সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

পাঞ্জাৱৰ ফিৰোজপুৰত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ এডিআইপি অধীনত ভাৰ্চুৱেল মঞ্চৰ জৰিয়তে প্ৰথমবাৰলৈ দিব্যাংগজনক সহায়কাৰী সামগ্ৰী আৰু সঁজুলি বিতৰণ

এই সংকটৰ সময়ত হিতাধিকাৰী সকলক সময়মতে পুনৰ সংস্থাপন সাহায্য প্ৰদান সুনিশ্চিত হোৱাকৈ অধিক ভাৰ্চুৱেল এডিআইপি শিৱিৰ আয়োজন কৰা হ’বঃ শ্ৰী থাৱৰচান্দ গেহলট

Posted On: 15 JUN 2020 2:01PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমাজে সন্মুখীন হোৱা অভূতপূৰ্ব পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে ধাৰাবাহিকভাৱে দিব্যাংগ লোকসকলৰ বাবা বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ এই প্ৰচেষ্টাৰ অংশ হিচাপে সকলো সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি আজি পাঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ তালৱাণ্ডি ভাই ব্লকত ভাৰত চৰকাৰৰ এডিআইপি আঁচনিৰ অধীনত খণ্ড পৰ্যায়ৰ এক ভাৰ্চুৱেল বিনামূলীয়া সহায়কাৰী সামগ্ৰী আৰু সঁজুলি প্ৰদান শিৱিৰৰ আয়োজন কৰা হয়৷ লকডাউন খোলাৰ পাছত চৰকাৰৰ অনুমোদন ক্ৰমে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ডিইপিডব্লিউডিৰ অধীনত এলআইএমচিঅ’য়ে প্ৰথম বাৰলৈ এই শিৱিৰৰ আয়োজন কৰে৷

 

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী থাৱৰচান্দ গেহলটে মুখ্য অতিথি হিচাপে অনলাইন ভিডিঅ’ সম্প্ৰচাৰৰ জৰিয়তে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত ডিইপিডব্লিউডিৰ সচিব শকুন্তলা ডি গেমলিন, ডিইপিডব্লিউডিৰ যুটীয়া সচিব প্ৰবোধ শেঠ, এএলআইএমচিঅ’ৰ চিএমডি ডি. আৰ. শাৰীনে ভিডিঅ’ লিংকযোগে অংশগ্ৰহণ কৰে৷ সাহায্য প্ৰদান অনুষ্ঠানত ফিৰোজপুৰ(গ্ৰাম্য)ৰ বিধায়ক সকাৰ কৌৰ আৰু ফিৰোজপুৰৰ জিলা উপায়ুক্ত কুলৱন্ত সিঙো উপস্থিত থাকে৷

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী গেহলটে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষ নেতৃত্বত তেওঁ মন্ত্ৰালয়ে দেশৰ দিব্যাংগ লোকসকলৰ বাবে বিভিন্ন কল্যানমূলক পদক্ষেপ আৰু আঁচনি গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷ ক’ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰালয়ে বৰ্তমান দিব্যাংগসকলক সামগ্ৰী আৰু সহায়কাৰী সঁজুলি বিতৰণ কৰাৰ বাবে ভাৰ্চুৱেল এডিআইডি শিৱিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বিগত সময়ত অনুষ্ঠিত শিৱিৰে ১০বাৰকৈ গীনিজ বুক অফ ৰেকৰ্ড প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বুলি সদৰি কৰি তেওঁ কয় মন্ত্ৰালয়ে দিব্যাংগ শিক্ষাৰ্থীসকলক তেওঁলোকৰ শিক্ষা গ্ৰহণত সুবিধা হোৱাকৈ বিত্তীয় সাহায্য আৰু বৃত্তি আগবঢ়াইছে, যাতে তেওঁলোকক আত্মনিৰ্ভৰশীল হয়৷ দিব্যাংগ আৰু তেওঁলোকৰ পৰিয়ালক ইউনিক আইডি লাভৰ বাবে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে দেশত ইতিমধ্যে ৩১ লাখ ইউনিক আইডি কাৰ্ড প্ৰদান কৰা হৈছে৷

উল্লেখ্য যে আজি তালৱাণ্ডি ব্লকত ৯৫গৰাকী হিতাধিকাৰীক ১২ লাখ টকা মূল্যৰ ১৬৬ বিধ বিভিন্ন সহায়ক সামগ্ৰী প্ৰদান কৰা হৈছে৷ আজিৰে পৰা ২০জুনলৈকে চলিবলগা এই কাৰ্যসূচীৰ জৰিয়তে ফিৰোজপুৰৰ ৬টা ব্লকৰ ৯৬২গৰাকী হিতাধিকাৰীক ১.৫০ কোটি মূ্ল্যৰ ১,৬৬৭ বিধ সঁজুলি প্ৰদান কৰা হ’ব৷ সেইবোৰ হৈছে-

মটৰযুক্ত ট্ৰাইচাইকেল      - ২০০

ট্ৰাইচাইকেল - ২৩৯

হুইল চেয়াৰ    - ১৯৪

চি.পি. চেয়াৰ - ২৩

ক্ৰাচেছ    - ৩৯৪

ৱাকিং ষ্টিকছ     - ১০৮

স্মাৰ্ট কেন    - ৭৬

স্মাৰ্ট ফোন     - ৫১

ডেইজি প্লেয়াৰ   -১৭

ব্ৰেইল কিট    - ০৩

ৰোলাটৰ     -২১

হিয়েৰিং এইড      - ২২৬

এমএছআইইডি কিট - ৯৮

আৰ্টিফিচিয়েল লিম্ব আৰু কেলিপাৰছ    ১৭

 

*****

NB/SK/MoSJ&E/15.06.2020/DB



(Release ID: 1631674) Visitor Counter : 208