স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

সামূহিক প্ৰয়াসৰ জৰিয়তে সন্মুখলৈ ধাৱমান

Posted On: 07 JUN 2020 5:46PM by PIB Guwahati

একাংশ সংবাদ মাধ্যমে কোনো ধৰণৰ প্ৰযুক্তিগত জ্ঞানৰ অবিহনে ক’ভিড-১৯ৰ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ দ্বাৰা চৰকাৰ অগ্ৰসৰ হৈছে বুলি চিন্তা ব্যক্ত কৰিছে৷  এই আশংকা ভিত্তিহীন৷ চৰকাৰে ক’ভিড-১৯ মহামাৰীৰ সৈতে যুঁজিবলৈ প্ৰযুক্তিগত আৰু ৰণনীতিসংক্ৰান্তীয় তথ্য, বৈজ্ঞানিক চিন্তাধাৰা আৰু কৰ্মবিশিষ্ট পথ প্ৰদৰ্শনৰ বাবে বিশেষজ্ঞসকলৰ পৰা নিৰন্তৰে পৰামৰ্শ গ্ৰহণ কৰি আছে৷ ক’ভিড-১৯ৰ বাবে এক ৰাষ্ট্ৰীয় কাৰ্য শক্তিৰ গঠন সচিব ডিএছআৰ আৰু ডিজি-আইচিএমআৰৰ দ্বাৰা অধ্যক্ষৰ ৰূপত নিটি আয়োগ সদস্য (স্বাস্থ্য) আৰু সচিব (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) তথা সচিব (ডিএছআৰ)সহিতে অধ্যক্ষৰ ৰূপত কৰা হৈছে৷ এনটিএফত চৰকাৰ আৰু চৰকাৰৰ বাহিৰৰ প্ৰযুক্তিগত/ক্ষেত্ৰ বিশেষজ্ঞসহিতে ২১ সদস্য অন্তৰ্ভুক্ত কৰা হৈছে৷ কাৰ্য শক্তিৰ মুখ্য বিশেষজ্ঞতা হ’ল সাৰ্বজনিক স্বাস্থ্য আৰু/অথবা মহামাৰী বিজ্ঞান৷ ক’ভিড-১৯ মহামাৰীৰ জটিলতা আৰু নিহিতাৰ্থ পৰিলক্ষিত কৰি এই গোটত ঔষধ, ভাইৰ’ল’জী, ফাৰ্মাক’ল’জী আৰু কাৰ্যক্ৰম প্ৰণয়ন ক্ষেত্ৰৰ বিশেষজ্ঞ অন্তৰ্ভুক্ত কৰা হৈছে৷

ইয়াৰোপৰি কাৰ্য শক্তিয়ে চাৰিটা বিশেষজ্ঞ গোট গঠন কৰিছে৷ বিশেষজ্ঞ গোটত সম্পূৰ্ণ ধৰণে মহামাৰী আৰু নিৰীক্ষণ (১৩ সদস্য) আৰু সঞ্চালন অনুসন্ধান (১৫ সদস্য)ৰ চৰকাৰী আৰু বেচৰকাৰী ক্ষেত্ৰৰ সাৰ্বজনিক স্বাস্থ্য আৰু মহামাৰী বিশেষজ্ঞ অন্তৰ্ভুক্ত কৰা হৈছে৷

কাৰ্য শক্তিৰ ২০ খন বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু তেওঁলোকে ব্যৱস্থিত ধৰণে মহামাৰীৰ সৈতে মোকাবিলা কৰাত বৈজ্ঞানিক আৰু প্ৰযুক্তিগত যোগদান আগবঢ়াইছে৷ অন্য যোগদান কৰ্তাত কাৰ্য শক্তিয়ে অনুসন্ধান, নিয়ন্ত্ৰণ, চিকিৎসা আৰু নিৰীক্ষণৰ দিশত দিশ-নিৰ্দেশনা জাৰি কৰিছে৷ এনটিএফৰ উপৰিও স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বিশেষজ্ঞৰ এক গোট গঠন কৰিছে য’ত সদস্যৰ ৰূপক সাৰ্বজনিক স্বাস্থ্য বিশেষজ্ঞ অন্তৰ্ভুক্ত আছে৷

একাংশ সংবাদ মাধ্যমে মহামাৰীৰ বিষয়ত ভাৰতৰ দৃষ্টিকোণ সম্বন্ধীয় নিৰ্ণয়ো গ্ৰহণ কৰিছে৷ লকডাউনৰ ওপৰত সিদ্ধান্ত ক’ভিড-১৯ৰ দ্ৰুত গতিত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হৈছিল৷  ৰাষ্ট্ৰৰ সন্মুখত যিমান দ্ৰুত গতিত পৰিস্থিতি পৰিৱৰ্তিত হয় তাৰ সৈতে গতি বৰ্তাই ৰখাৰ বাবে নীতি আৰু ৰণনীতি অনুসন্ধান কৰাটো আৱশ্যক হৈ পৰে৷ এই ভাইৰাছ হ’ল এক নতুন এজেণ্ট, এই পৰ্যন্ত ইয়াৰ বিষয়ে একো জানিব পৰা হোৱা নাই৷ চৰকাৰে নতুন নতুন তথ্য আৰু অভিজ্ঞতাৰ ভিত্তিত ৰণনীতি প্ৰস্তুত কৰি আছে৷

যিদৰে ৰাজহুৱা স্বাস্থ্যত মহামাৰীৰ বিভিন্ন পৰ্যায়ত ভিন্ন ভিন্ন প্ৰতিক্ৰিয়াৰ বিষয়ে ভালদৰে জনা যায়৷ বিশ্ব স্বাস্থ্য সংস্থা আৰু গোলকীয় স্বাস্থ্য সম্প্ৰদায়ে ক’ভিড-১৯ৰ বাবে ভাৰতৰ সক্ৰিয় আৰু প্ৰাথমিক দৃষ্টিকোণৰ প্ৰশংসা কৰিছে৷ সকলো ৰাজ্য চৰকাৰে লকডাউনলৈ সমৰ্থন প্ৰদান কৰিছে৷

চৰকাৰে পূৰ্বতেই লকডাউনৰ প্ৰভাৱ আৰু লক্ষাধিক সংক্ৰমণ তথা সহস্ৰাধিক মৃত্যু ৰোধ কৰাৰ বাবে অন্যান্য বাধাসমূহৰ প্ৰভাৱৰ সৈতে স্বাস্থ্য প্ৰণালী আৰু জনসাধাৰণৰ প্ৰস্তুতিৰ বিভিন্ন লাভৰ বিষয়ে তথ্য প্ৰচাৰ কৰিছিল৷ ব্ৰিটেইন, ইটালী, স্পেইন আৰু জাৰ্মানীৰ দৰে দেশৰ তুলনাত ভাৰতত ১৭.২৩ টা ঘটনা/লাখ আবাদী আৰু ০.৪৯ মৃত্যু/লাখ আবাদী (বিশ্ব স্বাস্থ্য সংস্থাৰ স্থিতি অনুসৰি ৬ জুন ২০২০ তাৰিখ পৰ্যন্ত)সবাতোকৈ কম পৰিঘটনা প্ৰতিবেদিত হৈছে৷

ক’ভিড-১৯ৰ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে বিভিন্ন নীতিগত নিৰ্ণয়, হস্তক্ষেপ আৰু ৰণনীতিসমূহ ৰাজহুৱা কৰা হৈছে আৰু ইয়াৰ প্ৰভাৱ বিভিন্ন সংবাদ মাধ্যমৰ প্লেটফ’ৰ্ম, নিয়মিত সংবাদ বিজ্ঞপ্তি, বিভিন্ন মন্ত্ৰালয়/বিভাগৰ দৈনিক প্ৰেছ বিজ্ঞপ্তি, বৈদ্যুতিন আৰু ছ’চিয়েল মিডিয়াত পেনেল চৰ্চাৰ মাধ্যমেৰে জনসাধাৰণৰ মাজত বিনিময় কৰা হৈছে৷

*****

MV/MANN



(Release ID: 1630151) Visitor Counter : 190