পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
৩০ ছেপ্টেম্বৰলৈকে বৃদ্ধি যান-বাহনৰ নথি বৈধতাৰ ম্যাদ
प्रविष्टि तिथि:
09 JUN 2020 4:47PM by PIB Guwahati
কেন্দ্রীয় পথ পৰিবহন, ঘাইপথ তথা অতি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রী শ্রী নীতিন গাডকাৰী আজি জনাই যে যানবাহনৰ নথি নবীকৰণৰ ম্যাদ পুনৰ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বাবে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে এক নির্দেশনা জাৰি কৰিছে৷
ইয়াৰ পূৰ্বে মন্ত্ৰালয়ে ৩০ মার্চত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক নির্দেশনা জাৰি কৰিছিল৷ সেই নিৰ্দেশনাত বাহনৰ সকলো ধৰণৰ ফিটনেছ পাৰমিট, চালকৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন বা বাহনৰ যিকোনো নথিৰ বৈধতাৰ ম্যাদ ১ ফেব্রুৱাৰীত শেষ হ’লে বা ৩১ মে’ৰ ভিতৰত শেষ হ’বলগীয়া হ’লেও, লকডাউনৰ কাৰণে সেয়া নবীকৰণ কৰা সম্ভৱ নহ’লেও সেই বাহনৰ নথি ৩০ জুনলৈকে বৈধ হিচাপে গণ্য কৰা হ’ব৷
ক’ভিড-১৯ৰ সংক্ৰমণ ক্ৰমে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত তথা বিভিন্ন জনৰ অনুৰোধৰ ভিত্তিত গাডকাৰীয়ে বাহনৰ নথিপত্রৰ বৈধতাৰ ম্যাদ ৩০ ছেপ্টেম্বৰলৈকে বৃদ্ধি বাবে মন্ত্ৰালয়ক নির্দেশ দিছে৷ ইফালে, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে যান-বাহন আইন, ১৯৮৮ৰ অধীনত পাৰ্মিট, নবীকৰণ মাছুল আৰু কৰ, জৰিমনাৰ ক্ষেত্ৰততো ৰেহাই প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ কোৱা হৈছে৷
***
RCJ/MS/DB
(रिलीज़ आईडी: 1630636)
आगंतुक पटल : 284
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam