ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লে ৰাজ্যবোৰৰ চাহিদা অনুসৰি চলাব শ্ৰমিক স্পেচিয়েল ৰে’ল

Posted On: 12 JUN 2020 1:53PM by PIB Guwahati

ভাৰতীয় ৰে’ল বিভাগে ৰাজ্যবোৰৰ চাহিদা অনুসৰি শ্ৰমিক স্পেচিয়েল ৰে’লৰ মাধ্যমেৰে প্ৰব্ৰজিত শ্ৰমিকসকলক নিৰাপদে আৰু স্বাচ্ছ্যন্দৰে নিজ নিজ গন্তব্য স্থানলৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ৰে’ল ব’ৰ্ডৰ অধ্যক্ষলৈ ৰাজ্যসমূহে চিঠি লিখি শ্ৰমিক স্পেচিয়েল ৰে’লৰ প্ৰয়োজনীয়তাৰ কথা জনোৱাৰ পিছেতে ভাৰতীয় ৰে’লে এতিয়া আৰু ৬৩ খন শ্ৰমিক স্পেচিয়েল ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৰালা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাড়ু, জম্মু-কাশ্মীৰ, গুজৰাট আৰু পশ্চিমবঙ্গ - এই ৭ খন ৰাজ্যৰ পৰাই শ্ৰমিক স্পেচিয়েল ৰে’লৰ প্ৰয়োজনীয়তাৰ কথা জনোৱা হৈছে। মুঠ ৬৩ খন শ্ৰমিক স্পেচিয়েল ৰে’লযোগে অন্ধ্ৰপ্ৰদেশৰ ৩ খন, গুজৰাটৰ ১ খন, জম্মু-কাশ্মীৰৰ ৯ খন, কৰ্ণাটকৰ ৬ খন, কেৰেলাৰ ৩২ খন, তামিলনাড়ুৰ ১০ খন আৰু পশ্চিমবঙ্গৰ ২ খন ৰে’ল আছে। উত্তৰপ্ৰদেশ চৰকাৰে ইয়াৰ প্ৰয়োজন অনুযায়ী শ্ৰমিক স্পেচিয়েল ৰে’লৰ কথা ভাৰতীয় ৰে’লক অৱগত কৰিব।

উল্লেখযোগ্য যে ৰে’ল ব’ৰ্ডৰ অধ্যক্ষই বিগত ২৯ মে’, ৩ জুন আৰু ৯ জুনত ৰাজ্যসমূহলৈ চিঠি প্ৰেৰণ কৰিছিল। চিঠিত ৰে’ল ব’ৰ্ডৰ অধ্যক্ষই জনাইছিল যে ৰাজ্যৰ প্ৰয়োজন অনুযায়ী ৰে’লৰ বাবে অনুৰোধ জনোৱা হ’লে ভাৰতীয় ৰে’লে ২৪ ঘন্টাৰ ভিতৰত শ্ৰমিক স্পেচিয়েল ৰে’লৰ ব্যৱস্থা কৰিব।

ৰাজ্যবোৰক কিমান ৰে’লৰ প্ৰয়োজন আৰু কিমান দূৰ ই যাতায়াত কৰিব তাৰ এক পৰিকল্পনা ৰে’ল বিভাগক জমা দিলেই সেই অনুযায়ী মন্ত্ৰালয়ে ৰে’লৰ ব্যৱস্থা কৰিব পাৰিব। সেয়ে ৰাজ্যসমূহক শীঘ্ৰেই সেই পৰিকল্পনা জমা দিয়াৰ বাবে অনুৰোধ জনোৱা হৈছে। ভাৰতীয় ৰে’লে এয়াও আশ্বাস দিছে যে ভৱিষ্যতে যিকোনো প্ৰয়োজনতে অতিৰিক্ত শ্ৰমিক স্পেচিয়েল ৰে’ল চলোৱা হ’ব। এই পৰ্যন্ত প্ৰায় ৪ হাজাৰ ২৭৭ খন শ্ৰমিক স্পেচিয়েল ৰে’লযোগে ভাৰতীয় ৰে’লে ৬০ লাখৰো অধিক লোকক তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ গন্তব্য স্থানত উপস্থিত হোৱাত সহায় কৰিছে। উল্লেখ্য যে বিগত পহিলা মে’ৰ পৰা ভাৰতীয় ৰে’লে শ্ৰমিক স্পেচিয়েল ৰে’ল চলাই আছে।

*****

 

DJN/SG/MKV/RD



(Release ID: 1631916) Visitor Counter : 212