আন্তঃগাঁথনি নিৰ্মাণ

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে শান্তি আৰু বন্ধুত্ব বিচাৰিলেও সাৰ্বভৌমত্ব দেশৰ বাবে সবাতোকৈ ঊৰ্ধত৷ তেওঁ কয় যে চৰকাৰে সীমান্ত এলেকাৰ আন্তঃগাঁথনি বিকাশত অগ্ৰাধিকাৰ প্ৰদান কৰিছে৷ সেনাবাহিনীক যুঁজাৰু বিমান, আধুনিক হেলিকপ্টাৰ, মিছাইল প্ৰতিৰক্ষা ব্যৱস্থা আদি প্ৰদান কৰা হৈছে৷ শেহতীয়াকৈ বিকশিত আন্তঃগাঁথনিৰ জৰিয়তে এলএচিত পেট্ৰ’লিং সামৰ্থ বৃদ্ধি কৰা হৈছে৷ 

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কয় যে শ্বহীদ সকলৰ দেশৰ প্ৰতি প্ৰাণ উৎসৰ্গাক দেশবাসীয়ে কেতিয়াও নাপাহৰে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড এছ জয়শংকৰে ভাৰত আৰু চীনৰ সীমা ব্যৱস্থাপনাৰ চুক্তিপত্ৰৰ এক অৱলোকন দাঙি ধৰে৷

ৰাজনৈতিক দলসমূহৰ নেতৃবৰ্গৰ বক্তব্য

সশস্ত্ৰ বাহিনীয়ে লাডাখত পৰাক্ৰমী ভূমিকা পালন কৰা বাবে ৰাজনৈতিক দলসমূহ নেতৃবৰ্গই তেওঁলোকক প্ৰশংসাৰে উপচায় পেলায়৷ সংকটৰ এই সময়ছোৱাত নেতৃবৰ্গই প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ ওপৰত নিজৰ বিশ্বাস প্ৰতিপন্ন কৰাৰ লগতে চৰকাৰৰ সৈতে ঐক্যৱদ্ধতাৰে থিয় দিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ সমস্যাটোৰ মোকাবিলা কৰা সন্দৰ্ভত তেওঁলোকে নিজৰ চিন্তা-ধাৰা তথা পৰামৰ্শও প্ৰকাশ কৰে৷

শ্ৰীমতী মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ দলে চৰকাৰৰ সৈতে ঐক্যৱদ্ধভাৱে সহযোগ কৰিব৷ শ্ৰী নীতিশ কুমাৰে কয় এই সময়ছোৱাত দলসমূহৰ মাজত কোনো ধৰণৰ অনৈক্যতা অহাটো উচিত নহয়৷ শ্ৰী চিৰাগ পাছোৱানে কয় যে দেশে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সুৰক্ষিত অনুভৱ কৰিছে৷ শ্ৰী উদ্ধৱ থাকৰেয়ে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি কয় যে সমগ্ৰ দেশবাসীয়ে ঐক্যৱদ্ধভাৱে প্ৰধানমন্ত্ৰীৰ সৈতে থিয় দিছে৷

শ্ৰীমতী ছোনিয়া গান্ধীয়ে দলৰ নেতাসমূহে এতিয়াও সমগ্ৰ বিষয়টো সন্দৰ্ভত অজ্ঞাত বুলি মন্তব্য কৰি চৰকাৰক চোৰাংচোৱাৰ প্ৰতিবেদন তথা অন্যান্য সম্পৰ্কীয় বিষয় সন্দৰ্ভত প্ৰশ্ন কৰে৷ শ্ৰী শৰদ পাৱাৰে কয় যে সেনাবাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াব নে নকঢ়িয়াই সেয়া আন্তৰ্জাতিক চুক্তিপত্ৰৰ সিদ্ধান্তত নিৰ্ভৰ নকৰে আৰু দলসমূহে তেনেবোৰ সংবেদনশীল বিষয়ত মাত মতা উচিতো নহয়৷ শ্ৰী কনৰাড চাংমাই কয় যে প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ দিশত কাম কৰি আছে আৰু সেয়া নিৰন্তৰে হৈ থকা উচিত৷ শ্ৰীমতী মায়াৱতীয়ে কয় যে এয়া ৰাজনীতিৰ সময় নহয়৷ প্ৰধানমন্ত্ৰীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰে তাতে তেওঁ সমৰ্থন জনাব বুলি মন্তব্য কৰে৷ শ্ৰী এম কে ষ্টেলিনে প্ৰধানমন্ত্ৰীৰ শেহতীয়া মন্তব্যক আদৰণি জনায়৷

প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক দলৰ নেতাসমূহৰ মন্তব্য আৰু বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

*******

VRRK/SH/MANN



(Release ID: 1632807) Visitor Counter : 194