কেবিনেট
আয়ুষ মন্ত্ৰালয়ৰ অধীনত অধীনস্থ কাৰ্যালয় হিচাপে ভাৰতীয় মেডিচিন আৰু হোমিঅ’পেথী (পিচিআইএমএণ্ডএইচ)ৰ বাবে ফাৰ্মাক’পীয়া আয়োগ গঠনত অনুমোদন জনালে কেবিনেটে
प्रविष्टि तिथि:
03 JUN 2020 5:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আয়ুষ মন্ত্ৰালয়ৰ অধীনত অধীনস্থ কাৰ্যালয় হিচাপে ভাৰতীয় মেডিচিন আৰু হোমিঅ’পেথী (পিচিআইএমএণ্ডএইচ)ৰ বাবে ফাৰ্মাক’পীয়া আয়োগ পুনঃ স্থাপনত অনুমোদন জনালে৷
বৰ্তমানে ভাৰতীয় মেডিচিন এণ্ড হোমিঅ’পেথীৰ বাবে ফাৰ্মাক’পীয়া আয়োগে আয়ুষ মন্ত্ৰালয়ৰ অধীনত ২০১০ চনৰ পৰাই স্বায়ত্বশাসিত সংস্থা হিচাপে কাম কৰি আছে৷ এই একত্ৰিকৰণৰ দ্বাৰা তিনিওটা সংস্থাৰ আন্তঃগাঁথনিমুলক সুবিধা, প্ৰযুক্তিগত কৰ্মশক্তি, আৰু বিত্তীয় সম্পদৰ ব্যৱহাৰেৰে গুণগত মানৰ নিয়ন্ত্ৰণৰ দিশত আয়ুৰ্বেদ, সিদ্ধ, উনানি আৰু হোমিওপেথি ঔষধৰ উন্নত ফল লাভ কৰিব পৰা যাব।এই একত্ৰীকৰণৰ দ্বাৰা আয়ুষ ঔষধৰ সংযোজক বিকশিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ এই সন্দৰ্ভত স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান, ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল আৰু আয়ুৰ্বেদ, সিদ্ধ আৰু ইউনানী ড্ৰাগছ টেকনিকেল এডভাইজৰী ব’ৰ্ডৰ সৈতে আলোচনাও কৰা হৈছে৷
অধীনস্থ কাৰ্যালয় হিচাপে পিএলআইএম আৰু এইচপিএল তথা স্বয়িত্বশাসিত সংস্থা পিচিআইএমএণ্ডএইচক আয়ুষ মন্ত্ৰালয়ৰ অধীনত পিচিআইএমএণ্ডএইচ গঠন কৰাৰ বাবে একত্ৰীকৰণ হ’ব আৰু ইয়াৰ প্ৰশাসনিক নিয়ন্ত্ৰণ এক হ’ব।
একত্ৰীকৰণৰ পিছত পিচিআইএমএণ্ডএইচক মন্ত্ৰালয়ৰ অধীনত পৰ্যাপ্ত পৰিমাণে প্ৰশাসনিক আন্তঃগাঁথনি প্ৰদান কৰা হ’ব৷
******
(रिलीज़ आईडी: 1629124)
आगंतुक पटल : 235
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam