পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

নগৰৰ অৰণ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব পৰিৱেশ দিৱসৰ ভাৰ্চুৱেল উদযাপন

Posted On: 04 JUN 2020 5:15PM by PIB Guwahati

প্ৰতি বছৰৰ ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়৷ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ইউএনইপিৰ দ্বাৰা ঘোষণা কৰা বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে৷ এই বছৰৰ বিষয়বস্তু হৈছে ‘জৈৱ বৈচিত্ৰ’৷ বৰ্তমান ক’ভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তুৰ অংশ হিচাপে ভাৰ্চুৱেল ব্যৱস্থাৰে উদযাপনৰ সিদ্ধান্ত লৈ ‘নগৰ বন’ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ এই উপলক্ষে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷ ৫ জুনৰ পুৱা ৯ বজাৰ পৰা এই অনুষ্ঠান https://www.youtube.com/watch?v=IzMQuhmheoo লিংকত পোনপটীয়াকৈ চাব পাৰিব৷

 ভূমিৰ পৰিমাণ কম হোৱাৰ বিপৰীতে অধিক মানৱ আৰু পশুধনেৰে ভৰা ভাৰতত জৈৱ বৈচিত্ৰ প্ৰায় ৮শতাংশ বিভিন্ন জীৱজন্তু আৰু উদ্ভিদৰ লগতে বিশ্বৰ ৩৫ জৈৱ বৈচিত্ৰ হটস্পটৰ ৪টাই ভাৰতত অৱস্থিত, য’ত বিভিন্ন স্থানীয় প্ৰজাতিৰ পশু-পক্ষী, উদ্ভিদ পোৱা যায়৷ দুৰ্গম অঞ্চলত জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰাটো পৰম্পৰা যদিও বৰ্ধিত নগৰাঞ্চলৰ পৰিমাণে ইয়াৰ সুৰক্ষাৰ বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰিছে৷ সকলো চহৰ অঞ্চলত বাগিছা থাকিলেও অৰণ্য নথকাৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২০০ নিগম আৰু চহৰত নগৰ অৰণ্য সৃষ্টিৰ বাবে এক আঁচনি পুনৰ শুভাৰম্ভ কৰে৷

অনুষ্ঠানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যিক মন্ত্ৰী বাবুল সুপ্ৰিঅ’, মহাৰাষ্ট্ৰ চৰকাৰৰ বন মন্ত্ৰী সঞ্জয় ৰাথে, পৰিৱেশ মন্ত্ৰালয় নতুন সচিব আৰ. পি. গুপ্তা, পৰিৱেশ মন্ত্ৰালয়ৰ বন বিভাগ সঞ্চালক প্ৰধান আৰু বিশেষ সচিব সঞ্জয় কুমাৰ, ইউএনচিচিডিৰ কাৰ্যবাহী সঞ্চালক ইব্ৰাহিম থাইৱান্দ, ইউএনইপিৰ কাৰ্যবাহী সঞ্চালক ইংগাৰ এণ্ডাৰ এণ্ডাৰছেনে অংশগ্ৰহণ কৰিব৷ বিশিষ্ট অতিথিসকলে https://www.youtube.com/watch?v=IzMQuhmheoo লিংক যোগে অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷

 

***

GK/DB



(Release ID: 1629448) Visitor Counter : 332