গৃহ মন্ত্ৰালয়

দিল্লীত ক’ভিড-১৯ ৰ পৰিস্থিতিক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক

Posted On: 14 JUN 2020 4:44PM by PIB Guwahati

দিল্লীত ক’ভিড ১৯ সংক্ৰমণ প্ৰতিৰোধ আৰু দেশৰ ৰাজধানীক সুৰক্ষিত ৰাখিবলৈ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে। দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰী অৰবিন্দ কেজৰিৱাল আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক বৈঠকত ক’ৰোনা সংক্ৰমণৰ পৰা দিল্লীৰ নাগৰিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

শ্ৰী শ্বাহে এই বৈঠকত অংশগ্ৰহণ কৰি কয়, দিল্লীৰ চিকিৎসালয়বোৰত ক’ৰোনা ৰোগীসকলৰ বাবে বিচনা কম হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ততালিকে ক’ভিড চিকিৎসাৰ বাবে ৫০০ ৰূপান্তৰিত ৰে’ল কোচ ক্ষীপ্ৰতাৰে দিল্লী চৰকাৰক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত দিল্লীত আৰু ৮ হাজাৰ বিচনা পোৱা যাব আৰু এইবোৰত ক’ভিড-১৯ ৰোগীসকলৰ চিকিৎসাৰ সকলোবোৰ সুবিধা উপলব্ধ কৰা হৈছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয়, যোগাযোগ মেপিং ব্যৱস্থাপনাৰ উন্নতিসাধন ঘটাই ৰাজধানী অঞ্চলৰ কন্টেইনমেন্ট জ’নবোৰত ঘৰে ঘৰে গৈ স্বাস্থ্য পৰ্যবেক্ষণ চলোৱা হ’ব। এই পৰ্যবেক্ষণৰ তথ্য এসপ্তাহৰ ভিতৰতেই পোৱা যাব। কাৰ্যকৰী পৰ্যবেক্ষণৰ বাবে দিল্লীৰ সকলোবোৰ বাসিন্দাকে তেওঁলোকৰ মোবাইল ফোনত আৰোগ্য সেঁতু এপ্প ডাউনলোড কৰিবলৈ কোৱা হৈছে।

গৃহমন্ত্ৰীয়ে কয়, দিল্লীত যিদৰে ক’ৰোনা সংক্ৰমণ বাঢ়ি আহিছে তাৰ বাবে আগন্তুক ২ দিনৰ ভিতৰত ক’ভিড-১৯ ৰ পৰীক্ষা দ্বিগুন কৰি তোলা হ’ব আৰু ৬ দিনৰ পিছত সেয়া তিনিগুণলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ উপৰিও কন্টেইনমেন্ট জ’নবোৰত প্ৰতিটো বুথ পৰ্যায়তে পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব। দিল্লীৰ বিভিন্ন কম পৰিসৰৰ হাস্পতাল আৰু চিকিৎসা কেন্দ্ৰবোৰত ক’ৰোনা ভাইৰাছ সম্পৰ্কীয় নিৰ্দেশিকা আৰু তথ্যবোৰ কাৰ্যকৰীভাৱে প্ৰয়োগ কৰাৰ বাবে মোদী চৰকাৰে এইমছৰ প্ৰবীণ চিকিৎসকসকলক লৈ এখন কমিটি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধৰ উৎকৃষ্ট ব্যৱস্থাপনা সৰ্বনিম্ন স্তৰলৈ লৈ আহিব পৰা যায়। টেলিফোনৰ মাধ্যমেৰে সহায় প্ৰদানৰ বাবে এক হেল্পলাইন নম্বৰো আৰম্ভ কৰা হ’ব। শীঘ্ৰেই এই নম্বৰটো প্ৰকাশ কৰা হ’ব।

শ্ৰী শ্বাহে লগতে কয়, নীতি আয়োগৰ সদস্য ডঃ ভি কে পলৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হৈছে। এই কমিটিয়ে বেচৰকাৰী হাস্পতালত ক’ৰোনা পৰীক্ষা আৰু চিকিৎসাৰ মূল্য নিৰ্ধাৰণ কৰিব আৰু সুলভ মূল্যত যাতে ৬০ শতাংশ বিচনা ক’ৰোনা ৰোগীসকলৰ বাবে পোৱা যায় সেয়াও সুনিশ্চিত কৰা হ’ব। শীঘ্ৰেই এই কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব।

গৃহমন্ত্ৰীয়ে কয়, শক্তি আৰু সামৰ্থৰেই দেশবাসীয়ে এই ক’ৰোনা মহামাৰীৰে মোকাবিলা কৰিছে। যিসকলে এই সংক্ৰমণত প্ৰাণ হেৰুৱাইছে, তেওঁলোকৰ প্ৰিয়জনৰ প্ৰতি সমবেদনাও ব্যক্ত কৰেন তেওঁ। গৃহমন্ত্ৰীয়ে কয়, চৰকাৰে নিহতসকলৰ শেষকৃত্য সম্পৰ্কে নতুন নিৰ্দেশনা জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত পৰিয়াল পৰিজনে শেষকৃত্যৰ বাবে কৰা অপেক্ষাৰ সময় যথেষ্টখিনি হ্ৰাস কৰা হ’ব।

শ্ৰী অমিত শ্বাহে লগতে কয়, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আটাইৰে সতৰ্কতা আৰু সহযোগিতাৰে এই মহামাৰীৰ বিৰুদ্ধে দেশবাসীয়ে যুঁজ আগবঢ়াই গৈছে। এই সংকটকালীন সময়ত দেশৰ ভালেমান এনজিঅ’ই যি আন্তৰিকতাৰে কাম কৰিছে সিও এক দৃষ্টান্ত স্থাপন কৰিছে। এই প্ৰচেষ্টাৰে স্কাউটছ এণ্ড গাইডছ, এনছিছি, এনএছএছ আৰু অন্যান্য স্বেচ্ছাসেৱী সংস্থাবোৰক স্বাস্থ্য সেৱাত স্বেচ্ছাসেৱক হিচাপে জড়িত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে যুঁজ চলাই নিয়াৰ বাবে দিল্লী চৰকাৰৰ সাহায্যাৰ্থে আৰু ৫ জন শীৰ্ষ বিষয়াক নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই বৈঠকতে আৰু ভালেমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভাৰত চৰকাৰ আৰু দিল্লী চৰকাৰ, এইমছ আৰু দিল্লীৰ তিনিটা পৌৰ নিগমক লৈ স্বাস্থ্য বিভাগৰ চিকিৎসকসকলক সন্নিৱিষ্ট কৰি এটা যৌথ দল গঠন কৰা হৈছে। তেওঁলোকে দিল্লীৰ আটাইকেইখন ক’ৰোনা হাস্পতাল পৰিদৰ্শন কৰিব আৰু ক’ভিড-১৯ ৰোগীসকলৰ চিকিৎসাৰ বাবে স্বাস্থ্য পৰিকাঠামো আৰু প্ৰস্তুতি নিৰীক্ষণৰ পিছত এক প্ৰতিবেদন জমা দিব।

শ্ৰী শ্বাহে উক্ত বৈঠকতে গৃহীত সিদ্ধান্তবোৰ তৃণমূল স্তৰত বাস্তৱায়িত কৰাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰৰ স্বাস্থ্য আৰু অন্যান্য বিভাগক নিৰ্দেশ দিছে।

দিল্লী চৰকাৰক অক্সিজেন ছিলিণ্ডাৰ, ভেন্টিলেটৰ আৰু পাল্ছ অক্সিমিটাৰসহ সকলোবোৰ প্ৰয়োজনীয় চিকিৎসা সৰঞ্জাম প্ৰদান কৰা হ’ব বুলি আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে।

 

 

 

 

এই বৈঠকতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ লগতে, দিল্লীৰ লেফ্টেনেন্ট গৱৰ্ণৰ অনিল বৈজাল, মুখ্যমন্ত্ৰী শ্ৰী অৰবিন্দ কেজৰিৱাল এইমছৰ বিষয়াসহ অন্যান্য শীৰ্ষ বিষয়াসকলো উপস্থিত আছিল।

*****

NW/RK/PK/AD/RD



(Release ID: 1631914) Visitor Counter : 237