প্ৰতিৰক্ষা মন্ত্ৰালয়
ইৰাণৰ পৰা ভাৰতীয় নাগৰিকসকলক ঘূৰাই আনিবলৈ ভাৰতীয় নৌসেনাৰ-‘সমুদ্ৰ সেতু’ অভিযান আৰম্ভ
Posted On:
08 JUN 2020 10:10AM by PIB Guwahati
ভাৰতীয় নৌসেনাই ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ বাবে ৮ মে’, ২০২০ত সমুদ্ৰ সেতু অভিযানৰ শূভাৰম্ভ কৰে৷ ভাৰতীয় নৌসেনাৰ জাহাজ জলসা আৰু মগৰে ইতিমধ্যে মালদ্বীপ আৰু শ্ৰীলংকাৰ পৰা কোচি আৰু টুটিকৰিন বন্দৰলৈ ২,৮৭৪গৰাকী ব্যক্তিক ঘূৰাই আনিছে৷
‘সমুদ্ৰ সেতু’ অভিযানৰ পৰৱর্তী পর্যায়ত ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ‘ছার্দুলে’ ৮ জুনত ইৰানৰ বান্দৰ আব্বাছ বন্দৰৰ পৰা গুজৰাটৰ পোৰবন্দৰলৈ ভাৰতীয় নাগৰিকক ঘূৰাই অনাৰ প্ৰক্রিয়া আৰম্ভ কৰিছে। ইৰানত ভাৰতীয় মিচনৰ অধীনত প্ৰস্তুত কৰা তালিকা অনুসৰি তেওঁলোকক ঘুৰাই অনা হৈছে৷ তেওঁলোকক ঘূৰাই অনাৰ পূৰ্বে প্ৰতিগকাৰী ভাৰতীয় নাগৰিকৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব৷
ঘূৰাই অনাৰ সময়ত ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ‘ছার্দুল’ত প্ৰতিগৰাকী যাত্রীৰ সামাজিক দূৰত্ব বিধি মানি চলা হ’ব৷ জাহাজত চিকিৎসাকর্মী, চিকিৎসক, স্বাস্থ্যকর্মী, ঔষধ, খাদ্য, মাস্ক আৰু ব্যক্তিগত সুৰক্ষা সঁজুলি যথাযথভাৱে ব্যৱস্থা কৰা হৈছে।
ঘূৰি অহা প্ৰতিগৰাকী যাত্রীক পোৰবন্দৰত পুনৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব৷ তেওঁলোকৰ বাবে বিশেষ আইছ’লেচনৰ ব্যৱস্থাও কৰা হৈছে। ক’ভিড-১৯ সমস্যা মোকাবিলা কৰাৰ ক্ষেত্ৰত সকলো যাত্রীৰ বাবে নিয়ম সম্পূৰ্ণৰূপে মানি চলা হ’ব৷
পোৰবন্দৰত উপস্থিত হোৱাৰ পাছত যাত্রীসকলৰ দায়িত্ব সংশ্লিষ্ট ৰাজ্য চৰকাৰক অৰ্পণ কৰা হ’ব৷
*******
VM/ MS/DB
(Release ID: 1630358)
Visitor Counter : 189
Read this release in:
Hindi
,
English
,
Urdu
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam