স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ক’ভিড-১৯ৰ শেহতীয়া তথ্য
                    
                    
                        ক’ভিড-১৯ৰ সংক্ৰমণ অত্যধিক হাৰত বৃদ্ধি পোৱা দেশৰ ৫০ৰো অধিক পৌৰ নিগমত কেন্দ্ৰীয় দল নিয়োজিত 
                    
                
                
                    Posted On:
                09 JUN 2020 1:51PM by PIB Guwahati
                
                
                
                
                
                
                কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ৰ সংক্ৰমণ অত্যধিক হাৰত বৃদ্ধি পোৱা দেশৰ ১৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০ খনৰো অধিক জিলা/পৌৰ নিগমত উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় দল নিয়োজিত কৰিছে। এই দলে ৰাজ্য চৰকাৰক ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কাৰিকৰী সহযোগিতা আগবঢ়াব।  এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ’লঃ মহাৰাষ্ট্ৰ(৭জিলা/পৌৰ নিগম), তেলেংগনা(৪), তামিলনাডু(৭),ৰাজস্থান(৫), অসম(৬), হাৰিয়ানা(৪), গুজৰাট(৩),কৰ্ণাটক(৪), উত্তৰাখণ্ড(৩), মধ্য প্ৰদেশ (৫), পশ্চিম বংগ(৩), দিল্লী(৩), বিহাৰ(৪) , উত্তৰ প্ৰদেশ(৪) আৰু ওড়িশা(৫)।
প্ৰশাসনিক সহযোগিতা আৰু উন্নত প্ৰশাসনৰ বাবে তিনিজনীয়া দলটোত আছে দুগৰাকী চৰকাৰী স্বাস্থ্য বিশেষজ্ঞ/মহামাৰী বিশেষজ্ঞ/চিকিৎসক আৰু এগৰাকী জেষ্ঠ যুটীয়া সচিব পৰ্যায়ৰ ন’ডেল বিষয়া। ৰাজ্যৰ স্বাস্থ্য বিভাগক সহায় কৰিবলৈ এই দলসমূহে ক্ষেত্ৰস্থল পৰিদৰ্শন কৰিব আৰু স্বাস্থ্য সেৱা সুবিধাৰ বুজ ল’ব।  
উন্নত সমন্বয়, ক্ষেত্ৰস্থলত দ্ৰুত ব্যৱস্থা গ্ৰহণ, অধিক সুক্ষ্ম কৌশল গ্ৰহণ আদি নিশ্চিত কৰিবলৈ এই জিলা/পৌৰ নিগমসমূহে ইতিমধ্যে ৰাজ্য চৰকাৰক সহযোগ কৰি থকা কেন্দ্ৰীয় দলটোৰ সৈতে নিয়মীয়াকৈ সম্পৰ্ক ৰক্ষা কৰিব লাগিব। এইধৰণৰ নিয়মীয়া সম্পৰ্কই ক্ষেত্ৰস্থলত নিৰীক্ষণ, ৰোগ  প্ৰতিৰোধ, টেষ্টিং আৰু চিকিৎসা সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়াক অধিক সৱল কৰিব। 
যোৱা দুমাহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে সন্মুখীন হৈ থকা টেষ্টিং প্ৰত্যাহ্বান, জনসংখ্যাৰ তুলনাত কমসংখ্যক টেষ্টিং, উচ্চ কনফাৰমেচন ৰেট, উচ্চ টেষ্টিং কনফাৰমেচন ৰেট, আন্তঃগাথনিৰ অভাৱ, বিচনাৰ অভাৱ, বৰ্ধিত মৃত্যুৰ হাৰ, ৰোগীৰ সংখ্যা দুগুণ হোৱাৰ গতি বৃদ্ধি আদিৰ দৰে সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় দলসমূহে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সহযোগ কৰিব। 
বহুসংখ্যক জিলা আৰু পৌৰ নিগমে ইতিমধ্যে কেন্দ্ৰীয় দলৰ সৈতে নিয়মীয়া সমন্বয় ৰক্ষাৰ বাবে জিলা পৰ্যায়ৰ চিকিৎসা বিষয়া আৰু প্ৰশাসনিক বিষয়াক লৈ এক সক্ৰিয় দল গঠন কৰিছে। 
****
MV/SG/MS
                
                
                
                
                
                (Release ID: 1630541)
                Visitor Counter : 307
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam