স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ শেহতীয়া তথ্য

আৰোগ্য লাভৰ হাৰ ৫২.৪৭% লৈ বৃদ্ধি

ক’ভিড-১৯ সম্পৰ্কীয় গ্লানি ৰোধৰ অৰ্থে গাইড মুকলি MoHFW ৰ

Posted On: 16 JUN 2020 2:15PM by PIB Guwahati

যোৱা ২৪ ঘন্টাত কভিড-১৯ ত আক্ৰান্ত ১০,২১৫ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। এতিয়ালৈকে কভিড-১৯ ৰপৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ১,৮০,০১২ জন। আৰোগ্য লাভৰ হাৰ ৫২.৪৭% লৈ বৃদ্ধি পাইছে যিয়ে আধাতকৈও বেছি পজিটিভ ৰোগীয়ে ব্যাধিটোৰপৰা মুক্তি লাভ কৰাটোকে সূচিত কৰিছে।

সম্প্ৰতি, ১,৫৩,১৭৮ জন পজিটিভ ৰোগী চিকিৎসাধীন অৱস্থাত আছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে কভিড-১৯ ৰপৰা আৰোগ্য লাভ কৰা ৰোগী, আগশাৰীত থাকি স্বাস্থ্যসেৱা প্ৰদানকাৰী, তেওঁলোকৰ পৰিয়ালকে ধৰি কভিড-১৯ ত আক্ৰান্ত লোকসকলে মুখামুখি হোৱা গ্লানিৰ প্ৰসংগটো দূৰ কৰাৰ নিমিত্তে এক বিস্তৃত সচিত্ৰ (illustrated) গাইড মুকলি কৰে। এই গাইডখন https://www.mohfw.gov.in/pdf/GuidetoaddressstigmaassociatedwithCOVID19.pdf ৰ যোগেদি লাভ কৰিব পাৰিব।

ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতি-নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ সকলো শুদ্ধ আৰু শেহতীয়া তথ্যৰ কাৰণে অনুগ্ৰহ কৰি নিয়মিতভাৱে https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA চাওঁক।

ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন থাকিলে technicalquery.covid19[at]gov[dot]in আৰু আন প্ৰশ্ন থাকিলে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।  

ভিড-১৯ সন্দৰ্ভত যিকোনো প্ৰশ্নৰ কাৰণে, অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ হেল্পলাইন নং: +91-11-23978046 বা 1075 (ল-ফ্ৰী) ত ফোন কৰিব পাৰে। কভিড-১৯ সন্দৰ্ভত ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হেল্পলাইন নম্বৰসমূহৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf তো উপলব্ধ।

 

 

****

MV/SG/SB



(Release ID: 1632009) Visitor Counter : 182