প্ৰতিৰক্ষা মন্ত্ৰালয়
লাডাখ সীমান্ত পৰিস্থিতি সন্দৰ্ভত তিনি সেনাবাহিনীৰ প্ৰধান আৰু চীফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ)ৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংৰ পৰ্যালোচনা বৈঠক
प्रविष्टि तिथि:
17 JUN 2020 3:23PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি পুৱাতেই চাউথ ব্লকত লাডাখ সীমান্ত পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত ভাগ লয়। এই বৈঠকত চীফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) সামৰিক বিষয়ক বিভাগৰ সচিব জেনেৰেল বিপিন ৰাৱাত, সেনাবাহিনী প্ৰধান জেনেৰেল এম এম নাৰভানে, নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিং আৰু বিমান বাহিনীৰ প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল আৰ কে এছ ভাদোৰিয়া উপস্থিত থাকে।
ইয়াৰ পিছতে এক টুইট বাৰ্তাযোগে শ্ৰী ৰাজনাথ সিঙে সীমান্ত সংঘৰ্ষত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰি কয়, “গালৱানত ভাৰতীয় সেনাসকলৰ প্ৰাণহানিৰ ঘটনা অত্যন্ত বেদনাদায়ক। আমাৰ সেনাই সীমান্তত কৰ্তব্য পালনত অনুকৰণীয় সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছে আৰু ভাৰতীয় সেনাবাহিনীৰ সৰ্বোচ্চ ঐতিহ্যক বজাই ৰাখি তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছে।”
তেওঁ লগতে কয়, দেশবাসীয়ে তেওঁলোকৰ সাহস আৰু ত্যাগক কেতিয়াও পাহৰিব নোৱাৰে। সেইসকল শ্বহীদ সেনাৰ পৰিবায়াললৈ মোৰ সমবেদনা জনাইছো। এই কঠিন সময়ত সমগ্ৰ জাতিয়ে তেওঁলোকৰ কাষত থিয় হৈছে। ভাৰতৰ এই বীৰসাহসী যোদ্ধাসকলৰ সাহসিকতা আৰু বীৰত্বৰ বাবে আমি গৰ্বিত।"
****
ABB/SS/Nampi/KA/DK/Savvy/ADA/RD
(रिलीज़ आईडी: 1632259)
आगंतुक पटल : 230
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam