কয়লা মন্ত্ৰালয়

আনলিজিং ক’লঃ আত্মনিৰ্ভৰ ভাৰতৰ কাৰণে নতুন আশা

১৮ জুন, ২০২০ত বাণিজ্যিক কয়লা খননৰ অৰ্থে নিলাম আৰম্ভ কৰিব ভাৰত চৰকাৰে

Posted On: 11 JUN 2020 6:31PM by PIB Guwahati

আনলিজিং কলঃ আত্মনিৰ্ভৰ ভাৰতৰ কাৰণে নতুন আশা” (UNLEASHING COAL: NEW HOPES FOR ATMANIRBHAR BHARAT) ক থীম হিচাপে লৈ ১৮ জুন, ২০২০ ত বাণিজ্যিক কয়লা খননৰ অৰ্থে কয়লা খনিসমূহৰ নিলাম আৰম্ভ কৰিব ভাৰত চৰকাৰে। নতুন দিল্লীত ভাৰ্চুৱেল ধৰণৰে অনুষ্ঠিতব্য এই শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

 

১৮ জুনত আমি দেশত পোন-প্ৰথমবাৰৰ কাৰণে বাণিজ্যিক কয়লা নিলাম আৰম্ভ কৰিম। অনুষ্ঠানটিত সৌষ্ঠৱ বৃদ্ধি কৰিব প্ৰধানমন্ত্ৰী @NarendraModi জীয়ে। কয়লাৰ ক্ষেত্ৰত #AtmaNirbharBharat গঢ়ি তোলাৰ অৰ্থে ই হৈছে তেখেতৰ লক্ষ্য আৰু পথ নিৰ্দেশনা। মই গৌৰান্বিত যে এই লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাটোত আমিও আছো।, কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে আজি টুইটাৰযোগে এই কথা সদৰী কৰে।

 

ই এটা ঐতিহাসিক দিন হব যত সীমাবদ্ধতাৰ শিকলি ছিঙি ভাৰতীয় কয়লা খণ্ডই নতুন বিকাশৰ দিশে ধাৱমান হব।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী আৰু বলিষ্ঠ নেতৃত্বত শেহতীয়াকৈ ভাৰতে আত্ম নিৰ্ভৰ ভাৰত অভিযানৰে আলিংগন কৰাৰ পৰিপ্ৰেক্ষিতত, কয়লা খণ্ডটোত কাঠামোগত সংস্কাৰৰ জৰিয়তে কয়লা খননত দেশক আত্ম নিৰ্ভৰ ((self-reliant)) কৰি তুলিবলৈ কয়লা আৰু খনি খণ্ডটোৱে তৎপৰতা অৱলম্বন কৰিছে।

 

এই বাণিজ্যিক কয়লা খননৰ নিলাম প্ৰক্ৰিয়াটো সীমাবদ্ধ খণ্ডসমূহ, ব্যৱহাৰ আৰু মূল্যৰ পূৰ্বৰ আমোলতকৈ সম্পূৰ্ণৰূপে সুকীয়া। এতিয়া ইয়াত মুঠৰ ওপৰত এনে কোনো সীমাবদ্ধতা নাথাকিব। প্ৰস্তাৱিত নিলামৰ নিয়ম আৰু চৰ্তাৱলীৰ অধিক উদাৰতাই নতুন কোম্পানীসমূহক নিলাম প্ৰক্ৰিয়াটোত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিব, অগ্ৰিম ধনৰ পৰিমাণ হ্ৰাস, ৰয়েলিটীৰ বিপৰীতে অগ্ৰিম ধনৰ পৰিমাণৰ সমন্বয়, কয়লা খনিসমূহক সঞ্চালন কৰাৰ অৰ্থে নমনীয়তাক উৎসাহিত কৰিবলৈ উদাৰ সক্ষমতা প্ৰাচল (liberal efficiency parameters), স্বচ্ছ নিলাম প্ৰক্ৰিয়া, স্বয়ংক্ৰিয় যাতায়াতৰ অনুমতি আৰু যুক্তিসংগত বিত্তীয় চৰ্ত আৰু ৰাষ্ট্ৰীয় কয়লা সূচকাংকৰ ভিত্তিত ৰাজহ বিতৰণৰ আৰ্হিৰ জৰিয়তে 100% এফডিআইৰ পথ প্ৰশস্ত হব। সফল নিবিদাকাৰীসকলে পূৰ্বে নোপোৱা কয়লা উৎপাদনত নমনীয়তাৰ সুবিধাও লাভ কৰিব আৰু প্ৰাৰম্ভিক উৎপাদন আৰু কয়লা গেছীভবনৰ কাৰণে ইনচেনটিভৰ ব্যৱস্থাও আছে।

 

অতিৰিক্ত কয়লা উৎপাদনৰদ্বাৰা বৰ্ধিত পৰিসৰৰ কৰ্মসংস্থাপন আৰু কয়লা খণ্ডত বিনিয়োগৰ কাৰণে বৃহৎ সুযোগ প্ৰদানৰ জৰিয়তে এই কয়লা খনিৰ নিলাম প্ৰক্ৰিয়াই দেশত শক্তিৰ সুৰক্ষাৰ কাৰণে শক্তিশালী আধাৰশিলা স্থাপন কৰিব। এই প্ৰচেষ্টাই ২৩-২৪ বিত্তীয় বৰ্ষত কল ইণ্ডিয়াৰপৰা ০১ বিলিয়ন টন কয়লাৰ উৎপাদনত বৰঙণি যোগাব আৰু ঘৰুৱা থাৰ্মেল কয়লাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

****

RJ/NG/RM/SB



(Release ID: 1631247) Visitor Counter : 297