কৃষি মন্ত্ৰালয়

২০২০-২১ বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনাৰ অন্তৰ্গত ‘প্ৰতি টোপাল, অধিক ফচল’(পিএমকেএছৱাই-পিডিএমচি)ৰ অধীনত ৰাজ্য চৰকাৰসমূহক বাৰ্ষিকভিত্তিত ৪,০০০ কোটি টকা আৱণ্টনঃ একাংশ ৰাজ্যত পূঁজি যোগান প্ৰক্ৰিয়া আগৰে পৰা চলি আছে

Posted On: 10 JUN 2020 12:28PM by PIB Guwahati

কৃষি, সহযোগিতা আৰু কৃষক কল্যান বিভাগেপ্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনা অন্তৰ্গতপ্ৰতি টোপালত অধিক ফচল’ (পিএমকেএছৱাই-পিডিএমচি) আঁচনি ৰূপায়ণ কৰিছে৷ পিএমকেএছৱাই-পিডিএমচিৰ অধীনত ক্ষুদ্ৰ সিঞ্চায় ঔদ্যোগীকৰণ তথা ড্ৰীপ আৰু স্প্ৰিংকলাৰ জলসিঞ্চন পদ্ধতিৰ জৰিয়তে খেতি পথাৰত পানী ব্যৱহাৰৰ ক্ষমতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে৷৷ ড্ৰিপ ক্ষুদ্ৰ জলসিঞ্চন কৌশলৰ জৰিয়তে কেৱল যে পানী ৰাহি কৰিব পাৰি এনে নহয়, বৰঞ্চ সাৰৰ ব্যৱহাৰ, শ্ৰম আৰু অন্যান্য কেঁচা মালৰ ব্যয়ো হ্ৰাস কৰাত সহায় হয়৷

চলিত বৰ্ষৰ বাবে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহক ৪,০০০ কোটি টকা ইতিমধ্যে আৱণ্টন দিছে৷ ৰাজ্য চৰকাৰসমূহে এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হিতাধিকাৰীক চিনাক্ত কৰিছে৷ ২০২০-২১ বৰ্ষৰ বাবে একাংশ ৰাজ্যৰ পূঁজি মুকলি কৰাৰ প্ৰক্ৰিয়া আগৰে চলি আছে৷

তদুপৰি, নাবাৰ্ডৰ সৈতে মিলি ৫,০০০ কোটি টকাৰ ক্ষুদ্ৰ সিঞ্চন কোষ গঠন কৰা হৈছে৷ এই কোষৰ উদ্দেশ্য হৈছে ৰাজ্যসমূহক বিশেষ সিঞ্চন তথা অভিনৱ পৰিকল্পনাৰ জৰিয়তে ক্ষুদ্ৰ জলসিঞ্চনেৰে ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে আৱশ্যক সংসাধন সংগ্ৰহৰ সুবিধা প্ৰদান কৰা৷ কৃষকসকলক ক্ষুদ্ৰ জলসিঞ্চন পদ্ধতি স্থাপন কৰাৰ বাবে উসাহ যোগোৱালৈ পিএমকেএছৱাই-পিডিএমচিৰ অধীনত উপলব্ধ বৱস্থাৱলীৰ জৰিয়তে ক্ষুদ্ৰ জলসিঞ্চনৰ প্ৰতি উসাহিত কৰাটোও ইয়াৰ আন এক উদ্দেশ্য৷ বৰ্তমানলৈকে নাবাৰ্ডৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুক ক্ষুদ্ৰ জলসিঞ্চনৰ কোষ পৰা ক্ৰমে ৬১৬.১৪ আৰু ৪৭৮.৭৯ কোটি টকাকৈ প্ৰদান কৰা হৈছে৷ এই আঁচনিৰ অধীনত অন্ধ্ৰপ্ৰদেশত ১.০২১ লাখ হেক্টৰ আৰু তামিলনাডুত ১.৭৬ লাখ হেক্টৰ ভূমি সামৰি লোৱা হৈছে৷

বিগত পাঁচ বছৰত (২০১৫-১৬ৰ পৰা ২০১৯-২০লৈকে) পিএমকেএছৱাই-পিডিএমচিৰ অধীনত ৪৬.৯৬ লাখ হেক্টৰ ভূমি ক্ষুদ্ৰ জলসিঞ্চনৰ জৰিয়তে সামৰি লোৱা হৈছে৷

****

APS/SG/DB



(Release ID: 1630634) Visitor Counter : 207