স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কভিড-১৯ৰ শেহতীয়া তথ্য

আৰোগ্যৰ হাৰ ৫১.০৮শতাংশলৈ বৃদ্ধি

ভাৰতত শেহতীয়াভাৱে ৯০০তকৈও অধিক লেবৰেটৰীয়ে কভিড-১৯ৰ পৰীক্ষা কৰি আছে

Posted On: 15 JUN 2020 5:38PM by PIB Guwahati

শেহতীয়া ২৪ ঘণ্টাত ৭৪১৯ গৰাকী কভিড-১৯ ৰোগী সুস্থ হৈ উঠিছে। এতিয়ালৈকে সৰ্বমুঠ ১,৬৯,৭৯৭ গৰাকী ৰোগী কভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছে।আৰোগ্যৰ হাৰ ৫১.০৮শতাংশলৈ বৃদ্ধি পাইছে, যিয়ে সূচাইছে যে আধাতকৈয়ো বেছি পজিটিভ ৰোগী কভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে।

হাস্পতালৰ নিৰীক্ষণত শেহতীয়াভাৱে ১,৫৩,১০৬গৰাকী সক্ৰিয় ৰোগী আছে।

নভেল কৰনা ভাইৰাছ সংক্ৰমিত লোকৰ পৰীক্ষাৰ সামৰ্থ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে আই চি এম আৰৰ।চৰকাৰী লেবৰ সংখ্যা ৬৫৩ আৰু ব্যক্তিগত লেবৰ সংখ্যা ২৪৮(সৰ্বমুঠ ৯০১)টালৈ বৃদ্ধি পাইছে।ইয়াৰ বিৱৰণ তলত দিয়া ধৰণৰঃ

 

ৰিয়েল-টাইম আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৫৩৪(চৰকাৰীঃ৩৪৭+ব্যক্তিগতঃ১৮৭)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ২৯৬(চৰকাৰীঃ২৮১+ব্যক্তিগতঃ১৫)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ৭১(চৰকাৰীঃ২৫+ব্যক্তিগতঃ৪৬)

যোৱা ২৪ ঘণ্টাত ১,১৫,৫১৯টা নমুনা পৰীক্ষা কৰা গৈছে।এতিয়ালৈকে সৰ্বমুঠ ৫৭,৭৪,১৩৩টা নমুনা পৰীক্ষা কৰা গৈছে।

 

সকলোধৰণৰ বিশ্বাসযোগ্য আৰু শেহতীয়া কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতিগত নিৰ্দেশাৱলী আৰু পৰামৰ্শৰ বাবে অনুগ্ৰহ কৰি নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA দৰ্শন কৰক।

মনত উদয় হোৱা কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন technicalquery.covid19[at]gov[dot]inলৈ প্ৰেৰণ কৰিব পাৰে।

কভিড-১৯ সম্পৰ্কীয় জানিবলগীয়া যিকোনোধৰণৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ হেল্পলাইন নম্বৰঃ +91-11-23978046  নাইবা 1075(টল ফ্ৰী)ত কল কৰক।কভিড-১৯ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfত উপলব্ধ হব।

MV/SG/KG



(Release ID: 1631831) Visitor Counter : 165