বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ সন্দৰ্ভত স্বাস্থ্য আৰু ক্ষতিশংকাপূর্ণ ক্ষেত্রত যোগাযোগ কর্মসূচী সম্পর্কীয় তথ্য সম্বলিত পুস্তিকা প্ৰকাশ ডিএছটিৰ

এই পুস্তিকাত তৃণমূল পৰ্যায়ৰ লোকসকলৰ সৈতে হোৱাৰ মত বিনিময় ভিত্তিত সঠিক তথ্য আগবঢ়োৱা হৈছে

নিৰ্দিষ্ট অঞ্চলক বিশেষভাবে চিহ্নিত কৰি তাৰ বিত্তিত বিশেষ জনসংযোগ আৰ্হিৰ উন্নয়নৰ সাধন কৰা হৈছে

Posted On: 08 JUN 2020 1:31PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীন নেচনেল কাউন্সিল ফৰ ছায়েন্স এণ্ড টেকনলজি কমিউনিকেশ্যনে শেহতীয়াভাৱে ভিড-১৯ সন্দৰ্ভত এক বছৰজোৰা বিজ্ঞান আৰু স্বাস্থ্য সংক্রান্তীয় যি কর্মসূচীৰ আৰম্ভ কৰিছে, তাৰ পৰিপ্রেক্ষিতত তথ্য সম্বলিত এখনি পুস্তিকা প্ৰকাশ কৰিছে। এই পুস্তিকাত ভিড-১৯জনিত আসংকা, সংকট, দুৰ্যোগ আৰু অনিশ্চয়তাৰ দৰে বিষয়সমূহ দূৰ কৰিবলৈ দেশত যিবোৰ বৃহ কর্মসূচী গ্ৰহণ কৰা হৈছে, তাৰ যাৱতীয় মৌলিক তথ্য লিপিবদ্ধ কৰা হৈছে৷ বৰ্তমান ভিড-১৯ সংক্রান্তত বিজ্ঞান আৰু স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত বার্ষিক সজাগতামূলক যি কর্মসূচীৰ আৰম্ভ কৰা হৈছে, তাত বিজ্ঞান আৰু স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্রৰ ওপৰ মানুহৰ সজাগতা আৰু অভিজ্ঞতা বৃদ্ধিৰ ওপৰ গুৰুত্ব আৰোপ কৰা হৈছে৷ এই ধৰণৰ কর্মসূচী গ্ৰহণৰ উদ্দেশ্য হৈছে বর্তমান আৰু ভৱিষ্য উভয় ক্ষেত্রৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ উপযুক্তভাৱে সাজু হৈ থকা৷

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শর্মাই কয়, বর্ষজোৰা এই কর্মসূচী সম্পর্কে সমাজৰ সকলো স্তৰৰ মাজত সজাগতামূলক বার্তা প্ৰচাৰ কৰাৰ বাবে ছপা, বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমসমূহক কামত লগোৱা হৈছে৷ তেওঁ লগতে কয় যে এই কর্মসূচীৰ এনেদৰে প্ৰস্তুত কৰা হৈছে, যাতে স্বাস্থ্ ক্ষেত্রত যিকোনো ধৰণৰ ক্ষতিশংসা মোকাবিলা কৰাত মানুহক আগতীয়াকৈ সজাগ কৰিবলৈ কার্যকৰী পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়৷

সমাজৰ তৃণমূল পৰ্যায়ত মত বিনিময়ৰ জৰিয়তে প্ৰকৃত তথ্য প্ৰদান কৰিবলৈ ভিড-১৯ৰ স্বাস্থ্য আৰু ক্ষতিশংকাপূর্ণ যোগাযোগ সম্পৰ্কীয় এক সুসংবদ্ধ কর্মসূচীৰ আৰম্ভ কৰা হৈছে৷ সমগ্ৰ দেশত সুপৰিকল্পিত উপায়েৰে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বাস্থ্য আৰু ক্ষতিশংকাপূর্ণ পৰিস্থিতিক পাৰস্পৰিক যোগাযোগ সংক্রান্তীয় কর্মসূচী ৰূপায়ণ কৰা হৈছে৷ সাধাৰণ জনতাৰ বাবে এই কর্মসূচীৰ বার্তা আৰু অধিক ব্যাপক হাৰত প্ৰচাৰ কৰাৰ বাবে ৰাজ্যিক ভিত্তিক বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদসমূহকো অন্তৰ্ভূক্ত কৰা হৈছে৷ দেশৰ ৬টা অঞ্চলত এই কর্মসূচী ৰূপায়ণ কৰা হৈছে৷ সেইবাবে প্ৰতিটো অঞ্চলক বিশেষভাবে চিহ্নিত কৰি জনসংযোগৰ উপযুক্ত আৰ্হি গ্ৰহণ কৰা হৈছে৷ বর্তমান ভিড-১৯ মহামাৰীজনিত পৰিস্থিতিয়ে সর্বত্ৰ উদ্বেগ আৰু ভয়াবহ পৰিৱেশ সুচনা কৰিছে। ইয়াৰ পৰিপ্রেক্ষিতত মহামাৰীজনিত পৰিস্থিতি মোকাবিলা কৰাত বিজ্ঞানসন্মত উপায়েৰে সজাগতা গঢ়ি তোলা আৰু স্বাস্থ্যজনিত দিশত সদাপ্ৰস্তুত থকাৰ দৰে বিষয়বোৰে ক্ষতিশংকা হ্ৰাস কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ আনকি, বিজ্ঞানভিত্তিক প্ৰকৃত তথ্যৰ প্ৰয়োগেৰে ক্ষতিশংকা কম কৰাৰ ক্ষেত্রত সমাজৰ সকলো স্তৰৰ লোকক যাৱতীয় পৰিস্থিতি মোকাবিলা কৰাত সক্ষম কৰি তুলিব পাৰে৷ বিভাগটোৰ দ্বাৰা প্ৰকাশিত এই পুস্তিকাত বিজ্ঞান আৰু স্বাস্থ্য সম্পর্কীয় সুসংবদ্ধ তথ্য সম্বলিত বিৱৰণ প্ৰকাশ কৰা হৈছে৷ ইয়া উদ্দেশ্য হৈছে সাধাৰণ জনতাৰ স্বাস্থ্যজনিত আশংকা কম কৰা আৰু জীৱন ৰক্ষা কৰা৷ ইয়াৰ লগতে সকলো স্তৰৰ লোকৰ মাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰ ঘটোৱা আৰু স্বাস্থ্যজনিত বিষয়ত অগ্ৰণী ধাৰণা গঢ়ি তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰা সহায় কৰিব৷ এই পুস্তিকাখনি এই www.dst.gov.in র্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব৷

 

*****

NB/KGS/(DST)/DB



(Release ID: 1630781) Visitor Counter : 157